AJB Class 8 Social Science Chapter 11 Answer প্ৰাকৃতিক সম্পদ আৰু অসম

পাঠ ১১

প্ৰাকৃতিক সম্পদ আৰু অসম

অনুশীলনী

1. একোটিকৈ বাক্যত উত্তৰ দিয়াঁ।

a. কৃষ্ণ ঘোঁৰা অসমৰ কোনখন অভয়াৰণ্যত আছে?

উত্তৰঃ ডিব্ৰু–ছৈখোৱা অভয়াৰণ্যত।

b. অসমৰ চতুৰ্থটো তেল শোধনাগাৰ ক’ত আছে?

উত্তৰঃ নুমলীগড়ত।

c. অসমৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ প্ৰকল্পটো ক’ত প্ৰতিষ্ঠা কৰা হৈছে?

উত্তৰঃ ডিব্ৰুগড় লেপেটকাত।

d. নামৰূপ সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি?

উত্তৰঃ প্ৰাকৃতিক গেছ।

2. চমুটোকা লিখাঁ।

a. বনজ সম্পদ 

উত্তৰঃ প্ৰাকৃতিক সম্পদ হিচাপে বনজ সম্পদ গুৰুত্ব অপৰিসীম। সেয়েহে দেশৰ অৰ্থনীতিত বনজ সম্পদে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ অসমৰ বনজ সম্পদে ভাৰতত অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলোৱা দেখা যায়।

অসমৰ ঘন বনাঞ্চল আৰু বৰ্ষাৰণ্য অঞ্চল প্ৰাকৃতিক সম্পদ বিশেষকৈ বনজ সম্পদ পৰিপূৰ্ণ। এই বনাঞ্চলত নাহৰ,হলং,হলখ, শাল, শিশু, চেগুন, তিতাচাপ,অগৰু,অৰ্জুন,কৰৈ, ভোমোৰা,খকন আদি বহু মূল্যবান গছ,বাঁহ-বেত,ইকৰা নল খাগৰি আদিৰে পৰিপূৰ্ণ দেখা যায়।

তদুপৰি অসমত ঘন বনাঞ্চলত মূল্যবান বহুতো জীৱ জন্তু যেনে- গড়, বাঘ, হাতী, হৰিণ আৰু অলেখ প্ৰজাতিৰ পক্ষীকুল যেনে, দেওহাঁহ, ধনেশ,কুলি,কেতেকী, মইনা চৰাই ভাটৌ,ম’ৰা চৰাই আদি অগণন পক্ষী পোৱা যায়।

৬। চমুটোকা লিখা।

b. অসমৰ জলজ সম্পদ 

উত্তৰঃ জলজ সম্পদৰ ক্ষেত্ৰতো অসম অতিকৈ চহকী, যিহেতু অসমৰ মদ,নদী,খাল,বিল,পুখুৰী হ্ৰদ আদিত অলেখ মাছ,কাছ, ঘৰীয়াল, শিশু আদি পোৱা যায়। স্থানীয় এই মাছ পুঠিবোৰে অসমৰ মানুহৰ মাছৰ অভাৱত পূৰণত যথেষ্ট অৱদান যোগায়।

তদুপৰি অসমৰ পাহাৰীয়া খৰস্ৰোতা নদী আৰু নিজৰাত বান্ধদি বিদ্যুৎ উৎপাদন কৰাৰো ব্যৱস্থা কৰা হৈছে। কিছুমান দ’নদীত নাওঁ জাহাজ আদিৰে পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হৈছে।

মুঠতে অসম আৰু ভাৰতৰ অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ জলজ সম্পদে উল্লেখযোগ্য অৱদান যোগাইছে।

c. অসমৰ খাৰুৱা তেল 

উত্তৰঃ অসমৰ খাৰুৱা তেলৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতৰ ভিতৰতে আগৰণুৱা যিহেতু অসমৰ উজনি অংশৰ ভালেমান ঠাইত খাৰুৱা তেলৰ সম্ভেদ পোৱা গৈছে আৰু অসমত এতিয়ালৈ খাৰুৱা তেলৰ আধাৰত চাৰিটাকৈ তেল শোধনাগৰ গঢ়ি উঠিছে। ভাৰতৰ ভিতৰতে প্ৰথম খাৰুৱা তেলৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল ডিগবৈত। ইয়াৰ পিছত খাৰুৱা তেলৰ অধিক সম্ভেদ আৰু উদ্ঘাটন হোৱাত আন তিনিটা শোধনাগাৰ ক্ৰমে গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড়ত প্ৰতিষ্ঠিত হয়। অসমৰ খাৰুৱা তেলৰ পৰা পেট্ৰল, ডিজেল, কেৰাচিন আদি ইন্ধন আৰু মম,নেপথা আৰু ভেছলিন জাতীয় সামগ্ৰী উৎপাদন কৰা হৈছে।

d. বনজ সম্পদৰ বিত্তিত গঢ়ি উঠা অসমৰ উদ্যাগ 

উত্তৰঃ অসম উদ্যোগৰ ক্ষেত্ৰত বহু আগবঢ়া নহয় যদিও ইয়াত সৰু বৰ দুই এটা উদ্যোগ গঢ়ি নুঠাও নহয়। অৱশ্যে ইয়াৰ বেছিভাগ উদ্যোগেই  অসমৰ চহকী বনজ সম্পদৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠিছে। এনে বনজ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগৰ ভিতৰত ধুবুৰীৰ জুইশলা উদ্যোগ, বিভিন্ন ঠাইত গঢ়ি উঠা ভালেমান প্লাইউড ফেক্টৰী আৰু জাগীৰোড আৰু শিলচৰত গঢ়ি উঠা কাগজ কেলেই প্ৰধান।

বাঁহ বেতৰ সমগ্ৰীৰে অলেখ ধুনীয়া ধুনীয়া আচবাব পত্ৰ,চকী,মেজ,চোফা,

আদি চকুত লগা, সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিও বহুত বিদেশীমুদ্ৰাও অৰ্জন কৰিবলৈ সক্ষম অর্জন কৰিবলৈ সক্ষম হোৱা গৈছে।

3. উত্তৰ লিখাঁ।

a. অসমৰ খনিজ সম্পদৰ বিষয়ে এটা চমু বিৱৰণ লিখাঁ।

উত্তৰঃ খনিজ সম্পদৰ ভিতৰত কয়লা, খাৰুৱা তেল, চুনশিল,প্ৰাকৃতিক গেছ এই কেইবিধ অসমৰ ভূ গৰ্ভত পোৱা যায়। গোটেই কেইবিধ খনিজ সম্পদেই অসমৰ পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। আৰু এইবোৰ বহু গৰ্ভত স্থিত সম্পদৰ ওপৰত ভিত্তি কৰি অসমত কিছুমান উদ্যোগ গঢ়ি উঠা দেখা যায়। যেনে কয়লা উদ্যোগ অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, নাগিনিমৰা, জয়পুৰ কাৰ্বিআংলঙৰ কিছুমান অঞ্চলত গঢ়ি উঠিছে। সেইদৰে উজনি অসমৰ ভালেমান অঞ্চলত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছে যাৰ ওপৰত ভিত্তি কৰি অসমত চাৰিটা তেল শোধনাগাৰ চলি থাকিব পাৰিছে।

অসমত পোৱা পৰ্য্যাপ্ত পৰিমাণৰ চূণ-শিলৰ পৰা অসমৰ  বিভিন্ন ঠাইত চিমেণ্টৰ উদ্যোগ গঢ়ি উঠিব পাৰিছে। তদুপৰি প্ৰাকৃতিক গেছ ভূ-গৰ্ভৰ পৰা আহৰণ কৰি অসমৰ ডিব্ৰুগড়ৰ লেপেটকাটাত এটা গেছ ক্রেকাৰ উদ্যোগ গঢ়ি উঠিছে।

b. অসমত প্ৰবাহিত প্ৰধান বতাহবিধৰ নাম কি? অসমৰ প্ৰাকৃতিক অঞ্চলৰ ভাগকেইটাৰ নাম লিখাঁ।

উত্তৰঃ অসমত প্ৰবাহিত দক্ষিণ পশ্চিম মৌচুমী বায়ু হ’ল এই অঞ্চলৰ প্ৰধান বায়ু। এই মৌচুমী বায়ুৰ ফলত অসমত যথেষ্ট বৰষুণ হোৱা দেখা যায়। ইয়াৰ ফলত অসমৰ বননি অঞ্চল যথেষ্ট হাবি বননি আৰু ডাঠ জংঘলৰে পৰিপূৰ্ণ।

প্রধান প্ৰাকৃতিক অঞ্চলবোৰ হ’ল ―

(১) উত্তৰৰ পাহাৰীয়া অঞ্চল।

(২) মাজৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চল।

(৩)দক্ষিণ অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ ( ডিমা হাছাং) পাৰ্ব্বত্য মালভূমি অঞ্চল।আৰু

(৪) কাছাৰৰ বৰাক উপত্যকাৰ সমভূমি অঞ্চল।

c. প্ৰাকৃতিক সম্পদৰ অৰ্থনৈতিক গুৰুত্ব আলোচনা কৰাঁ।

উত্তৰঃ এখন দেশৰ উন্নয়ন ঘাইকৈ নিৰ্ভৰ কৰে সেইদেশখনত থকা প্রাকৃতিক সম্পদৰ ওপৰত আৰু সেইবোৰ আহৰণ কৰাৰ ওপৰত। যদি দেশত প্ৰাকৃতিক সম্পদ নাথাকে অথবা থকা স্বত্বেও সেইবোৰ পূৰ্ণ মাত্ৰাত আহৰণ কৰা নহয় তেনেহলে সেই দেশৰ অৰ্থনৈতিক উন্নয়ন লেহেম হোৱা দেখা যায়। ইয়াৰ পৰা উপলব্ধি কৰিব পাৰি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এখন দেশৰ প্ৰাকৃতিক সম্পদ কিমান গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে কয়লা, খাৰুৱা তেল, চূনশিল, লো, বকসাইট্,মেঙ্গানিজ আদি যিবোৰ প্ৰাকৃতিক সম্পদ সাধাৰণতে দেখিবলৈ পোৱা যায় সেইবোৰৰ ওপৰত ভিত্তি কৰিয়েই কল-কাৰখানা, শিল্প-উদ্যোগ আদি যন্ত্ৰ-পাতি আৰু অনেক বস্তু নিৰ্মান কৰা হয়। আমি দেখিবলৈ পাওঁ পৃথিৱীৰ যিবোৰ দেশত পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক সম্পদ আহৰণ কৰা হৈছে সেইবোৰ দেশৰ অৰ্থনৈতিক উন্নয়ন অতি খৰতকীয়া আৰু ব্যাপক হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু ইউৰোপৰ দেশ সমূহ সেয়েহে অৰ্থনৈতিক ভাৱে যথেষ্ট উন্নত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top