SCERT Class 6 Social Science Chapter 5 Answer |

ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ

(১) তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ।

(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?

উত্তৰঃ দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।

(খ) প্রধান দিশ চাৰিটা কি কি?

উত্তৰঃ পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণ।

(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?

উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতৰ লগত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনী বোলে।

(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্র কিদৰে বেছি সুবিধাজনক?

উত্তৰঃ কাৰণ গোলকত গোটেই পৃথিৱীখন দেখা পোৱা যায় কিন্তু ঠাইখনৰ নাম লিখা হৈ নাথাকে। আনহাতে মানচিত্ৰত একোখন ঠাইৰ নাম, অনুষ্ঠান, প্ৰতিষ্ঠান আদি লিখা হৈ থাকে। সেইবাবে গোলকতকৈ মানচিত্ৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়।

(ঙ) মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য কি?

উত্তৰঃ গোটেই পৃথিৱীখনৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কোনো সমতল পৃষ্ঠাত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ।

আনহাতে, ডাঙৰ মাপনীৰ সহায় লয় অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা ।

(চ) মানচিত্র অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে?

উত্তৰঃ সাংকেতিক চিহ্নই মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে’লপথ, পুখুৰী, কুৱাঁ, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে।

(২) শুদ্ধ উত্তৰটোত চিহ্ন দিয়া—

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্র বিধ হ’ল—

উত্তৰঃ বতৰৰ মানচিত্ৰ ।

(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্রত নীলা ৰং ব্যৱহাৰ কৰা হয়

উত্তৰঃ পানী ভাগ ।

(গ) কম্পাছ ব্যৱহাৰ কৰা হয়—

উত্তৰঃ দূৰত্ব জুখিবলৈ।

(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্রয়োজন?

উত্তৰঃ মানচিত্ৰ অংকন ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top