SCERT Class 6 Social Science Chapter 15 Answer | নতুন ভাৱৰ উত্থান

১) উত্তৰ লিখা-

(ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল?

উত্তৰঃ জাতিভেদ বা বৰ্ণ প্ৰথাই ।

(খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কি কি?

উত্তৰঃ অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰক্ষ্মচাৰ্য।

(গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?

উত্তৰঃ উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু, কৰ্ণাটক আদি ঠাইত বিস্তৃতি পাইছিল।

(ঘ) গৌতম বুদ্ধৰ ধমৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?

উত্তৰঃ সুখ-শান্তিৰ উপায় বিচাৰি।

(ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাত গঢ়ি উঠিছিল?

উত্তৰঃ পাচঁটা শিক্ষাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ নতুন মতবাদ গঢ়ি উঠিছিল ।

(চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?

উত্তৰঃ হিংসা-বিদ্বষ, ব্যাভিচাৰ, মদ্যপ্ৰাণ আৰু মিছা কথা কোৱাৰ পৰা দূৰত থকা।

(ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ বিভিন্ন ঠাইত বৌদ্ধ মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ শিল্প অংকিত কৰিছিল।

২। সত্য অসত্য নিৰূপণ কৰা-

(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰজন্ম বিশ্বাস কৰে।

উত্তৰঃ অশুদ্ধ ।

(খ) বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) বুদ্ধদেৱে সাৰনাধত দিব্য জ্ঞান লাভ কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হব পাৰিছিল।

উত্তৰঃ শুদ্ধ ।

৩। চমুকৈ উত্তৰ লিখা-

(ক) ক্ষত্ৰিয়সকলে ব্ৰাক্ষণৰ কিয় সমমৰ্যাদা দাবী কৰিছিল।

উত্তৰঃ আৰ্যসকলৰ প্ৰৱল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়সকলতকৈ ব্ৰাক্ষণসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল। কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি সকলো ক্ষেত্ৰতে ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে। গতিকে ৰজাই ব্ৰাক্ষ্মণৰ সমমৰ্যাদা দাবী কৰিছিল।

(খ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল?

উত্তৰঃ মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে তেওঁ ‘জিন’ উপাধি পাইছিল।

(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি?

উত্তৰঃ জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হৈছে- শ্বেতাম্বৰ আৰু দিগম্বৰ।

(ঘ) বুদ্ধদেৱে ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰঃ বুদ্ধদেৱে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰে।

(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ?

উত্তৰঃ এটা ভাল জীৱন-যাপন কৰিবৰ বাবে বলি বিধান বা যাগ-যজ্ঞৰ প্ৰয়োজন নাই। জাতিভেদ প্ৰথাৰো কোনো প্ৰয়োজন নাই। সৎ-পথত থাকি এটা সহজ-সৰল জীৱনতহে মানুহে সুখ-শান্তি লাভ কৰিব পাৰে।

৫। ‘ক’ অংশৰ লগত ‘খ’ মিলোৱা-

‘ক’ – ‘খ’
ত্ৰিপিটক – বৌদ্ধ ধৰ্মগ্ৰন্থ।
কুশীনাৰা – বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।
কৈৱল্য় – তপস্য়াৰ অন্তত মহাবীৰে লাভ কৰিছিল।
কুন্দপুৰ – মহবীৰৰ জন্মস্থান।
পূৰ্ৱ – জৈন ধৰ্মগ্ৰন্থ।
সাৰনাথ – বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।
কপিলাবস্তু – বুদ্ধদেৱৰ জন্মস্থান।

Leave a Reply

Your email address will not be published. Required fields are marked *