Chapter 14
মাধৱদেৱৰ গুৰুসেৱা
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
দোণ = পাঁচ সেৰ শস্য ধৰা কাঠীৰে সজা এবিধ পাত্ৰ
ইকৰা = ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্তু তাতোকৈ সৰু এবিধ বন
নল = এবিধ ফোঁপোলা খাগৰি জাতিৰ তৃণ
পোহা = এখন মেলা হাতৰ তলুৱাৰ ঠোলা
পজালি = শুকাবৰ নিমিত্তে তলীতে তুলি থোৱা মাহ, সৰিয়হ আদিৰ
বেলেগ বেলেগ মুঠা বা সোপা
খোলা = কোনো কোৰ্য্যত ব্যৱহাৰ কৰিবলৈ চুৰুকি চিকুণুৱা ঠাই
জাৰণি = ডাঠ হাবি; কাঠনি
তাঁৰ = সৰু জৰী বা শলি
উখোৱা চাউল = সিজাই ৰ’দত শুকুওৱা ধানৰ কৰা কৰা চাউল
বকৰাণি = চন পৰি থকা মাটি
*পঢ়া আৰু বুজা:
তই ৱই ত্ব
শই ৰই ঊৱে শ্ৰূ
জই ঞই জ্ঞ
কই তই ক্ত
[১] পঢ়া আৰু লিখা:
মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰি
নিশ্চয় মাহ-প্ৰসাদ শ্ৰদ্ধা-ভক্তি প্ৰমাণ
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) গুৰুজনাই ক’ত সৰিয়হ খেতি কৰিছিল?
উত্তৰঃ গুৰুজনাই যজ্ঞাধাৰি নামৰ এখন বিলৰ পাৰত সৰিয়হ খেতি কৰিছিল।
খ) গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে?
উত্তৰঃ গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে মাছমৰীয়া সকলক মাহ কল খুৱাই সকলোকে এপজালিকৈ বকৰাণিত পেলাবলৈ দিলে। মাছমৰীয়া সকলৰ হাতেৰে তেনেকৈ গুৰিজনাৰ সৰিয়হ তোলালে।
গ) মাধৱদেৱে আই গোসাঁনীক চাৰিদোণ ধান কিয় বিচাৰিছিল?
উত্তৰঃ মাধৱদেৱে আই গোসাঁনীক চাৰিদোণ ধান সিজাবলে বিচাৰিছিল।
ঘ) গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল? তেওঁ এই ব্যৱস্থা কিয় ল’ব লগা হ’ল?
উত্তৰঃ গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে গা-ধোঁৱা ঠাইত খান্দিলে। পানী বৈ যোৱা ঠাই খিনিৰ ওপৰেৰে দলং সাজি দিলে। বাঁহেৰে ঘৰ সাজি দিছিল।
গুৰুজনাই গা-ধোৱা পানী শিষ্য সকলে ভৰিৰে গচকা কথাটো ভাল নেদেখি তেওঁ এই ব্যৱস্থা ললে।
[৩] পঢ়া আৰু লিখা:
ধানখেতি কৰা ঠাই = ধানতলি
মাহ খেতি কৰা ঠাই = মাহতলি
সৰিয়হখেতি কৰা ঠাই = সৰিয়হতলি
কঠীয়া সিঁচা ঠাই = কঠীয়াতলি
[৪] বুজা আৰু লিখা:
নাহৰ + অনি = নাহৰণি হাবি + অনি = .হাবিনি
জাৰ + অনি = ….জাৰনি…পদুম + অনি = পদুমনি
মাহ + অনি = …মাহনি………… কাঠ + অনি = …কাঠনি………….
[৫] বাক্য ৰচনা কৰা:
শিষ্যঃ মাধৱ দেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।
সেৱা-শুশ্ৰূষাঃ শিষ্যসকলে গুৰুক সেৱা-শুশ্ৰূষা কৰে।
মন-কাণ
মাহ-প্ৰসাদঃঘৰত নাম-কীৰ্তনত কৰিলে মাহ-প্ৰসাদ দিয়া হয়।
উপবাসঃ আমি এসপ্তাহত এদিন উপবাসত থাকিব লাগে।
[৬] তলৰ বিষয়বোৰৰ বিষয় আলোচনা কৰা:
ঝুমুৰা; গীত-ভটিম; বৰগীত; চৰিত-পুথি।
[৭] ভাবা আৰু উত্তৰ উলিওৱা:
ক) মাকে বৰশী বায়, পুতেকে সৰগ চায়।
উত্তৰঃ বাঁহ।
খ) চিতপখিলা, তিনিমূৰ দহঠেং ক’ত দেখিলা?
গ) জগতক পালক চা মাজৰটো নকওঁ যা, শেষৰটো ল কোনে পাৰ ক।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post