SEBA Class 10 Social Science Assamese Medium Economics Science Chapter 3 Question Answer 2026 | Class 10 Social Science Part-3 Economics Science Chapter 3 Solution

মুদ্ৰা আৰু বেংক ব্যৱস্থা

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বিনিময় প্ৰথা কি?
উত্তৰঃ- এটা সামগ্ৰীৰ বিনিময়ত আন এটা সামগ্ৰী প্ৰত্যক্ষভাৱে লেন-দেন কৰা প্ৰণালিকেই বিনিময় প্ৰথা বোলা হয়।

২) মুদ্ৰা কি?
উত্তৰঃ- যিকোনো বস্তু যি সাধাৰণতে বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণযোগ্য আৰু যিয়ে মূল্যৰ মাপকাঠী আৰু মূল্য সংৰক্ষণৰ কাৰ্য সম্পাদন কৰে, তাক মুদ্ৰা বোলা হয়।

৩) মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।
উত্তৰঃ- মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।

৪) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ- চেক মুদ্ৰা।

৫) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?
উত্তৰঃ- যি কাগজী মুদ্ৰা নিৰ্দিষ্ট মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰ কৰিব পৰা যায়, তাক প্ৰতিনিধিত্বমূলক বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলা হয়।

৬) বেংক কি?
উত্তৰঃ- বেংক হৈছে এটা আৰ্থিক প্ৰতিষ্ঠান, যি জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰি সেই ধন ঋণৰূপে অন্যলোকক প্ৰদান কৰে।

৭) ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
উত্তৰঃ- ১৯৩৫ চনত।

৮) চলিত আমানত কি?
উত্তৰঃ- এনে এটা আমানত ব্যৱস্থা য’ত আমানতকাৰীয়ে নিজৰ ধন যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াব পাৰে, তাক চলিত আমানত বোলা হয়।

চমু উত্তৰৰ প্ৰশ্নঃ

১) সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
উত্তৰঃ- বিনিময় প্ৰথাত দুয়ো পক্ষৰ মাজত অভাৱৰ মিল থকা অতি প্ৰয়োজনীয়। যদি এই মিল নাথাকে, তেন্তে বিনিময় সম্ভৱ নহয়। উদাহৰণস্বৰূপে, ‘ক’ এ আলু উৎপাদন কৰি ধান বিচাৰে আৰু ‘খ’ এ ধান উৎপাদন কৰি আলু বিচাৰে, তেতিয়া বিনিময় সম্ভৱ হয়। কিন্তু যদি ‘খ’ এ দাইল বিচাৰে, তেন্তে ‘ক’ ৰ লগত তাৰ বিনিময় নহ’ব, কাৰণ দুয়োৰে অভাৱত সংগতি নাই।

২) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
উত্তৰঃ- মুদ্ৰা ব্যৱস্থাত ধন সঞ্চয় কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন অনুসৰি পিছত ব্যৱহাৰ কৰিব পাৰি। এইদৰে মুদ্ৰাই সামগ্ৰীসমূহৰ মূল্য সংৰক্ষণ কৰি ৰাখে, সেয়ে ইয়াক মূল্যৰ ভাণ্ডাৰ বোলা হয়।

৩) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
উত্তৰঃ- মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সাধাৰণ গ্ৰহণযোগ্যতা। কিয়নো মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে সকলো মানুহে স্বীকাৰ কৰে আৰু সহজে ব্যৱহাৰ কৰিব পাৰে।

৪) মুদ্ৰাৰ তাৰল্য গুণ কি?
উত্তৰঃ- যিকোনো সময়তে মুদ্ৰাক সমমূল্যৰ সামগ্ৰী বা সেৱালৈ সহজে আৰু তৎক্ষণাত ৰূপান্তৰ কৰিব পৰা গুণটোৱেই মুদ্ৰাৰ তাৰল্য গুণ।

৫) “মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী” — ব্য়াখ্যা কৰা।
উত্তৰঃ- আমাৰ চাৰিওফালে মুক্ত আৰু আৰ্থিক দুয়ো প্ৰকাৰৰ সামগ্ৰী পোৱা যায়। মুক্ত সামগ্ৰী যেনে বতাহ, পানী আদি বিনামূল্যে পোৱা যায়। কিন্তু আৰ্থিক সামগ্ৰীসমূহৰ মূল্য থাকে আৰু সেয়া বজাৰত কিনা-বেচা কৰা হয়। এই সামগ্ৰীসমূহৰ মূল্য মুদ্ৰাৰ দ্বাৰা প্ৰকাশ কৰা হয়। সেয়ে মুদ্ৰাক সকলো সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী বোলা হয়।

৬) সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?
উত্তৰঃ- সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য তলত দিয়া হ’ল —

যি মুদ্ৰাৰ সহায়ত কেৱল সীমিত পৰিমাণৰ লেনদেন সম্পন্ন কৰিব পাৰি, তাক সসীম বিহিত মুদ্ৰা বোলা হয়। উদাহৰণস্বৰূপে, কম মূল্যৰ নোট বা কয়েন। এইবোৰে ডাঙৰ লেনদেনত অসুবিধা সৃষ্টি কৰে।  

আনহাতে, যি মুদ্ৰাৰ সহায়ত ডাঙৰ পৰিমাণৰ লেনদেন কৰিব পাৰি, তাক অসীম বিহিত মুদ্ৰা বোলা হয়।  

৭) আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?
উত্তৰঃ- আঞ্চলিক গ্ৰাম্য বেংকৰ মুখ্য কাৰ্যসমূহ হ’ল —

Ø গাঁওবাসীক কম সুতত ঋণ প্ৰদান কৰি তেওঁলোকক সহায় কৰা।
Ø গাঁও অঞ্চলৰ সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰা।

৮) অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ?
উত্তৰঃ-

বেংক প্ৰতিষ্ঠান
অনা-বেংক প্ৰতিষ্ঠান

চেক ব্যৱহাৰ কৰা হয়
চেক ব্যৱহাৰ কৰা নহয়

বীমা সুবিধা থাকে
বীমা সুবিধা নাথাকে

সঞ্চয়ৰ নিৰাপত্তা থাকে
সঞ্চয়ৰ নিৰাপত্তা নাথাকে

দীঘল উত্তৰৰ প্ৰশ্নঃ

১) বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ- বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা তলত উল্লেখ কৰা হ’ল 一

(ক) সংগতিহীন অভাৱঃ- অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় প্ৰক্ৰিয়া সম্পন্ন কৰাত সমস্যা হয়। উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি। ‘ক’ ই আলু উৎপাদন কৰে আৰু ধান বিচাৰে; ‘খ’ ই ধান উৎপাদন কৰে আৰু আলু বিচাৰে। এই ক্ষেত্ৰত দুয়োৰে মাজত অভাৱৰ সংগতি থাকিলেহে বিনিময় সম্ভৱ হয়। কিন্তু যদি ‘খ’ দাইল বিচাৰে তেন্তে ‘ক’ ৰ লগত বিনিময় সম্ভৱ নহ’ব।

(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ- বিনিময় প্ৰথাত সকলো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰে প্ৰকাশ কৰিব লাগে। যেনে – ১টা আম = ৩টা বগৰী। কিন্তু এনে বিনিময় হাৰ স্থিৰ নহয়। বজাৰত বহুতো সামগ্ৰী থকাৰ বাবে প্ৰতিটোৰ বাবে পৃথক পৃথক বিনিময় হাৰ মনত ৰখা অসম্ভৱ হয়।

(গ) বিভাজনীয়তাৰ অভাৱঃ- কিছুমান সামগ্ৰী সৰু সৰু অংশত ভাগ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে এজন ব্যক্তিৰ এটা ছাগলী আছে আৰু তেওঁ এক কিলোগ্ৰাম চাউল বিচাৰে। এই ক্ষেত্ৰত ছাগলীটোক ভাগ কৰি বিনিময় কৰা সম্ভৱ নহয়।

(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ- বিনিময় প্ৰথাত সামগ্ৰীৰ ৰূপতে মূল্য সংৰক্ষণ কৰিব লাগে। কিন্তু বহুতো সামগ্ৰী বেছি দিন ধৰি সাঁচি ৰাখিব নোৱাৰি আৰু নষ্ট হৈ যায়।

২) মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্য়াখ্যা কৰা।

উত্তৰঃ- মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য তলত দিয়া হ’ল 一

১) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে। সকলো মানুহে গ্ৰহণ নকৰিলে ই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব নোৱাৰে।

২) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। ই আন সামগ্ৰীৰ পৰা পৃথক আৰু সহজে চিনাক্ত কৰিব পৰা হ’ব লাগে।

৩) মুদ্ৰা টেকসই হ’ব লাগিব। মাছ, কণী, গাখীৰ আদি সহজে নষ্ট হোৱা বস্তু মুদ্ৰা হ’ব নোৱাৰে।

৪) মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগে। যিকোনো সময়তে ই সামগ্ৰী বা সেৱালৈ ৰূপান্তৰ কৰিব পৰা হ’ব লাগে।

৩) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

উত্তৰঃ- মুদ্ৰাৰ চাৰিটা প্ৰধান কাৰ্য তলত উল্লেখ কৰা হ’ল 一

(ক) বিনিময়ৰ মাধ্যমঃ- মুদ্ৰাই সামগ্ৰীৰ বিনিময় সহজ কৰি তোলে। উৎপাদকজনে নিজৰ সামগ্ৰী বিক্ৰী কৰি মুদ্ৰা লাভ কৰে আৰু সেই মুদ্ৰাৰে আন সামগ্ৰী ক্ৰয় কৰে।

(খ) মূল্যৰ উমৈহতীয়া মাপকাঠীঃ- সকলো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। সেয়ে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী হিচাপে ব্যৱহাৰ হয়।

(গ) স্থগিত দেনা-পাওনাৰ মানদণ্ডঃ- ঋণ বা বাকী পৰিশোধৰ ক্ষেত্ৰত মূল্য তৎক্ষণাত আদায় কৰা নহয়। এনে ক্ষেত্ৰত মুদ্ৰাই মানদণ্ড হিচাপে কাম কৰে।

(ঘ) মূল্যৰ ভাণ্ডাৰঃ- মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। এইদৰে ই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে।

৪) চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।

উত্তৰঃ- চেক মুদ্ৰা নহয়। ই কেৱল এটা আদেশ। চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে দোকানৰ পৰা চাউল কিনি চেকেৰে মূল্য দিব বিচাৰে, কিন্তু দোকানীয়ে সেই চেক গ্ৰহণ নকৰিবও পাৰে। সেয়ে চেকক নিকট মুদ্ৰা বা ধনাদেশ বুলিব পাৰি। ই বেংকত জমা কৰাৰ পিছতহে ধনৰূপে ব্যৱহাৰযোগ্য হয়।

৫) মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্য়াখ্যা কৰা।

উত্তৰঃ- মুদ্ৰাৰ চাৰিটা প্ৰধান অসুবিধা তলত দিয়া হ’ল 一

(ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে সমস্যা হয়। মূল্য কমি গ’লে একে সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক ধন ব্যয় কৰিব লাগে।

(খ) মুদ্ৰাই আয় আৰু সম্পদ একত্ৰীকৰণৰ আহিলা হ’ব পাৰে। ইয়াৰ ফলত ধনী-দুখীয়াৰ বৈষম্য বৃদ্ধি পায়।

(গ) মুদ্ৰাৰ প্ৰতি অত্যাধিক আসক্তিয়ে সামাজিক মূল্যবোধৰ অৱক্ষয় ঘটায়। দুৰ্নীতি, অনিয়ম আদিৰ সৃষ্টি হয়।

(ঘ) মুদ্ৰাৰ পৰা ক’লা ধনৰ সৃষ্টি হয়। অবৈধভাৱে সংগ্ৰহ কৰা এই ধন অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত।

৬) কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

উত্তৰঃ- কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হ’ল 一

(i) কাগজী মুদ্ৰা জাৰি কৰাঃ- কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো প্ৰতিষ্ঠানে কাগজী মুদ্ৰা জাৰি কৰিব নোৱাৰে।

(ii) ঋণ নিয়ন্ত্ৰণ কৰাঃ- কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰে।

(iii) বেংকসমূহৰ বেংকঃ- কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ তত্ত্বাৱধান কৰে আৰু সংকটৰ সময়ত সহায় আগবঢ়ায়।

(iv) চৰকাৰৰ বিত্ত যোগান ধৰোঁতাঃ- বাজেট ঘাটতি পূৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে চৰকাৰক ঋণ দিয়ে আৰু পৰামৰ্শদাতা হিচাপে কাম কৰে।

৭) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্য়াখ্যা কৰা।

উত্তৰঃ-

(ক) সঞ্চয় সংগ্ৰহঃ- বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি ধৰণৰ — চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। চলিত আমানতত যিকোনো সময়তে টকা উলিয়াব পাৰি। স্থিৰ আমানতত নিৰ্দিষ্ট সময়ৰ পিছত টকা উলিয়াব লাগে। সঞ্চয় আমানতত আংশিক টকা উলিয়াব পাৰি।

(খ) ঋণ প্ৰদানঃ- বেংকে কৃষক, উদ্যোগপতি, ক্ষুদ্ৰ ব্যৱসায়ী আদি সকলোকে ঋণ প্ৰদান কৰে।

৮) তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্য়াখ্যা কৰা।

উত্তৰঃ-

(ক) আই ডি বি আইঃ-

(i) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ আৰ্থিক সহায় আগবঢ়ায়।
(ii) উদ্যোগসমূহৰ উন্নয়নত সহায় কৰে।
(iii) পিছপৰা অঞ্চলত ৰেহাই সুদত ঋণ দিয়ে।
(iv) প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগ বিকাশ কৰে।

(খ) আঞ্চলিক গ্ৰাম্য বেংকঃ-

(i) গাঁওবাসীক কম সুদত ঋণ প্ৰদান কৰে।
(ii) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কামত ব্যৱহাৰ কৰে।

(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামেন্নয়ন বেংকঃ-

(i) গ্ৰাম্য বিনিয়োগ আৰু উৎপাদন ক্ষেত্ৰত শীৰ্ষ বিত্ত যোগানকাৰী।
(ii) ঋণ প্ৰদান ব্যৱস্থা আৰু আঁচনি পৰ্যালোচনা কৰে।
(iii) বিভিন্ন প্ৰতিষ্ঠানৰ মাজত সমন্বয় ৰক্ষা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top