Might Learn Logo Might Learn Shop Might Learn

Class 7 Science Chapter উদ্ভিদৰ প্ৰজনন

অধ্যায়-১২

উদ্ভিদৰ প্ৰজনন

?অনুশীলনী

১) খালী ঠাই পূৰ কৰা

ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে __বোলে।

উত্তৰঃ অংগজ বংশ বিস্তাৰ

খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_ বোলে।

উত্তৰঃ একলিংগ ফুল বোলে।

গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে_ বুলি জনা যায় ।

উত্তৰঃ পৰাগযোগ বুলি জনা যায়।

ঘ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _ বোলে।

উত্তৰঃ নিষেচন বোলে।

ঙ) বীজৰ বিস্তাৰণ ,আৰু_ জৰিয়তে হয় ।

উত্তৰঃ বায়ু, পানী আৰু প্ৰাণীৰ জৰিয়তে হয়।

২) অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।

উত্তৰঃ অযৌন প্ৰজননৰ পদ্ধতিবোৰ হ’ল–

অযৌন প্ৰজননত বীজ বা ৰেণু নোহোৱাকৈয়ে নতুন উদ্ভিদ পোৱা যায়। তাৰে এটা পদ্ধতি হ’ল-

অংগজ বংশ বিস্তাৰ:
অংগজ বংশ বিস্তাৰ হৈছে সেই প্ৰক্ৰিয়া, য’ত উদ্ভিদৰ অংগবোৰ—শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা নতুন উদ্ভিদ সৃষ্টি হয়। উদ্ভিদৰ অংগজ অংশৰ পৰা বংশ বৃদ্ধি হয়, সেয়ে ইয়াক অংগজ বংশ বিস্তাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, গোলাপ বা চম্পা ফুলৰ ডালটো যদি গাঁঠিৰ পৰা কাটা হয়, তেন্তে সেই কাটি লোৱা ডালটো শাখা কলমৰূপে পৰিগণিত হয়। এই শাখা কলমটো মাটিত পুতি থোৱাৰ পাছত শিপাৰ বৃদ্ধি আৰম্ভ হয়, কাণ্ডৰ পৰা পাত ওলাই যায় আৰু কিছুদিনৰ ভিতৰত সেয়া সম্পূৰ্ণ গছৰ ৰূপ লৈ পৰিৱৰ্তিত হয়।

মুকুলন বা মুকুলোদগম:
মুকুলন হৈছে এক ক্ষুদ্ৰ অণুজীৱৰ বৃদ্ধি। যদি এই অণুজীৱক যথেষ্ট পৰিমাণে পোষক দ্ৰব্য় মেলে, তেন্তে এইবোৰৰ বৃদ্ধি আৰু বিভাজন প্ৰায় প্ৰতি কেইঘণ্টাৰ মূৰে মূৰে হ’ব পাৰে। ইষ্ট কোষৰ পৰা সৰু সৰু টেমুনাৰ দৰে অংশ ওলাই অহাৰ প্ৰক্ৰিয়াক মুকুল বোলে। মুকুলবোৰৰ বৃদ্ধি হয় আৰু শ্ৰেণী-বিভাজন কৰাৰ পাছত, মূল কোষৰ পৰা নতুন ইষ্ট কোষ গঠন হয়। মাজে-মাজে মুকুলৰ পৰা আন মুকুলৰ সৃষ্টি হয় আৰু মুকুলৰ শৃংখল গঠন কৰে। উদাহৰণৰ বাবে, যদি এটুকুৰা পিঠা অলপ পানীত থৈ দি তাত চেনি মিহলাই মেশাই দিয়া হয়, তেন্তে কিছু সময়ৰ পাছত কাচৰ শ্লাইডত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত লক্ষ্য কৰিব পৰা যায় যে, মুকুল বৃদ্ধি পাই শৃংখল গঠন কৰিছে।

বিভাজন:
অযৌন প্ৰজননৰ আন এক পদ্ধতি হৈছে বিভাজন। উদাহৰণস্বৰূপে, শেলাই এক বিজলুৱা বস্তু। যেতিয়া শেলাই যথেষ্ট পৰিমাণে পানী আৰু পোষক দ্ৰব্য় লাভ কৰে, তেতিয়া সেইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা সিহঁতৰ সংখ্যা বাঢ়ি যায়। শেলাইবোৰ একে সময়ত দুই বা ততোধিক অংশত বিভাজিত হয়।

ৰেণু গঠন:
ৰেণু হৈছে অযৌন প্ৰজননৰ এক বিশেষ অংগ। ৰেণুবোৰে প্ৰতিকূল অৱস্থা—যেনে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ এক কঠিন আৱৰণৰ দ্বাৰা আবৃত থাকে। অনুকূল অৱস্থাত ৰেণুবোৰ অংকুৰিত হয় আৰু তাৰ পৰা নতুন উদ্ভিদ গঠন হয়। মছ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদসমূহ তেনে উদ্ভিদৰ উদাহৰণ।

৩)যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ। সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধিৰ বাবে ফুলৰ সৃষ্টি হয়। ফুলৰ পুংজনন অংগ হৈছে পুংকেশৰ, আৰু স্ত্ৰীজনন অংগ হৈছে স্ত্ৰীকেশৰ। যৌন প্ৰজননৰ সময়ত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত এক যোজন কোষ সৃষ্টি হয়, যাক গৰ্ভধান বা নিষেচন বুলি কোৱা হয়।

পৰাগ ৰেণুৰ পৰা পুংজনন কোষ ডিম্বকৰ ভিতৰস্থিত স্ত্ৰীজনন কোষৰ সৈতে মিলিত হয়। পৰাগধানীৰ পৰা পৰাগ ৰেণু গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়। এই পৰাগযোগ প্ৰক্ৰিয়াত পৰাগৰেণু গৰ্ভমুণ্ডলৈ বিভিন্ন মাধ্য়মৰ দ্বাৰা স্থানান্তৰিত হয়। এই মাধ্য়মবোৰ হৈছে: বতাহ, পানী, পতংগ আৰু বিভিন্ন ধৰণৰ প্ৰাণী। ফুলবোৰৰ ৰঙ আৰু সুগন্ধৰ বাবে কীট-পতংগবোৰ ফুলত পৰে আৰু সিহঁতৰ দেহত পৰাগৰেণু কঢ়িয়াই লৈ যায়।

যেতিয়া একে উদ্ভিদৰ একে ফুলৰ পৰা পৰাগৰেণু গৰ্ভমুণ্ডত পৰে, তাক স্বপৰাগযোগ বুলি কোৱা হয়। যদি এক উদ্ভিদৰ এক ফুলৰ পৰা পৰাগৰেণু আন এক ফুলৰ গৰ্ভমুণ্ডত পৰে, তেন্তে তাক ইতৰ পৰাগযোগ বুলি কোৱা হয়।

পৰাগৰেণু গৰ্ভমুণ্ডত পৰাৰ পিছত, সেয়া অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে। পৰাগনলী গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। তাত, পৰাগনলীৰ পুংজনন কোষটো ডিম্বকৰ স্ত্ৰীজনন কোষৰ লগত মিলি গৰ্ভধান বা নিষেচন সম্পন্ন কৰে। গৰ্ভধানৰ পিছত গৰ্ভাশয়টো ডাঙৰ হৈ ফলত পৰিণত হয়।

৪) অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য়সমূহ বৰ্ণনা কৰা।

উত্তৰঃ অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য় সমূহ হ’ল-

১) অযৌন প্ৰজননত উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম দিয়ে।

২) যৌন প্ৰজননত উদ্ভিদে বীজৰ পৰা নতুন উদ্ভিদ বোৰ জন্ম দিয়ে।

৫) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰাঁ ।

উত্তৰঃ তোমালোকে নিজে ফুলৰ প্ৰজনন অংশসমূহ চিত্ৰ অংকন কৰিবা।

৬) স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজত পাৰ্থক্য লিখাঁ ?

উত্তৰঃ যদি পৰাগৰেণু একেপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বোলে।

        আনহাতে যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজুপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযোগ বোলে।

৭) ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখাঁ ?

উত্তৰঃ FOR STUDENTS

৮) বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ ১) ১) কিছুমান বীজ বতাহত ছটিয়াই যায়। উদাহৰণস্বৰূপে, ঘাহৰ পাতল বীজ বা অ’কৰ (মদাৰ) শুঙাল বীজ আৰু চুলি সাদৃশ নোমযুক্ত হয়। সূৰ্যমুখী ফলৰ বীজবোৰ বহু দূৰলৈ বতাহত উৰি যাব পাৰে। এনে বীজবোৰ বতাহে বহুত দূৰলৈ পৰি নতুন ঠাইত বিস্তাৰিত হয়।

২) কিছুমান বীজ পানীৰ দ্বাৰা বিস্তাৰিত হয়। সাধাৰণতে, এই ধৰণৰ গছবোৰ নদীৰ পাৰত পোৱা যায়। ফলৰ বীজবোৰ খৰি পৰি নদীত পৰে আৰু নদী সিহঁতক উতুৱাই লৈ বেলেগ এঠাইত পেলাই দিয়ে। এইদৰে বীজৰ বিস্তাৰণ হয়।

৩) কিছুমান বীজ প্ৰাণীৰ দ্বাৰা বিস্তাৰিত হয়। বিশেষকৈ, কাঁইটীয়া বীজবোৰ হাকোটাৰ সৈতে প্ৰাণীৰ দেহত লাগি ধৰে আৰু প্ৰাণী এই বীজবোৰ বহুত দূৰলৈ কঢ়িয়াই নিয়ে। উদাহৰণ স্বৰূপে, অগৰা আৰু ইউৰেনাৰ বীজ।

৪) কিছুমান ফলৰ বীজ হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায়, যাৰ ফলত বীজবোৰ মূল উদ্ভিদৰ পৰা দূৰলৈ সিঁচৰিত হয়। উদাহৰণস্বৰূপে, এৰা গুটি আৰু ডেমডেউকাৰ ক্ষেত্ৰত এনে বীজৰ বিস্তাৰণ ঘটে।

৯) ১নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱাঃ

১নং স্তম্ভ —————————————-২নং স্তম্ভ

ক) মুকুল—————————————- i) মেপল

খ) চকু—————————————— ii) সৰ্পিল শেলাই

গ) বিভাজন———————————— iii) ইষ্ট

ঘ)পাখি —————————————–iv) পাউৰুটীত হোৱা ভেঁকুৰ

ঙ)ৰেণু—————————————— vi) গোলাপ

১০) শুদ্ধ উত্তৰটোত ( ✔) চিন দিয়া ।

ক) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল-

i) পাত ii) কাণ্ড iii) শিপা iv) ফুল

উত্তৰঃ ফুল ।

খ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?

i) নিষেচন ii) পৰাগযোগ iii) প্ৰজনন iv) বীজৰ গঠন

উত্তৰঃ নিষেচন।

গ) পুৰঠ ডিম্বাশয়ে গঠন কৰে

i) বীজ ii) পুংকেশৰ iii) স্ত্ৰীকেশৰ iv)ফল

উত্তৰঃ বীজ।

ঘ) ৰেণুধাৰী উদ্ভিদ হ’ল

i) গোলাপ ii)পাউৰুটীৰ ভেঁকুৰ iii)আলু iv) আদা

উত্তৰঃ গোলাপ।

ঙ) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল–

i) কাণ্ড ii)পাত iii)শিপা iv) ফুল

উত্তৰঃ পাত ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects