SVN Class 4 Enviroment Answer

পৃথিৱীখন বসবাসৰ উপযোগী কিয়?

পাঠ ৩

১। প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে?

উত্তৰঃ প্ৰাণীয়ে নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

২। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ কেনে কোৱা হয়?

উত্তৰঃ প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ গৰম আৰু বিষাক্ত হয়।

৩। কোনে কোনে কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰি জীৱৰ কল্যাণ সাধন কৰে?

উত্তৰঃ অৰণ্য আৰু বিশাল জলাশয়ে কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰি জীৱৰ কল্যাণ সাধন কৰে।

৪। আমাৰ পৃথিৱীখন গৰম নে ঠাণ্ডা?

উত্তৰঃ আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা এনেকুৱা দূৰত্বত অৱস্থিত যে ই বেচি ঠাণ্ডাও নহয় আৰু অত্যন্ত গৰমো নহয়।

৫। প্ৰাণীৰ বাবে অক্সিজেন আৰু খাদ্য কোনে যোগান ধৰে?

উত্তৰঃ প্ৰাণীৰ বাবে অক্সিজেন আৰু খাদ্য উদ্ভিদে যোগান ধৰে।

৬। জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মাটি, পানী আৰু বায়ু ক’ত উপলব্ধ?

উত্তৰঃ জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মাটি, পানী আৰু বায়ু পৃথিৱীত উপলব্ধ।

৭। উদ্ভিদ আৰু প্ৰাণীয়ে কাৰ লগত বিনিময় প্ৰথা কৰি পৰিবেশৰ ভাৰাসাম্য ৰক্ষা কৰে?

উত্তৰঃউদ্ভিদ আৰু প্ৰাণীয়ে মাটি, পানী আৰু বায়ুৰ লগত বিনিময় প্ৰথা কৰি পৰিবেশৰ ভাৰাসাম্য ৰক্ষা কৰে।

৮। কিহৰ কাৰণে পৃথিৱীখন বসবাসৰ উপযোগী?

উত্তৰঃ পৃথিৱীৰ বুকুত মাটি, পানী আৰু বায়ুই ক্ৰমে উদ্ভিদ আৰু প্ৰাণীৰ লগত বিনিময় প্ৰথাৰে পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে সেই কাৰণে পৃথিৱীখন বসবাসৰ উপযোগী।

Type-Bhabesh Bora

Scroll to Top