AHSEC Class 12 Assamese Chapter 16 কৰুণতম পাঠটোৰ উত্তৰ

কৰুণতম

আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হল- ‘বনফৰিঙৰ ৰং’।

2। নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰঃ নিমলপ্ৰভা বৰদলৈয়ে ‘সুদীৰ্ঘ দিন আৰু ঋতুৰ’ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

৩। `কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?

উত্তৰঃ দিনৰ পাছত দিন’ নামৰ কাব্যপুথিত সংকলিত হৈছে।

৪। `কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ কৰুণতম কবিতাটো আধুনিক শ্ৰেণীৰ কবিতা।

৫। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকর্ষণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।

(খ) চমু প্ৰশ্নঃ

১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হল- ‘দিনৰ পাছত দিন’, ‘সমীপেষু’ আৰু ‘অন্তৰংগ’,

২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?

উত্তৰঃ ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’ তেওঁৰ গীতৰ পুথি।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম হল- ‘দেৱী’, ‘শিৱ’ আৰু ‘সূৰ্য্য়’।

৪।’কৰুণতম’ আৰু ‘সুবাস’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ‘কৰণতম’ শব্দৰ অৰ্থ হ’ল অধিক দুখজনক আৰু ‘সুভাস’ শব্দটিৰ অৰ্থ হ’ল সুগন্ধ।

৫। `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা ?

উত্তৰঃ ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল: আধুনিক কবিতাত নগৰীয়া জীৱনৰ প্রতি বিদ্বেষভাব আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকর্ষণ প্রকাশ পায়। দ্বিতীয়তে, আধুনিক কবিতাত চুটি চুটি কাব্যিক বাক্য প্রয়োগ কৰা হয়।

(গ) দীঘল প্ৰশ্ন।

১। `কৰুণতম’ কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ ‘কৰুণতম’ কবিতাটিত কবিৰ মনত উদয় হোৱা অতীত স্মৃতি আৰু গভীৰ দুখ-কাৰুণ্যৰ অনুভৱ সুস্পষ্টভাৱে প্ৰকাশ পাইছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱাইছে আৰু দেউতাক এজন খেতিয়ক আছিল বাবে আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ মনত দেউতাকৰ স্মৃতি জাগি উঠে। সেইদৰে, দোকানৰ জাপ ভঙা গামোচাৰ সুভাসে কবিৰ অন্তৰত মাতৃৰ স্মৃতিও উজলাই তোলে। কবিৰ পিতৃ-মাতৃয়ে নিজৰ কৰ্মৰ জৰিয়তে সময়ৰ বুকুত এক স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু কবিয়ে উপলব্ধি কৰে যে তেওঁ নিজে নিজৰ সন্তান বা ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেনে কোনো স্থায়ী স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। এই উপলব্ধিৰ ফলতেই কবিৰ অন্তৰত এক গভীৰ দুখ আৰু কাৰুণ্যৰ জন্ম হয়। সেয়েহে কবিতাটোত প্ৰকাশ পাই থকা এই গভীৰ বিষাদ আৰু বেদনাৰ অনুভৱৰ বাবেই কবিতাটোৰ নাম ‘কৰুণতম’ সম্পূৰ্ণ সাৰ্থক হৈছে।

২। `কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা ৷

উত্তৰঃ `কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে । আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰন কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰণ-পোষণ দিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা । কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল ।

মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে । কবিৰ পিতৃ-মাতৃয়ে নিৰ্দ্দিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে । কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয় । গাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব- সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন । -এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে ।

৩। `কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ৷

উত্তৰঃ ‘কৰুণতম’ কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ হৃদয়স্পৰ্শী ৰূপত প্ৰকাশ পাইছে। প্ৰথমতে, কবিয়ে নিজৰ দেউতাকক হেৰুৱাৰ দুখ অনুভৱ কৰিছে। কবিৰ দেউতাক এজন খেতিয়ক আছিল। সেয়েহে আহিনৰ পথাৰৰ গোন্ধ কবিৰ নাকত আহি লাগিলে তেওঁ দেউতাকক স্মৰণ কৰে আৰু তেওঁৰ অন্তৰ কাৰুণ্যৰে ভৰি পৰে। এই গোন্ধ কবিৰ বাবে কেৱল প্ৰাকৃতিক অনুভৱ নহয়, ই দেউতাকৰ স্মৃতি আৰু শ্ৰমমুখৰ জীৱনৰ প্ৰতীক হৈ উঠে।

দ্বিতীয়তে, কবিৰ মাকৰ মৃত্যুৱেও কবিৰ মনত গভীৰ দুখৰ সৃষ্টি কৰিছে। কবিৰ মাক এজনী শিপিনী আছিল। দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত আইৰ স্মৃতি জাগ্ৰত কৰে আৰু তেওঁৰ মন বিষাদময় হৈ পৰে। এইদৰে কবিৰ পিতৃ-মাতৃয়ে নিজৰ শ্ৰম আৰু কৰ্মৰ জৰিয়তে কবিৰ মনত চিৰস্থায়ী স্মৃতিৰ স্বাক্ষৰ ৰাখি গৈছে।

কিন্তু এই স্মৃতিৰ লগে লগে কবিয়ে এটা বেদনাদায়ক আত্ম উপলব্ধিও প্ৰকাশ কৰিছে। কবিয়ে অনুভৱ কৰে যে পিতৃ-মাতৃয়ে সময়ৰ বুকুত নিজৰ অস্তিত্বৰ চিন ৰাখি থৈ গৈছে, অথচ তেওঁ নিজে নিজৰ সন্তান বা ভবিষ্যৎ প্ৰজন্মৰ বাবে একো স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। এই আত্মগ্লানি আৰু অপূৰ্ণতাৰ অনুভৱেই কবিৰ অন্তৰৰ দুখবোধক অধিক গভীৰ আৰু কৰুণ কৰি তুলিছে।

এইদৰে ‘কৰুণতম’ কবিতাটিত স্মৃতি, বেদনা আৰু আত্ম উপলব্ধিৰ সংমিশ্ৰণে কবিৰ অন্তৰৰ গভীৰ দুখবোধ সুস্পষ্টভাৱে প্ৰকাশ পাইছে।

৪। `কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ অংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷

উওৰঃ ‘কৰুণতম’ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে ইয়াত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজৰ সংঘাতৰ এক সূক্ষ্ম চিত্ৰ অংকিত হোৱা বুলি ক’ব পাৰি।

কবিতাটোত কবিৰ অতীতৰ সজীৱ, প্ৰাণস্পৰ্শী স্মৃতিত প্ৰকাশ পাইছে গাঁৱলীয়া সমাজৰ আহিন মাহৰ পথাৰৰ ধাননিৰ পৰা ভাঁহি অহা পথৰুৱা গোন্ধ আৰু গামোচাৰ জাপ-ভঙা সুবাস। এই দুয়োটা উপাদানেই গ্ৰাম্য জীৱনৰ অকৃত্ৰিমতা আৰু গভীৰ সংস্কৃতিৰ প্ৰতীক। এই গোন্ধবোৰে কবিৰ অন্তৰত পিতৃ-মাতৃৰ গভীৰ স্মৃতি জাগ্ৰত কৰি তোলে। কিন্তু তেওঁ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী ৰূপত ভৱিষ্যতক স্থাপন কৰিবলৈ অসমৰ্থ বুলি যি দুখ প্ৰকাশ কৰিছে, সেয়াই আধুনিক নগৰীয়া জীৱনৰ প্ৰতিচ্ছবি। কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু জাপ-ভঙা গামোচাৰ সুবাসৰ কথা কৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃত্ৰিমতাৰ এখন সার্থক চিত্ৰ ৰূপায়ণ কৰিছে, সেইদৰে ভৱিষ্যৎ প্ৰজন্মলৈ তেওঁ একো স্মৃতি বা চিন-মোকাম এৰি যাব নোৱাৰিব বুলি আক্ষেপ কৰি নগৰীয়া সভ্য সমাজৰ এখন কৃত্ৰিম, নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি অংকিত কৰিছে। এইদৰে কবিতাটোত গ্ৰাম্য অকৃত্রিমতা আৰু নগৰীয়া কৃত্ৰিমতাৰ মাজৰ সংঘাত ফুটি উঠিছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

মই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম

ক’ত??

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ‘কৰুণতম’ শীৰ্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজৰ স্বকীয় আদৰ্শৰ বিষয়ে নিশ্চিত হ’ব নোৱাৰি গভীৰ সংশয়ত পৰা কবিয়ে এই ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবি বৰদলৈ নিজৰ সমাজ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি দায়বদ্ধ। তেওঁ বিচাৰে যে তেওঁৰ পুৰুষানুক্ৰমিক আদৰ্শ ভৱিষ্যৎ প্ৰজন্মলৈও প্ৰবাহিত হওক। এদিন তেওঁ নিজে তেওঁৰ কৃষক পিতৃ আৰু শিপিনী মাতৃৰ কৰ্মৰ চিনৰ মাজেৰে তেওঁলোকৰ আদৰ্শ উপলব্ধি কৰিছিল। কিন্তু বৰ্তমানৰ আধুনিকতা আৰু কৃত্ৰিমতাৰে ভৰা জীৱনত তেওঁ নিজৰ সন্তানৰ বাবে তেওঁৰ স্বকীয়তাৰ কোনো চিন বা আদৰ্শ কেনে কামৰ দ্বাৰা ৰাখি থৈ যাব পাৰিব, সেই বিষয়ে তেওঁ নিশ্চিত নহয়। এই গভীৰ অনিশ্চয়তা আৰু কৰুণ দুখবোধেই এই পংক্তিকেইটাত পৰিস্ফুট হৈ উঠিছে, য’ত কবিয়ে নিজৰ অস্তিত্ব হেৰুৱাৰ দুখত ম্ৰিয়মান হৈছে।

Scroll to Top