Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 11 Advance Assamese Chapter 10 যীশুখৃষ্টৰ ছবি পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ

১। মিলিটাৰি সম্পৰ্কে কেনেধৰণৰ ধাৰণা গল্পটোত প্ৰকাশ পাইছে লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ যীশুখ্ৰীষ্টৰ ছবি গল্পটোত প্ৰকাশ পোৱা মতে মিলিটাৰী সম্পৰ্কে এনেকুৱা ধাৰণাৰ এটি ছবি দেখা যায় যে মিলিটাৰীবিলাক ভয় লগা ধৰণৰ লোক। সিহতৰ বহুতো কু-কৰ্মৰ কাহিনী আছে লৰা ছোৱালীয়ে নহয় ডাঙৰেও ভয়ত হাত ভৰি লুকাই। সিহতে কাটে মাৰে যতে ততে উৎপাত কৰে। সিহঁতৰ দয়া মমতা নাথাকে। সেইবাবে ওচৰৰ সকলো লোকে মিলিটাৰিক ভয় কৰে মাত বোল নকৰে সেইবাবে লৰা ছোৱালীবোৰেও তেওঁক দেখিলে ঘৰৰ ভিতৰলৈ যায়।

কিন্তু গল্পটোৰ শেষৰফালে এটা ধাৰণা দিছে যে মিলিটাৰী সকলো মানুহ। তেওঁলোকৰো পৰিয়াল আছে। সেইবোৰৰ মায়া মোহেও তেওঁলোকক বেযাকুল কৰি তোলে। সাধাৰণ মানুহৰ দৰে আনৰ লৰা ছোৱালীক নিজৰ লৰা ছোৱালীক আকোঁৱালী লবৰ বাবে মন ব্যাকুল হৈ উঠে।

২। ‘যীশুখৃষ্টৰ ছবি নহয়, যীশুখৃষ্টৰ ফটো’- কথাষাৰ আঁত ধৰি গল্পটোৰ মূল কথাখিনি লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ যীশুখ্ৰীষ্টৰ ছবি এটা মানৱতাবাদী চুটিগল্প। গল্পটোত এজন চিপাহীৰ খাকী কাপোৰৰ তলত লুকাই থকা পিতৃ হৃদয়ৰ কথা কোৱা হৈছে।

এবাৰ গল্পকাৰৰ ভিনীহিয়েক দাঁতৰ অপাৰেশ্যনৰ কাৰণে কলিকতালৈ যাওঁতে, গল্পকাৰ বায়েক আৰু ভাগিনীয়েক দুজনীৰ ৰখীয়া হৈ থাকিবলগীয়া হৈছিল। ৰাস্তাৰ সিপাৰে তেওঁলোকৰ ঘৰৰ পৰা এশ গজমান দূৰত মিলিটাৰীৰ এটা ডাঙৰ কেম্প আছিল। তাত কেতিয়াবা বহুত আৰু কেতিয়াবা অলপ কম গোৰা সৈন্য থাকে। গোৰা চিপাহীবোৰ বায়েকহতৰ ঘৰৰ আগেদি অহা-যোৱা কৰিলে লেখকৰ অলপ ভয় লাগে যদিও তেওঁ বায়েকহঁতৰ আগত দেখুৱাব নোৱাৰে। সিহঁতৰ কুকৰ্মৰ অনেক কাহিনী তেওঁ শুনি আহিছে।

গল্পকাৰে ইমান ওচৰৰ পৰা কোনোদিনে চিপাহী লগ পোৱা নাছিল, এয়ে প্ৰথম। কোনোটো চিপাহীয়ে আহি কিবা সুধিলে সংক্ষেপে উত্তৰ দিয়ে আৰু সিহঁতৰ কথা বুজি নাপালে সিহঁতৰ মুখলৈ চাই মিচিকিয়াই হাহেঁ। সিঁহত ওচৰৰ পৰা সোনকালে আঁতৰি গলেই যেন ৰক্ষা পৰে। তথাপি সিহঁতৰ নিজৰ মাজতে পতা কথাবোৰ কাণ পাতি শুনে। সিহঁতক চাবৰ, সিহঁতৰ কথা শুনিবৰ মন যায় যদিও, সিহঁতৰ কুকৰ্মৰ কাহিনী শুনি মনৰ ঔৎসুক্যক মনতেই দমাই ৰাখে।

লাহে লাহে অলপ ভয় কমাত গল্পকাৰে ভাগিনী দুজনীক লৈ আগফালৰ চোতালত ফুৰিবলৈ ললে। তেওঁ পদূলি মূৰত ৰৈ থাকে আৰু ভাগিনীয়েক দুজনীয়ে ঘৰৰ আগৰ ঘাহঁনিডৰাত খেলে। খুপী ডাঙৰ দহ- বাৰ বছৰীয়া, ৰৃপী সাত বছৰীয়া, দুয়োজনী ধুনীয়া। ৰৃপীতকৈ খুপী বেছি ধুনীয়া। সিহঁতে খেলি থকা অৱস্থাত কাঠ এচটাত বহি সিহঁতক এটা গোৰা চিপাহীয়ে চাই থকা গল্পকাৰৰ দৃষ্টিগোচৰ হল। ছোৱালী দুজনীয়ে চিপাহীটোক দেখি মোমায়েকৰ ওচৰলৈ দৌৰি আহে। মোমায়েকে সিহঁতক অভয় দান কৰি সিহঁতক একো অপকাৰ নকৰে বুলি কৈ খেলিবলৈ পঠাই যদিও মনে মনে সিহঁতে খেলিবলৈ নোযোৱাটোকেই কামনা কৰে।

কথাটো মাকে শুনি সিহঁতে আগফালৰ চোতালত খেল খেলাটো বন্ধ কৰি দিলে। কেইদিনমান পিছত মিলিটাৰীবোৰ কেম্পটোৰ পৰা যোৱাত সিহঁতে শান্তি পালে। খুপী হতে নিৰ্ভয়ে পুনৰ চোতালত খেলিবলৈ ধৰিলে।

তিনিদিনৰ মূৰত সেই কেম্পৰ মিলিটাৰীৰ দলটো আকৌ ঘূৰি আহিল। এইবাৰ খুপীহঁতে সিহঁতক ভয় কৰাটো পাহৰি, চকুত বিস্ময় লৈ সিহঁতৰ ফালে চাই থাকিল। গল্পকাৰে মন কৰিলে যে সেই নিনদিষ্ট গোৰা চিপাহীটো এইবাৰ ঘূৰি অহা নাই। খুপীহঁতক নিশ্চিন্ত মনেৰে খেলিবলৈ দি তেওঁ ভিতৰলৈ গল। ভিতৰৰ পৰা উভতি আহি দেখে যে সেই গোৰা চিপাহীজন খুপী-ৰূপীৰ কাষৰে থিয় হৈ সিহঁতৰ ফালে চাই আছে। ভাগিনীয়েকে দুজনীয়ে ভয় খাই চিয়ৰী উঠিল।

সেয়েহে বায়েকে চিপাহীটোৱে সিহঁতক দি যোৱা ফটো খন যীশুখ্ৰীষ্টৰ ছবি নেকি সোধাত গল্পকাৰে তাক মিলিটাৰীহে বুলি কোৱাৰ পৰিৱৰ্তে সেয়া যীশুখ্ৰীষ্টৰ ছবি নহয়, যীশুখ্ৰীষ্টৰ ফটোহে বুলি কলে।

৩। যীশুখৃষ্টৰ ছবি গল্পটোত গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে আলোচনা কৰা।

উত্তৰঃ দহ-বাৰ বছৰীয়া খুপী আৰু সাত বছৰীয়া ৰুপীয়ে সিহঁতৰ ঘৰৰ সন্মুখৰ ঘাহঁনিত আপোন মনে ওচৰৰ কেম্পটোত থকা গোৰা চিপাহীজনে দেখি নিজৰ ছোৱালী গিজনীক দেখা নিছিনা অনুভৱ কৰিলে। সি পৃথিৱীৰ বিভিন্ন ঠাইৰ অচিনাকি শিশুক বুকুট সাবটি তেওঁৰ জীয়ৰী ইভ্লিনা আৰু ডেইজি বুলি ভাবি মৰম উজাৰিছে। কিন্তু কোনোৱে তাক ডেডি বুলি নামাতে। সেয়াই তেওঁৰ দোষ। এনে ভাৱে গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ প্ৰকাশিত হৈছে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects