AHSEC Class 12 Assamese Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ পাঠটোৰ উত্তৰ

কাঠমিস্ত্ৰীৰ ঘৰ

(ক) অতি চমু প্ৰশ্নঃ

১। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো ১৯৩৯ চনত ৰচিত হৈছিল।

২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথি হ’ল ‘অভিযান’।

৩। কবিতাটিত ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰঃ কবিতাটোত ‘প্রৱাল দ্বীপৰ শৃংগৰ দৰে’ বুলি কাঠমিস্ত্ৰীৰ ঘৰৰ কথা কোৱা হৈছে।

৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰঃ কবিতাটোত উল্লেখ কৰা বিশ্বশিল্পীজন হ’ল কাঠমিস্ত্রী।

৫। কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে

উত্তৰঃ কবিতাটোত কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ নিজ বাহুবলেৰে সাব্যস্ত কৰিব লাগিব বুলি কোৱা হৈছে।

(খ) চমু প্ৰশ্নঃ

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কবিতাটোত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ’ল — ৰাণ্ডা আৰু বটালি।

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰঃ নৱকান্ত বৰুৱাদেৱে ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ বিষয়ত এনেদৰে কৈছিল ‘মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ’।

৩। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰঃ কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাব হৈছে টেবুল, চকী, আলনা, ড্ৰয়াৰ, আলমাৰি, আৰামী চকী, ঘৰ-দুৱাৰ, অট্টালিকা আদি।

৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কবিতাটোত কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কোৱা হৈছে।

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীৰ লগতে কবিয়ে মিস্ত্রী, কঁহাৰ, কমাৰ আদিৰ দৰে শ্ৰমজীৱী শ্রমিকসকলক নিজৰ নিজৰ অধিকাৰ নিজ বাহুবলেৰে কাঢ়ি ল’বলৈ কৈছে।

(গ) দীঘল প্ৰশ্ন:

১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম ১৯১০ চনত গোলাঘাট জিলাৰ কৰুণাটিং চাহ বাগিছাত হৈছিল। তেওঁৰ পিতৃ আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাতৃ আছিল নয়নতৰা। সৰুতেই পিতৃহীন হোৱা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ষষ্ঠ শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা লাভ কৰি তাৰ পিছত স্বাধ্যায় আৰু অভিজ্ঞতাৰ জৰিয়তে নিজে নিজেই জ্ঞান অৰ্জন কৰে। দেশপ্ৰেমৰ গভীৰ অনুভূতিয়ে তেওঁক অতি সোনকালেই স্বাধীনতা আন্দোলনৰ সৈতে জড়িত কৰে আৰু ১৯২৮ চনৰ পৰা তেওঁ সক্ৰিয়ভাৱে দেশৰ সেৱাত আত্মনিয়োগ কৰে। স্বাধীনতা সংগ্ৰামত অংশ লোৱাৰ বাবে তেওঁ দুবছৰ কাৰাবাস ভোগ কৰিবলগীয়া হয়। কৃষক আৰু শ্ৰমজীৱী জনসাধাৰণৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰোঁতে তেওঁ বহুতো দমন-পীড়নৰ সন্মুখীন হয়। ১৯৩৬ চনত প্ৰকাশিত তেওঁৰ কাব্য সংকলন ‘অভিযান’ৰ জৰিয়তে অসমীয়া কবিতাত প্ৰগতিবাদী ধাৰাৰ সুদৃঢ় বিকাশ ঘটে। তেওঁৰ কবিতাসমূহত সমাজজীৱনৰ কঠোৰ বাস্তৱতা, শোষণ-বঞ্চনাৰ চিত্ৰ আৰু বিপ্লৱী চেতনাৰ স্পষ্ট প্ৰতিফলন দেখা যায়।

২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।

উত্তৰঃ কবিতাটিত কবিয়ে কাঠমিস্ত্ৰীসকলৰ কঠোৰ শ্ৰম আৰু দুখ-কষ্টৰ এক হৃদয়বিদাৰক চিত্ৰ দাঙি ধৰিছে। কাঠমিস্ত্ৰীসকলে কপালৰ ঘাম মাটিত পেলাই আজাৰ, শাল, শিঙৰীৰ দৰে কঠিন কাঠ ৰাণ্ডা, হাতুৰী আৰু বটালিৰে কাটি-ছাঁট কৰি ধনী শ্ৰেণীৰ বাবে সুন্দৰ আচবাব আৰু সুউচ্চ অট্টালিকা নিৰ্মাণ কৰে। দেহৰ তেজ-পানী কৰি তেওঁলোকে সমাজৰ ভৌতিক সুখৰ আধাৰ গঢ়ি তোলে, কিন্তু সেই অট্টালিকাত তেওঁলোকৰ নিজস্ব আশ্ৰয় নাথাকে। ইমান শ্ৰম কৰাৰ পিছতো তেওঁলোক দৰিদ্ৰতাৰ মাজতেই জীৱন কটাবলৈ বাধ্য হয়। এইদৰে কবিয়ে কাঠমিস্ত্ৰীসকলৰ শ্ৰম, বঞ্চনা আৰু জীৱনৰ দুৰ্দশাক সংবেদনশীলভাৱে প্ৰকাশ কৰিছে।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-

‘ বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

কাঠমিস্ত্ৰীসকলৰ অক্লান্ত শ্ৰম, ত্যাগ আৰু সৃষ্টিশীলতাৰ বিপৰীতে তেওঁলোকৰ দুখ-কষ্টপূৰ্ণ জীৱনৰ বাস্তৱ চিত্ৰ দাঙি ধৰাৰ প্ৰসংগত কবিয়ে এই পংক্তিকেইটা উল্লেখ কৰিছে।

উক্ত কবিতাফাকিত কবিয়ে দেখুৱাইছে যে পৃথিৱীৰ সকলো শ্ৰমজীৱী কৰ্মীয়ে নিজৰ তেজ-ঘাম ঢালি মানৱ সভ্যতাৰ গৌৰৱ স্বৰূপ উজ্জ্বল প্ৰাসাদ আৰু অট্টালিকা নিৰ্মাণ কৰে। ধনী শ্ৰেণীৰ সুখ-ভোগ আৰু ঐশ্বৰ্যৰ আধাৰ এই মায়াপুৰীৰ দৰে প্ৰাসাদসমূহ কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ ফল। কিন্তু এনে মহৎ সৃষ্টি কৰা কাঠমিস্ত্ৰীসকলৰ নিজৰ ঘৰ সাধাৰণ আৰু দুখীয়া। যিসকলে মানৱৰ বাবে উজ্জ্বল প্রাসাদ গঢ়ে, সেইসকলেই নিজে দৰিদ্ৰ জীৱন যাপন কৰিবলগীয়া হয়। এইদৰে কবিয়ে শ্ৰমজীৱী কাঠমিস্ত্ৰীসকলৰ ত্যাগ আৰু সমাজৰ বৈষম্যক গভীৰ সংবেদনশীলতাৰে প্ৰকাশ কৰিছে।

৪। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীসকলে আজাৰ, শাল, শিঙৰী আদি কঠিন আৰু নীৰস কাঠবোৰক মসৃণ কৰি, ৰাণ্ডা মাৰি, বটালিৰে খুন্দিয়াই বিভিন্ন মনোমোহা আচবাব সাজি উলিয়ায়। তেওঁলোকৰ হাতৰ পৰশতেই সেই কঠিন, বেঁকা-বেঁকি কাঠে যেন জীৱন লাভ কৰে। ঠিক যেন এজন শিল্পীৰ স্পৰ্শত শিল্পকলা প্ৰাণৱন্ত হৈ উঠে, তেনেকৈ কাঠমিস্ত্ৰীৰ হাতৰ ছোঁৱাত কাঠটোৱে নানা আকাৰ-আকৃতি লাভ কৰি মনোমোহা ৰূপ ধৰে। সেই বাবে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি অভিহিত কৰা হয়।

৫। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰী আৰু অন্যান্য শ্রমজীৱীসকলে কঠোৰ শাৰীৰিক শ্ৰম কৰি সমাজৰ ধনী শ্ৰেণীৰ বাবে সুউচ্চ অট্টালিকা আৰু মনোমোহা সামগ্ৰী নিৰ্মাণ কৰে। তাৰ বিপৰীতে, তেওঁলোকৰ জীৱন সদায় অভাৱ-অনাটনত কটে আৰু তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। কবিতাটোত কবিয়ে কয় যে এই দুৰ্দশাগ্ৰস্ত শ্রমজীৱীসকলে নিজৰ প্ৰাপ্য অধিকাৰ নিজেই সাব্যস্ত কৰিব লাগিব, কাৰণ ধনী শ্ৰেণীয়ে স্বেচ্ছায় এই অধিকাৰ দিয়া নাই। সেই অধিকাৰ লাভ কৰিবলৈ তেওঁলোকে নিজৰ বাহুবল আৰু সংহত প্ৰচেষ্টাৰ জৰিয়তে ব্যৱস্থা ল’বলগীয়া হৈছে।

Scroll to Top