ভাৰতীয় আদর্শত বৈৰাগ্য
(ক) অতি চমু প্ৰশ্নঃ
১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?
উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।
২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ’ল বেদ।
৩। কর্ম কৰা কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?
উত্তৰঃ কৰ্ম কৰা কৌশলক ভাগৱদ্গীতাত ‘কর্মযোগ’ বুলি অভিহিত কৰা হৈছে।
৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?
উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ কাব্য়গ্ৰন্থ খনৰ নাম হ’ল ‘কামসেন্দুৰ’।
৫। তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে ‘সত্য’ আৰু ‘ধৰ্ম
(খ) চমু প্ৰশ্নঃ
১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰঃ ভাৰতীয় আদৰ্শত ‘সংবিভাজ্য’ শব্দটোৱে নিজৰ উপাৰ্জিত ধন-সম্পত্তি আনৰ সৈতে সমানে ভগাই লৈ ভোগ কৰা কাৰ্যক বুজাইছে।
২। ‘শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’ মানে কি?
উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত উল্লেখিত ‘শ্ৰদ্ধয়া দেয়ম্’ মানে হ’ল শ্ৰদ্ধাৰে দান কৰা আৰু ‘অশ্রদ্ধয়া অদেয়ম্’ মানে হ’ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে। এনে ভাৱ দান কৰা-নকৰা সমান। নিজৰ সামৰ্থ অনুসৰি অন্তৰত শ্রদ্ধাৰ ভাৱ ৰাখি প্ৰেম ভাবত দান কৰিব লাগে।
৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ প্ৰকৃত ত্যাগ বা বৈৰাগ্য হ’ল এক বিশেষ মনোধর্ম । কিন্তু নোহোৱাৰ নালাগে বোলা ত্যাগক প্রকৃত ত্যাগ বুলিব নোৱাৰি। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে-লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হ’ল প্রকৃত ত্যাগ।
৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত বিধিবাক্য আছে ‘–‘ভূঞ্জীথাঃ’, নিষেধ বাক্য হ’ল মা গৃধঃ’। ‘ভুঞ্জীথাঃ’ মানে ভোগ কৰা কিন্ত সাৱধান ত্যক্তেন- ত্যাগ কৰিহে ভোগ কৰিব লাগে । মা গৃধঃ নিজে ত্যাগৰ ভাবত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাই হ’ল উপনিষদৰ বিধান। অৰ্থাৎ ঈশোপনিষদত ভূঞ্জীথাঃ’ৰ মাধ্যমেৰে মানুহে কেনেদৰে ভোগ কৰিব তাৰ উপদেশ প্রদান কৰিছে ।
৫। ‘অতিথি দেৱো ভৱ’ মানে কি?
উত্তৰঃ অতিথি দেবো ভৱ — মানে অতিথি দেৱতাৰ তুল্য। ঘৰলৈ অহা অতিথি- আলহীক সেইকাৰণে ভালদৰে সেৱা-সৎকাৰ কৰিব লাগে। ইয়াত অতিথিয়ে ব্যক্তিৰ, সমাজৰ প্ৰতি থাকিব লগা দায়িত্বৰ কথা সুচাইছে। উপনিষদৰ মতে সংসাৰত প্ৰৱেশ কৰিব খোজা প্ৰতিজন যুৱকে বুজা উচিত যে তেওঁ নিজৰ কাৰণেই ডাঙৰ হোৱা নাই, নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই। নিজৰ পৰিয়ালৰ, শিক্ষক আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও ব্যক্তিৰ আৰ্জন অৰ্পিত কৰিব লাগে।
(গ) দীঘল প্রশ্ন।
১। ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’- কথাষাৰ বহলাই লিখা।
উত্তৰঃ বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। ‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুসৰি বেদসমূহৰ কোনো নিৰ্দিষ্ট ৰচক নাই। পৰম্পৰা অনুসাৰে ব্যাস মুনি হৈছে বেদৰ সংকলক; তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰ একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে—ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ কেৱল ধৰ্মগ্ৰন্থ নহয়, বৰঞ্চ জীৱন যাপনৰ উচ্চস্তৰৰ সুস্পষ্ট দিশ নিৰ্দেশ কৰা হৈছে।
বেদৰ অন্তিম অংশ বেদান্ত বা উপনিষদত কৰ্ম, ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি জীৱন কৌশলৰ বিৱৰণ আছে। এই কৌশলসমূহে ব্যক্তি আৰু সমাজক জীৱনৰ বিভিন্ন পৰিস্থিতিত সন্মুখীন হ’বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰ আৰু ঋষিসকলৰ প্ৰার্থনাত এটা সুসমৃদ্ধ আৰু গঠনমূলক জীৱন যাপনৰ পৰিচয় পোৱা যায়।
বেদত প্ৰকাশিত ধর্ম, দর্শন আৰু সমাজ সংক্রান্ত চিন্তাধাৰাই প্ৰাচীন ভাৰতৰ সভ্যতা আৰু সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছে। সেইদৰে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হয়, কাৰণ যুগে যুগে এই কৰ্ম, ধৰ্ম আৰু দৰ্শনৰ শিক্ষা ভাৰতীয় সমাজৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক গঠন সজাই ৰাখিবলৈ সহায় কৰিছে।
২। চাৰি আশ্ৰম বুলিলে কি বুজা?
উত্তৰঃ চাৰি আশ্ৰম বুলিলে ভাৰতীয় আদৰ্শ অনুসৰি ব্যক্তি এজনৰ জীৱনকালক চাৰিটা স্তৰত ভাগ কৰা বুজায়। এই চাৰিটা আশ্ৰম হৈছে— ব্ৰহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
চাৰি আশ্ৰমৰ প্ৰথম স্তৰ ব্ৰহ্মচর্য। এই সময়ছোৱাত ব্যক্তিয়ে গুৰুৰ কাষত থাকি বিদ্যা-শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰে। গুৰুয়ে শিষ্যক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক শিক্ষা আৰু কৰ্মৰ কৌশলসমূহৰ উপদেশ প্ৰদান কৰে।
দ্বিতীয় স্তৰ হৈছে গার্হস্থ্য, য’ত ব্যক্তি বৈবাহিক জীৱনত প্ৰৱেশ কৰে আৰু সংসাৰৰ দায়িত্ব পালন কৰে। তাৰ পিছত বানপ্রস্থ— সংসাৰৰ চিন্তা এৰি বৈৰাগ্য আৰু ধৰ্মত নিয়োজিত হোৱা অৱস্থা। সকলো সংসাৰিক কৰ্ম এৰি ঈশ্বৰ চিন্তাত নিমজ্জিত হৈ জীৱন কটোৱা অৱস্থাক সন্ন্যাস আশ্ৰম বোলা হৈছে।
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?
উত্তৰঃ বৈৰাগ্য মানে হৈছে বিৰাগ বা বিষয়-ইন্দ্রিয়ৰ প্ৰতি অনাশক্তি। সহজ ভাষাত ক’লে, ই হৈছে সংসাৰৰ সুখ-সম্ভোগ, ধন-সম্পদ বা ইন্দ্রিয় ভোগৰ পৰা মনোসংযোগ এৰি ঈশ্বৰ সাধনাত নিয়োজিত হোৱা অৱস্থা। সংযতভাৱে জীৱন-যাপন কৰি, প্ৰাপ্তিৰ পিছতো নিৰাসক্ত হৈ থকাটোৱেই বৈৰাগ্যৰ প্রকৃত অৰ্থ।
ভাৰতীয় আদৰ্শত বৈৰাগ্যক অতি উচ্চ স্থান দিয়া হৈছে। কিন্তু নোপোৱাৰ অসন্তোষ বা হতাশাত জন্ম হোৱা বিৰক্তিক বৈৰাগ্য বুলি গণ্য কৰা হোৱা নাই। মানে, পোৱা বা নোপোৱাৰ বাবে হাবাথুৰি খাই দুখী হোৱাৰ দৰে বৈৰাগ্য সঠিক নহয়।
প্ৰকৃত বৈৰাগ্য হৈছে প্ৰাপ্তিৰ পিছতো বিষয়-ভোগৰ প্ৰতি মন আসক্ত নথকাৰ অৱস্থা। ভাৰতীয় আদৰ্শত এনে বৈৰাগ্যক যথেষ্ট গুৰুত্ব দিয়া হৈছে, সেইবাবে গৃহস্থী জীৱনৰ কৰ্তব্যৰ সঠিক পালন কৰাৰ পাছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।
8। গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?
উত্তৰঃ গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত সত্যৰ পৰা বিচ্যুত নহ’ব আৰু ধৰ্ম আচৰণ কৰিবলৈ উপদেশ দিছিল। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’ব আৰু নিজৰ মংগলৰ বাবে কৰণীয় কামত মনোনিবেশ কৰিবলৈ বুলি শিকাইছিল। তেওঁ শিক্ষাৰ্থীক গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিবলৈ, ধন-সম্পত্তি সংগ্ৰহ কৰিবলৈ কিন্তু ধর্মপথৰ পৰা বিচ্যুত নহ’বলৈ আৰু মংগলজনক কাৰ্য কৰিবলৈ উপদেশ দিছিল। লগতে দেৱকাৰ্য আৰু পিতৃকাৰ্যত কেতিয়াও প্ৰসাদগ্রস্ত নহ’ব, পিতৃ-মাতৃক দেৱতাৰ দৰে মানি, আৰু আচাৰ্যক দেৱতাৰ দৰে মানি চলিবলৈ গুৰুৱে উপদেশ দিছিল। তদুপৰি ডাঙৰৰ যিবােৰ ভাল সেইবােৰ আচৰণ কৰিবলৈ আৰু ডাঙৰৰ যিবােৰ বেয়া সেইবােৰ পৰিহাৰ কৰিবলৈ গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত উপদেশ দিছিল ।
৫। ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিত বৈৰাগ্যক বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি বুলি ব্যাখ্যা কৰা হৈছে। ভাৰতীয় আদৰ্শত কৰ্ম, ত্যাগ আৰু বৈৰাগ্য একেলগে চলা ধাৰা। মানুহে কৰ্ম কৰি গৈয়েই নিৰাসক্ত হৈ থাকিলে জীৱনৰ প্রকৃত সত্য উপলব্ধি কৰিব পাৰে। ইয়াত নোপোৱাৰ হতাশা বা ব্যৰ্থতাৰ পৰা জন্ম হোৱা বৈৰাগ্যক মান্যতা দিয়া হোৱা নাই। প্ৰকৃত বৈৰাগ্য হৈছে পালেও বিষয়-ভোগৰ প্ৰতি আসক্ত নোহোৱা, সংযতভাৱে জীৱন যাপন কৰা আৰু সংবিভাজনৰ জৰিয়তে সমাজৰ কল্যাণ সাধন কৰা। সেয়েহে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যক উচ্চ স্থান দিয়া হৈছে, কিন্তু সেই ত্যাগ হৈছে সচেতন আৰু মনোধর্মগত ত্যাগ।