অগতানুগতিক শিক্ষা
১। অগতানুগতিক শিক্ষা কাক বোলে ?
উত্তৰঃ আনুষ্ঠানিক বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বাহিৰত সুপৰিকল্পিতভাৱে ব্যক্তি আৰু সমাজৰ প্ৰয়োজন অনুসৰি যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলে।
২। অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ শিক্ষাবিদ জে.পি. নায়কৰ মতে —
“আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ বাহিৰত সুপৰিকল্পিতভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থাক অগতানুগতিক শিক্ষা বোলা হয়।”
৩। অগতানুগতিক শিক্ষাৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ১। ব্যক্তি আৰু সমাজৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।
২। তাত্ত্বিক বিষয়তকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী শিক্ষাক অধিক গুৰুত্ব দিয়ে।
৩। এই শিক্ষা ব্যৱস্থা তুলনামূলকভাৱে কম খৰচী।
৪। যোগাযোগ শিক্ষা মানে কি ?
উত্তৰঃ যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত নোহোৱাকৈ বিভিন্ন মাধ্যম যেনে ৰেডিঅ’, টেলিভিছন, কম্পিউটাৰ, মোবাইল আদি ব্যৱহাৰ কৰি শিক্ষা গ্ৰহণ কৰে তাক যোগাযোগ শিক্ষা বোলে।
৫। যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। নিয়মিত শ্ৰেণীত উপস্থিত নোহোৱাকৈ উচ্চ শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা।
২। কম খৰচত অধিক সংখ্যক লোকক শিক্ষা প্ৰদান কৰা।
৬। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়নে ?
উত্তৰঃ অগতানুগতিক শিক্ষা সাধাৰণতে অপ্ৰতিষ্ঠানিক স্বৰূপৰ হয়, যদিও কিছুমান ক্ষেত্ৰত প্রতিষ্ঠানৰ সহায়ত চলোৱা হয়।
৭। অগতানুগতিক শিক্ষাৰ অন্তর্ভুক্ত ব্যক্তিসকল কোন কোন ?
উত্তৰঃ ১। অকৃতকাৰ্য যুৱক-যুৱতী
২। দক্ষ কৰ্মী আৰু শিল্পী
৩। কৃষক আৰু ব্যৱসায়ী
৪। গৃহিণী
৫। শিক্ষক আৰু কৰ্মচাৰী
৬। অনুসূচিত জাতি আৰু জনজাতিৰ লোক
৭। শিশু শ্রমিক
৮। যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিল ?
উত্তৰঃ চাৰ আইজাক পিটমেনে ১৮৪০ চনত যোগাযোগ শিক্ষাৰ ধাৰণা প্ৰথম প্ৰচলন কৰিছিল।
৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ ১। ব্যক্তিক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰি জীৱনৰ মান উন্নত কৰা।
২। আৰ্থ-সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা।
৩। সমাজৰ সকলো স্তৰৰ লোকক শিক্ষা প্ৰদান কৰা।
৪। উপাৰ্জন আৰু শিক্ষা একেলগে চলোৱাৰ সুযোগ প্ৰদান কৰা।
১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে ?
উত্তৰঃ জ্ঞানৰ বিস্ফোৰণৰ ফলত জ্ঞানৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে। অগতানুগতিক শিক্ষাই যোগাযোগ মাধ্যম, দূৰৱৰ্তী শিক্ষা আৰু মুক্ত শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে অধিক সংখ্যক লোকক সহজে আৰু দ্রুত শিক্ষা প্ৰদান কৰি এই সমস্যাৰ সমাধান কৰিব পাৰে।
১১। বর্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্রয়োজনীয় ?
উত্তৰঃ ১। নিৰক্ষৰতা দূৰ কৰাৰ বাবে।
২। শিক্ষাৰ সাৰ্বজনীনকৰণৰ বাবে।
৩। বৃত্তিমূলক দক্ষতা বৃদ্ধি কৰিবলৈ।
৪। কৰ্মৰত লোকসকলক শিক্ষা লাভৰ সুবিধা দিবলৈ।
১২। যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা ।
উত্তৰঃ ১। জীৱনজোৰা শিক্ষা লাভৰ সুযোগ দিয়ে।
২। সময় আৰু স্থানৰ বাধা নাথাকে।
১৩। যোগাযোগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা ।
উত্তৰঃ ১। শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ কম হয়।
২। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্রত্যক্ষ যোগাযোগ নাথাকে।
১৪। দূৰৱৰ্তী শিক্ষা মানে কি ?
উত্তৰঃ যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী আৰু শিক্ষক ভৌগোলিকভাৱে দূৰত থাকিলেও বিভিন্ন যোগাযোগ মাধ্যমৰ সহায়ত শিক্ষা গ্ৰহণ কৰে তাক দূৰৱৰ্তী শিক্ষা বোলে।
১৫। দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ জেক ফকচেৰ মতে —
“দূৰৱৰ্তী শিক্ষা হৈছে এনে শিক্ষা পদ্ধতি যি সাধাৰণ বিদ্যালয় ভিত্তিক শিক্ষাৰ পৰা পৃথক।”
১৬। দূৰৱৰ্তী শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।
২। শিক্ষা ব্যৱস্থাক বৃত্তিমুখী কৰা।
৩। শিক্ষাৰ মান উন্নত কৰা।
৪। কম খৰচত অধিক লোকক শিক্ষা প্ৰদান কৰা।
১৭। দূৰৱৰ্তী শিক্ষাৰ দুটা মূল উদ্দেশ্য লিখা ।
উত্তৰঃ ১। শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।
২। বৃত্তিমুখী আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা।
১৮। মুক্ত শিক্ষা মানে কি ?
উত্তৰঃ যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছা, সুবিধা আৰু সামৰ্থ্য অনুসৰি স্বাধীনভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে তাক মুক্ত শিক্ষা বোলে।
১৯। মুক্ত শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। জীৱনজোৰা শিক্ষা লাভৰ সুযোগ প্ৰদান কৰা।
২। শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰা।
২০। মুক্ত শিক্ষাৰ তিনিটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। জীৱনজোৰা শিক্ষা প্ৰদান কৰা।
২। শিক্ষা আৰু উপাৰ্জন একেলগে চলোৱাৰ সুযোগ সৃষ্টি কৰা।
৩। শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰা।
২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ১। ব্যক্তি আৰু সমাজৰ চাহিদাভিত্তিক শিক্ষা।
২। ব্যৱহাৰিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব।
২২। মুক্ত বিশ্ববিদ্যালয়ৰ তিনিটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। শিক্ষাৰ গণতান্ত্রিকীকৰণ কৰা।
২। জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা দিয়া।
৩। শিক্ষাক শিক্ষাৰ্থীকেন্দ্ৰিক কৰা।
২৩। মুক্ত বিশ্ববিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ ১। নতুন জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা।
২। শিক্ষাক শিক্ষাৰ্থীকেন্দ্ৰিক কৰা।
২৪। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ?
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।
২৫। IGNOU- ৰ সম্পূর্ণ ৰূপ লিখা ।
উত্তৰঃ Indira Gandhi National Open University.
২৬। ১৯৮৫ চনত স্থাপিত মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ?
উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)।
২৭। প্ৰথম মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ ইংলেণ্ডত ১৯৬৯ চনত স্থাপন কৰা হৈছিল।
২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ দিল্লীত ১৯৮৫ চনত স্থাপন কৰা হৈছিল।
২৯। অসমত স্থাপিত মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।
৩১। চমুটোকা
(ক) দূৰৱৰ্তী শিক্ষা
উত্তৰঃ দূৰৱৰ্তী শিক্ষা হৈছে এনে শিক্ষা ব্যৱস্থা য’ত শিক্ষক আৰু শিক্ষাৰ্থী একে ঠাইত উপস্থিত নাথাকে। যোগাযোগ মাধ্যম যেনে ছপা পাঠ্যসামগ্ৰী, ৰেডিঅ’, টেলিভিছন, ইণ্টাৰনেট আদিৰ সহায়ত শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে অধিক সংখ্যক লোকক সহজে আৰু কম খৰচত শিক্ষা প্ৰদান কৰা।
(খ) মুক্ত বিদ্যালয়
উত্তৰঃ মুক্ত বিদ্যালয় হৈছে এনে শিক্ষা প্রতিষ্ঠান য’ত আনুষ্ঠানিক বিদ্যালয়ৰ দৰে কঠোৰ নিয়ম নাথাকে। শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰে। এই বিদ্যালয়ত আধুনিক যোগাযোগ মাধ্যম ব্যৱহাৰ কৰি শিক্ষাদান কৰা হয়।
(গ) মুক্ত বিশ্ববিদ্যালয়
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয় হৈছে এনে বিশ্ববিদ্যালয় য’ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা আৰু সময় অনুসৰি উচ্চ শিক্ষা লাভ কৰিব পাৰে। ইয়াত দূৰৱৰ্তী শিক্ষা, যোগাযোগ শিক্ষা আৰু মুক্ত শিক্ষাৰ ব্যৱস্থা থাকে।