AJB Class 7 Assamese Chapter 7 Question Answer | Class 7 Assamese Chapter 7 ভদৰী Question Answer | 2026 Update

পাঠ – ৭

ভদৰী

১) প্ৰথমে কোৱা্ঁ তাৰ পাছত লিখা :

ক) ঐ অ! ভাত লৈ আহ!-শুনিছনে?” – কথাষাৰ কোনে কাক কৈছিল?

উতৰঃ ঐ অ! ভাত লৈ আহ!-শুনিছনে?”- এই কথাষাৰ গিৰীয়েক শিশুৰামে ঘৈনীয়েক ভদৰীক কৈছিল।

খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা –খুন্দা লাগিছিল?

উত্তৰঃ মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে সেই পুৱাই শিশুৰামে খকা-খুন্দা লাগিছিল।

গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰীহাৰ্য অংগবোৰ কি কি বুলি ভাবিছিল?

উত্তৰঃ ভদৰীয়ে ভুকুটো ঢকাটো চৰটো গোৰটো আৰু কাঠখৰি আৰু ঢেকিখঠোৰাৰ মাৰটো, উঠা-বহা, খোৱা-লোৱাৰ লগৰে বিবাহিত জীৱনৰ এটা অপৰিহাৰ্য্য অঙ্গ বুলি ভাবিছিল।

ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিবলৈ আহিছিল?

উত্তৰঃ ভদৰীক শিশুৰামৰ আক্ৰমনৰ পৰা শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে ৰক্ষা কৰিবলৈ আহিছিল।

ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্টৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?

উত্তৰঃ ডাক্তৰে কম্পাউণ্ডৰৰ মুখে সকলো অৱস্থাৰ ভূ পাই শিশুৰামক হাজোতৰ পৰা আনি ভদৰীৰ আগত দিয়ে। কাৰন ভদৰীৰ সোনকালে আৰোগ্য হোৱাৰ আশা নাই ।

চ) ভদৰীয়ে ডাক্টৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?

উত্তৰঃ ভদৰীয়ে ডক্তৰৰ ওচৰত মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি বেটী গোলামীৰ গা কাটিছিল বুলি বুজাইছিল।

ছ) শিশুৰামে কিমানদিন ফাটেক খাটিছিল?

উত্তৰঃ শিশুৰামে তাৰ কঠোৰ পৰিশ্ৰমেৰে সৈতে তিনি মাহ ফাটেক খাটিছিল।

২) বুজা আৰু লিখা :

গৰুটো= গৰুজাক

মাছটো = মাছবোৰ

শিক্ষকগৰাকী= শিক্ষকসকল

পৰ্বতটো= পৰ্বতশ্ৰেণী

৩) বাক্য ৰচনা কৰা

কেকলি-গথনিঃ ৰুমিয়ে কেকলি-গথনি কৰি থাকোতে কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে।

পেটে কঁকালে লগাঃ মূগনীয়া জনে একো খাবলৈ নাপাই পেটে ককাঁলে লাগিছে

লঘোনে-ভোকেঃ বুঢ়া মানুহজন লঘোনে-ভোকে থাকি অসুস্থ হৈ পৰিছে।

উঠা-বহাঃ আমাৰ সমাজত দেখা যায় যে সৰুৱে ডাঙৰৰ আগত সমানে উঠা-বহা নকৰে।

খোৱা-লোৱাঃ আমি সকলোৱে খোৱা-লোৱা প্ৰতি যত্ন লব লাগে।

৪) উদাহৰণ চাই বাকীখিনি কৰা্ঁ

সচাঁ = মিছা

সপোন = দিঠক

অসীম= সসীম

যুগুত= অযুগুত

সহ্য= অসহ্য

জ্ঞানী=মূৰ্খ

৫) বুজা আৰু লিখা্

বাইক= বাক্য

লগন=লগ্ন।

কৰম=কৰ্ম।.

ধৰম=ধৰ্ম।

বিৰিখ=বিৰ্খ।

ভকতি=ভক্তি।

জনম=জন্ম।

[ ৬ ] পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে । খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰাঁ।

উত্তৰঃ

কৃষি সজুলি

১/ নাঙল

২/কোৰ

৩/জৱকা

৪/দলিমাৰি,

৫/মৈ

[ ৭ ] পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত ৰসৰাজ আৰু সাহিত্যৰথী ’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰাঁ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ যি ৰচনা সেয়া অপূৰ্ব। অসমীয়া ভাষা সাবিত্যৰ পুৰণি ভৰালটোক নতুন সৃষ্টীৰে বিনন্দীয়াকৈ বেজবৰিৱাদেৱে সজাই থৈ গৈছে। তেওঁ নোহোৱা বয় সাহিত্যৰ এটা অংশ নাথাকিল হয় ।তেওঁৰ মুখ্য ৰচনাৰাজি এনেধৰণৰ জোনাকী, কবিতা , উপন্যাস, বাঁহী ,সাধুকথা, নাঠক,চুটি গল্প, নানা প্ৰবন্ধ। তেওঁৰ প্ৰত্য়েকটো গল্প উপন্যাস আদি ৰসৰে ভৰি পৰা বাবে আমি তেওঁক ৰসৰাজ আৰু সাহিত্যৰথী বুলি অভিহিত কৰিব পাৰো।   

[ ৮ ] ভাব বহলাই লিখ :

আঁঠুৱা চাই ঠেং মেলা।

উত্তৰঃ ম’হ নিবাৰনৰ বাবে আঠোৱা ব্যৱহাৰ কৰা হয়। আঠুৱা যিমান দীঘল সেই অনুযায়ী ঠেং মেলা উচিত। চুটি আঠোৱাত দীঘলকৈ ঠেং মেলিব গলে ম’হে কামুৰিবই। তেনেকৈ কৰিলে আঁঠুৱা তৰাৰ কোনো অৰ্থ নাথাকিব আৰু আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱা চাইহে ঠেং মেলিব লাগে।

উক্ত যোজনা ফাকিয়ে ইয়াকে বুজাইছে যে সামৰ্থ চাইহে কাম কৰিব লাগে ঠিক সেইদৰে আই চাইহে ব্যয় কৰিব লাগে। অইতকৈ যদি ব্যয় বেছি হয় তেন্তে ঋন বৃদ্ধি হব। আৰু সামৰ্থতকৈ যদি অধিক কৰিব বিচাৰে তেনেহলে বিপদ অনিবাৰ্য্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top