পাঠ:সোতৰ
দেওবাৰ! দেওবাৰ!
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
বেজাৰ = দুখ; অসন্তোষ
লৰালৰি = খৰ-খেদা; ততাতৈয়া
লাহে-ধীৰে = খৰধৰ নকৰাকৈ; ধীৰে-শাঁতে
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে?
উত্তৰঃ দেওবাৰ দিনত লাহে ধীৰে উঠিলেও লৰা-লৰি নহয় আৰু উঠিয়েই খেলিলেও মায়ে গালি নিদিয়ে। সেই কাৰনে বেজাৰৰ চিন নাই।
খ) দেওবাৰৰ দিনটোক কিয় যাদু-লগা দিন বুলি কোৱা হৈছে?
উত্তৰঃ এই দিনটোত ঘুৰি-ফুৰি আঘাত পালেও আনন্দ কৰিব পাৰি, সেইদিনা দেউতাৰো খং নাই কাৰনে যাদু লগা দিন বুলি কৈছে।
গ) তুমি দেওবাৰটো ভাল পোৱানে? দেওবাৰে তুমি কি কি কৰা বাৰু?
উত্তৰঃ ভালপাও। সেইদিনা খেলো, টি.ভি চাও আদি কাম কৰো।
[২] পঢ়া আৰু লিখা:
মাৰবল – মাৰ্বল
কিৰ্কেট – ক্ৰিকেট
বিৰিখ – বৃক্ষ
[৩] তুমি জনা কেইবিধমান ফলৰ নাম লিখাঁ। তাৰ ভিতৰত তুমি খাই ভালপোৱা এবিধ ফলৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখাঁ।
৪] পঢ়া, বুজা আৰু লিখা:
ভৰি = চৰণ পদ
বেজাৰ = দুখ, আঘাত
দেউতা = পিতা, পিতৃ
টোপনি = নিদ্ৰা, .
[৫] উদাহৰণত দিয়াৰ দৰে খালী ঠাই পূৰ কৰা:
উদাহৰণ: ভাল দিন। : বেয়া দিন।
ক) পৰিপাটি ঘৰ :…..লেতেৰা………… ঠাই।
খ) লাহে-ধীৰে শুই :……খৰধৰকৈ…………উঠি।
গ) হাঁহি থকা কেঁচুৱা :…কান্দি ………….. থকা মইনা।
[৬] উদাহৰণলৈ চাই বাক্য ৰচনা কৰা:
উদাহৰণ : খেলোঁ : মই ক্ৰিকেট খেলোঁ।
নেখেলোঁ : মই কাবাদী নেখেলোঁ।
ক) খাওঁঃ মই আম খায় ভাল পাওঁ
নাখাওঁঃ মই তিতা খাদ্য নাখাওঁ।
খ) কৰোঁঃ মই কাম কৰোঁ।
নকৰোঁঃ মই দুষ্ট নকৰোঁ।
গ) পঢোঁঃ মই কিতাপ পঢোঁ
নপঢ়োঁঃ মই বাতৰি কাকত নপঢোঁ।
ঘ) দিবাঃ মোক কিতাপ এখন দিবা।
নিদিবাঃ মোক উপহাৰ নিদিবা।
ঙ) নাচেঃ তাই বিহু নাচে।
নানাচেঃ সীতাই বিহু নানাচে।
[৭] কবিতাটো মনত ৰাখা।
[৮] শিক্ষকক সুধি অৰ্থ জানি লোৱা:
ক) আপোন ভালেই জগত ভাল।
উত্তৰঃ এই পৃথিৱীত যদি নিজে ভাল হয় তেতিয়া কোনেও অপকাৰ কৰিব নোৱাৰে।
খ) যত্ন কৰিলে ৰত্ন পায়।
উত্তৰঃ কোনো এটা কাম যদি আমি নোৱাৰো সেই কামটো বাৰে বাৰে চেষ্টা কৰিলে সেই কামটোত এদিন সফল হব পাৰি।
[৯] উপযুক্ত শব্দটোৰে খালী ঠাই পূৰ কৰা:
লেট-পেট; কেৰ-কেৰ; থেৰো-গেঁৰো; থৰক-বৰক।
ক) মানুহজন শোৱাৰ লগে লগে পুৰণি বিছনাখন কেৰকেৰ কৈ উঠিল।
খ) গাহৰিটোৱে বোকাতে লেট-পেট.. খাই বাগৰি আছে।
গ) মানুহজনে মতাত মই .থেৰো-গেঁৰো.. কৈ আগ বাঢ়ি আহিলোঁ।
ঘ) আমাৰ ককাই আজিকালি থৰক-বৰক কৈ খোজ কাঢ়ে।
[১০] ভাবা আৰু উত্তৰ উলিওৱা:
তিনিশ পঁয়ষষ্ঠিটা হাটীৰ পাল,
বাৰখন পথাৰত চৰে সৰ্বতিকাল।
ত্ৰিছতা পুখুৰীত খায় পানী,
সাতোটা স্তম্ভত বান্ধে টানি টানি।
উত্তৰঃ ৩৬৫ দিন, বাৰ মাহ, ৩০ দিন, এসপ্তাহ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post