Chapter 19
ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ
১।ভূগোল মানে কি?
উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে খচি মাৰি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা বিষয়টোৱেই হৈছে ভূগোল।
২।ভূগোলৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হৈছে- ক) প্ৰাকৃতিক ভূগোল আৰু
খ) মানৱ ভূগোল
৩।প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তু কি লিখাঁ।
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তু হৈছে পৃথিৱীৰ উপৰিভাগত থকা বিভইন্ন ভূ-অভয়ৱ যেনে- পৰ্বত-পাহাৰ, নৈ, সাগৰ, মহাসাগৰ, বায়ুমণ্ডল, আকাশ, দিশ, স্থান, সময় আদি কথাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতো কৃত্ৰিম উপগ্ৰহৰ সহায়ত গ্ৰহ-নক্ষত্ৰ আধিৰ ফটো তোলা বিষয়টোও থাকে।
৪।মানৱ ভূগোলৰ বিষয়বস্তু কি লিখাঁ।
উত্তৰঃ মানৱ ভূগোলৰ বিষয়বস্তু হৈছে মানুহৰ কাৰ্যকলপাৰ ফলত প্ৰাকৃতিক পৰিবেশত হোৱা নানান পৰিৱৰ্তন আৰু প্ৰভাৱৰ বিষয়ে অধ্য়য়ন কৰা হয়। ইয়াৰ লগতে মানৱ ভূগোলত মানুহৰ সামাজিক, সাংস্কৃতিক আু ৰাজনৈতিক দিশবোৰৰ বিষয়েও আলোচনা কৰা হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post