Might Learn Logo Might Learn Shop Might Learn

AJB Class 6 Science Chapter 3 Answer খাদ্য়ৰ উপাদান

খাদ্যৰ উপাদান | Lesson 3 | Class 6 Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ৩

খাদ্য়ৰ উপাদান

1. শুদ্ধ উত্তৰ বাছি উলিওৱা-

(i) ভিটামিন A-ৰ অভাৱত হোৱা বেমাৰবিধ হ’ল-

a. কুকুৰীকণা

b. স্কাৰ্ভি

c. বেৰিবেৰি

d. ৰক্তহীনতা

উত্তৰঃকুকুৰীকণা।

(ii) দেহ-ইন্ধন হ’ল-

a. প্ৰ’টিন

b. কাৰ্ব’হাইড্ৰেট

c. ভিটামিন

d. খনিজ লৱন

উত্তৰঃ কাৰ্ব’হাইড্ৰেট।

2. খালী ঠাই পূৰ কৰা।

(a) ভিটামিন D-ৰ অভাৱত ৰিকেট বেমাৰ হয়।

(b) চাউল, দাইল বেছিকৈ ধুলে তাত থকা ভিটামিনB আৰু ভিটামিনC নাইকিয়া হয়।

(c) খাদ্যত দীৰ্ঘদিন পুষ্টিদ্ৰব্যৰ অভাৱত অভাৱজনিত ৰোগ হয়।

3. শুদ্ধ বাক্যত চিন (✓) দিয়া। 

(a) কেৱল ভাত খালেই আমাৰ দেহৰ প্রয়ােজনীয় পৰিপুষ্টি পূৰণ হয়।

উত্তৰঃ অশুদ্ধ।

(b) সুষম আহাৰে অভাৱজনিত ৰােগবােৰক বাধা দিয়ে। 

উত্তৰঃ শুদ্ধ।

(c) শৰীৰৰ বাবে প্রয়ােজনীয় সুষম আহাৰত সকলাে পুষ্টিদ্রব্য নির্দিষ্ট পৰিমাণত থাকিব লাগে। 

উত্তৰঃ শুদ্ধ।

(d) কেৱল মাছ-মাংসই শৰীৰৰ প্রয়ােজনীয় সকলাে পুষ্টিদ্রব্য যােগান ধৰে। 

উত্তৰঃ অশুদ্ধ।

4. আহাৰত প্ৰ’টিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা। 

উত্তৰঃ খাদ্যত প্ৰ’টিনৰ উপস্থিতিৰ প্ৰমাণ কৰিবলৈ দুবিধ কপাৰ ছালফেট আৰু বেকিং ছডাৰ দ্ৰৱ। পৰীক্ষা নলীত ৰন্ধা দাইল অলপ লোৱা হ’ ল। এতিয়া মিশ্ৰটোত 2 টোপাল কপাৰ ছালফেট আৰু 10 টোপাল বেকিং ছডাৰ মিহলাই লোৱা হ’ল। পৰীক্ষানলীডাল ভালদৰে জোকাৰি কিছু সময় ৰাখি থোৱা হ’ল। মিশ্ৰটো বেঙুনীয়া ৰং হ’লে প্ৰটিন থকাতটো নিশ্চিত হ’ব।

5. তলত দিয়া উপাদানসমৃদ্ধ খাদ্যবােৰৰ প্রতিটোৰে দুটাকৈ নাম

উল্লেখ কৰা।

(a) স্নেহপদার্থ 

উত্তৰঃ  স্নেহপদাৰ্থ- গাখীৰ আৰু কণী।

(b) শ্বেতসাৰ 

উত্তৰঃ শ্বেতসাৰ– গাখীৰ আৰু কণী।

(c) আঁহজাতীয় খাদ্য 

উত্তৰঃ আঁহজাতীয় পদাৰ্থ- ভেণ্ডি আৰু চজনা।

(d) প্ৰ’টিন

উত্তৰঃ  প্ৰ’টিন- মাছ,মাংস,ভিটামিন।

6. কোনবিধ পুষ্টিদ্রব্যই প্রতিগ্রাম হিচাপত অধিক শক্তি প্রদান কৰে? 

উত্তৰঃ কাৰ্বহাইড্ৰেট।

7. কোনবিধ ভিটামিনৰ অভাৱে ‘ৰিকেট’ নামৰ বেমাৰবিধৰ সৃষ্টি কৰে? 

উত্তৰঃ ভিটামিন D।

8. অধিক পৰিমাণৰ পানী থকা দুবিধ ফলৰ নাম লিখা। 

উত্তৰঃ (i) আনাৰস আৰু (ii) তৰমুজ।

9. পুষ্টিদ্রব্য বুলিলে কি বুজা? 

উত্তৰঃ আমাৰ খাদ্যত থকা কাৰ্বহাই’ড্ৰেট, প্ৰ’টিন, ভিটামিন, চৰ্বী জাতীয় পদাৰ্থ, খনিজ লৱণ, আঁহজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণৰ পানী থাকিব লাগে। এই সকলোবোৰ পদাৰ্থক পুষ্টিদ্ৰব্য বোলে। 

10. আমাৰ খাদ্যত ৰুক্ষাহাৰৰ কাম কি? 

উত্তৰঃ ৰুক্ষাহাৰ বা আঁহযুক্ত আহাৰত থকা আঁহে আমি খোৱা বস্তুবোৰৰ অলাগতিয়াল অংশবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

11. আমাৰ খাদ্যৰ পুষ্টিদ্রব্যসমূহৰ নাম লিখা। 

উত্তৰঃ আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম হ’ল- (১) কাৰ্বহাই’ড্ৰেট (২) প্ৰ’টিন (৩) ভিটামিন (৪) চৰ্বীজাতীয় পদাৰ্থ আৰু (৫) খনিজ লৱণ।

12. কার্বহাইড্রেট প্রধান উৎস কি কি? 

উত্তৰঃ (1) চুক্ৰজ।

(2) গ্লুক’জ।

(3) ফ্ৰক্টজ।

13. দেহত কার্বহাইড্রেট আৰু প্ৰ’টিনৰ প্রয়ােজনীয়তা কি? 

উত্তৰঃ কাৰ্বহাইড্ৰেট হৈছে দেহ ইন্ধন। আমি যিকোনো এটা কাম কৰিবলৈ প্ৰয়োজন হোৱা শক্তি আমি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ।    শৰীৰত কেতিয়াবা দুখ পালে, আঘাত পোৱা অংশবোৰ প্ৰ’টিনৰ সহায়ত পুনৰ গঠিত হয়। প্ৰ’টিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা দিয়ে।

14. সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় লাগে লিখা।

উত্তৰঃ সঠিক পৰমাণত প্ৰতিবিধ পুষ্টিদ্ৰব্য় থকা হাৰেই হৈছে পুষ্টিদ্ৰব্য়।

    আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ তথা শৰীৰ ভালে ৰাখিবলৈ সুষম আহাৰৰ প্ৰয়োজন।

15. ভিটামিন B, C আৰু D- ৰ অভাৱত হ’ব পৰা ৰােগৰ নাম লিখা। এনে ৰােগৰ লক্ষণবােৰৰ লিখা।

উত্তৰঃ ভিটামিন B, C আৰু D- ৰ অভাৱত হ’ব পৰা ৰোগৰ নাম হৈছে ক্ৰমে – বেৰিবেৰি, স্কাৰ্ভি আৰু ৰিকেট।

    বেৰিবেৰি ৰোগৰ এটা লক্ষণ হৈছে দুৰ্বল মাংসপেশী আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ।

    স্কাৰ্ভি ৰোগৰ লক্ষণ হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা।

    হাড় ঠুনুকা হোৱা আৰু বেকা হোৱা হৈছে ৰিকেট ৰোগৰ লক্ষণ।

← Previous Chapter NEXT Chapter →

-Hiru Moni Bora

CHECK BY- Mukesh borah

Post ID : DABP005921

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects