ASSEB Class 9 Assamese Chapter 8 (অন্ধবিশ্বাস আৰু কু সংস্কাৰ) Question Answer 2026 | Class 9 Assamese chapter 8 Question Answer 2026

অন্ধবিশ্বাস আৰু কু সংস্কাৰ

১) চমু উত্তৰ দিয়াঃ
(ক) উৰাবাতৰি মানে কি?
উত্তৰ:- যিবোৰ বাতৰি কোনো সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ কেৱল মানুহৰ মাজত উত্তেজনা সৃষ্টি কৰিবলৈ বা অজ্ঞতাৰ সুযোগ লৈ উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয়, তাকে উৰাবাতৰি বোলে। সমাজৰ চিন্তাশূন্য আৰু বিবেকহীন কিছুলোকে এনে বাতৰিক সত্য বুলি বিশ্বাস কৰি লয় আৰু তাৰ ফলস্বৰূপে সমাজত বিশৃংখলতাৰ সৃষ্টি হয়।

(খ) কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰ:- যিবোৰ পুৰণি নীতি-নিয়ম, সামাজিব ব্যৱস্থা বা পৰম্পৰা এখন আধুনিক আৰু সুস্থ সমাজৰ বাবে ক্ষতিকাৰক তথা সমাজৰ প্ৰগতিৰ পথত অন্তৰায় হৈ থিয় দিয়ে, সেইবোৰকেই কুসংস্কাৰ বুলি কোৱা হয়।

(গ) ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। – কথাষাৰ কোনে কৈছিল?
উত্তৰ:- ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’ – এই বিখ্যাত কথাষাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত হোৱাৰ পিছতেই অসম বৃটিছ শাসনৰ অধীনলৈ যায়।

(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ:- অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে অহা মিছনেৰীসকল শদিয়াৰ অতিমাত্ৰা সেমেকা জলবায়ুত মহামাৰী সদৃশ কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

প্ৰশ্ন নং ২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰ :- যিবোৰ বিশ্বাস বা ধাৰণা কোনো যুক্তি বা বৈজ্ঞানিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বিজ্ঞানে যিবোৰক সম্পূৰ্ণ অসত্য বুলি প্ৰমাণ কৰিছে, তাকে অন্ধবিশ্বাস বোলে।
অন্ধবিশ্বাসে সমাজৰ পৰা মানৱতা, প্ৰেম আৰু মমতা আদি মূল্যবোধসমূহ নিঃশেষ কৰি এখন সভ্য সমাজক কলুষিত কৰে। ই জনসাধাৰণৰ সুস্থ জীৱন যাত্ৰাক বাধা দি সমাজত অশান্তি আৰু অস্থিৰতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত মানুহেই মানুহৰ শত্ৰু হৈ পৰে আৰু সমাজখন পংগু হৈ পৰে। এই ভয়াবহতাৰ বাবেই ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল— “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।”

প্ৰশ্ন নং ৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?
উত্তৰ:- জনসাধাৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ মূল কাৰণসমূহ তলত দিয়া হ’ল:
১) প্ৰকৃত জ্ঞান আৰু বিজ্ঞানসন্মত শিক্ষাৰ অভাৱৰ বাবেই মানুহ সহজে এইবোৰৰ বলি হয়।
২) মানুহৰ অধ্যয়নবিমুখ চৰিত্ৰ আৰু নেতিবাচক দৃষ্টিভংগীৰ বাবেও অন্ধবিশ্বাস বৃদ্ধি পায়।
৩) কিছুমান নেতৃত্বস্থানীয় লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতি কৰি হ’লেও এনেবোৰ কথা প্ৰচাৰ কৰে।
৪) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ পিছপৰা অঞ্চলৰ লোকে বাহিৰৰ পৃথিৱীৰ সৈতে ভাব বিনিময় কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ মনৰ দিগন্ত প্ৰসাৰিত নহয়।
৫) কষ্ট নকৰাকৈ বা কম পৰিশ্ৰমতে কিবা এটা পোৱাৰ যি মনোবৃত্তি, তাৰ বাবেও মানুহ তন্ত্ৰ-মন্ত্ৰ বা অন্ধবিশ্বাসৰ আশ্ৰয় লয়।
৬) যিকোনো কথা যুক্তিৰে বিচাৰ কৰিব পৰা মানসিকতা অৰ্থাৎ বিজ্ঞানসন্মত মানসিকতাৰ অভাৱ।

প্ৰশ্ন নং ৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
উত্তৰ:- অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূল কৰিবলৈ সচেতনতা বৃদ্ধি কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ পদক্ষেপ। ইয়াৰ বাবে তলত দিয়া আঁচনিসমূহ গ্ৰহণ কৰিব পাৰি:

শিক্ষাৰ সংস্কাৰ: বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্ধবিশ্বাসৰ ভয়াবহতাৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল সৰুৰে পৰা সচেতন হয়।

সজাগতা মূলক কাৰ্যসূচী: বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা, তৰ্ক বা কুইজ প্ৰতিযোগিতা আয়োজন কৰি ছাত্ৰ-ছাত্ৰীক এই অভিযানত জড়িত কৰিব লাগে।

প্ৰচাৰ মাধ্যমৰ ভূমিকা: তথ্যচিত্ৰ, ৰেডিঅ’, টেলিভিছন আৰু বাতৰি কাকতৰ জৰিয়তে জনসাধাৰণৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ নিৰন্তৰ প্ৰচাৰ চলাব লাগে।

সামাজিক সজাগতা: গাঁৱে-ভূঞে সভা পাতি মানুহক যুক্তিৰে কথাবোৰ বুজাব লাগে।

প্ৰশ্ন নং ৫। ‘ডাইনী’, `সোপাধৰা’ – এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিয় প্ৰচাৰ কৰা হয়?
উত্তৰ:- ‘ডাইনী’ বা ‘সোপাধৰা’ আদি বিষয়বোৰ সম্পূৰ্ণ অন্ধবিশ্বাস বুলি জানিও একাংশ অসৎ প্ৰবৃত্তিৰ লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এইবোৰ প্ৰচাৰ কৰে। তেওঁলোকে অতি চতুৰালিৰে উৰাবাতৰিবোৰ বিয়পাই দিয়ে যাৰ ফলত শিক্ষিত সমাজৰ একাংশইও সেয়া বিশ্বাস কৰি লয়। ইয়াৰ আঁৰত কাৰোবাক সমাজৰ পৰা বহিষ্কাৰ কৰা, সম্পত্তি দখল কৰা বা কাৰোবাক আক্ৰমণ কৰাৰ দৰে গোপন উদ্দেশ্য থাকে। আনহাতে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে কেৱল সমাজত ভীতি আৰু অস্থিৰতা সৃষ্টি কৰি আনন্দ পাবলৈও এনেবোৰ কৰে।

প্ৰশ্ন নং ৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস নিৰাময়ৰ বাবে তুমি কি ব্যৱস্থা ল’বা?
উত্তৰ:- এই একৈশ শতিকাৰ আধুনিক যুগত ডাইনী হত্যা বা সোপাধৰাৰ নামত হোৱা গণপ্ৰহাৰৰ দৰে বৰ্বৰ ঘটনা সঁচাকৈয়ে দুৰ্ভাগ্যজনক। বেছিভাগ ক্ষেত্ৰতে মহিলা বা বিশেষভাৱে সক্ষম লোকসকল ইয়াৰ চিকাৰ হয়। মোৰ অঞ্চলত এনেকুৱা সমস্যা নিৰাময় কৰিবলৈ মই তলত দিয়া পদক্ষেপসমূহ ল’ব বিচাৰিম:
প্ৰথমতে, মই গাঁৱৰ ডেকা ল’ৰা-ছোৱালীসকলক একত্ৰিত কৰি এটা সজাগতা গোট গঠন কৰিম। দ্বিতীয়তে, বিজ্ঞানৰ শিক্ষকসকলক আমন্ত্ৰণ জনাই গাঁৱত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ প্ৰদৰ্শনী বা আলোচনা চক্ৰ পাতিম। মানুহৰ মাজত থকা অযুক্তিকৰ ভয়বোৰ আঁতৰাবলৈ মই ব্যক্তিগতভাৱে চেষ্টা কৰিম। লগতে সমাজত চলি থকা সামাজিক-মনস্তাত্ত্বিক সমস্যাবোৰ বুজি সেইবোৰ সমাধানৰ বাবে প্ৰশাসনৰ সহায় ল’বলৈ মানুহক উৎসাহিত কৰিম।

প্ৰশ্ন নং ৭। ব্যাখ্যা কৰাঃ
(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
উত্তৰ:- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।
পৰিৱেশ প্ৰদূষণে মানুহৰ বাহ্যিক জীৱন যিদৰে কষ্টকৰ কৰি তোলে, ঠিক তেনেদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহৰ মনৰ ভিতৰখন প্ৰদূষিত কৰে। ই সমাজৰ পৰা মানৱীয় গুণবোৰ নোহোৱা কৰি দিয়ে। মানুহৰ দ্বাৰা সৃষ্ট এই বোজাই সমাজখনক স্থবিৰ আৰু অস্থিৰ কৰি ৰাখে। এই বোজাই মানুহক উন্নতিৰ সলনি অবনতিৰ ফালেহে লৈ যায় বাবে ইয়াক পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কোৱা হৈছে।

(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
উত্তৰ:- উক্ত বাক্যশাৰী জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।
সংস্কাৰ মানেই হৈছে কোনো বস্তু বা পদ্ধতিৰ সংশোধন কৰি তাক উন্নত ৰূপ দিয়া। সংস্কাৰে আমাক সঠিক জীৱন যাত্ৰাৰ পথ দেখুৱায়। কিন্তু সেই সংস্কাৰ যদি যুক্তিহীন হৈ পৰে আৰু সময়ৰ লগত খোজ মিলাই আগবাঢ়িব নোৱাৰে, তেন্তে সেয়া কুসংস্কাৰত পৰিণত হয়। প্ৰকৃত সংস্কাৰে আমাক নতুন চিন্তালৈ উদ্বুদ্ধ কৰে, কিন্তু কুসংস্কাৰে আমাৰ চিন্তাৰ দিগন্তক ঠেক কৰি ৰাখে।

(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
উত্তৰ:- উক্ত বাক্যশাৰী জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।
বৰ্তমানৰ শিক্ষা ব্যৱস্থাই জ্ঞানতকৈ ডিগ্ৰী আৰু চাকৰিৰ ওপৰতহে বেছি গুৰুত্ব দিছে। মানুহে চাকৰিৰ বাবে শিক্ষা লৈছে যদিও প্ৰকৃত সত্য অন্বেষণৰ বাবে যি অধ্যয়নৰ প্ৰয়োজন, তাৰ পৰা আঁতৰি গৈছে। অধ্যয়নৰ অভাৱৰ বাবে মানুহৰ আবেগ নিয়ন্ত্ৰণত নোহোৱা হৈছে আৰু যাৰ ফলত শিক্ষিত লোকসকলেও যুক্তিহীন উৰাবাতৰিবোৰ বিশ্বাস কৰিবলৈ লৈছে। এই অধ্যয়নবিমুখিতাই সমাজত অন্ধবিশ্বাস বৃদ্ধি পোৱাৰ অন্যতম কাৰণ।

ভাষা- বিষয়কঃ
৮) উদাহৰণটো চাই বিপৰীত অৰ্থ লিখা :

মানৱীয় – অমানবীয়

সজাগতা – অসজাগতা

সামাজিক – অসামাজিক

ৰাজনৈতিক – অৰাজনৈতিক

সাংবিধানিক – অসাংবিধানিক

প্ৰচাৰ – অপপ্ৰচাৰ

৯) তলৰ শব্দবোৰৰ বিপৰীত শব্দ লিখাঃ

ইতিবাচক – নেতিবাচক

সৎ – অসৎ

যোগাত্মক – বিয়োগাত্মক

সক্ষম – অক্ষম

উচিত – অনুচিত

অভিশাপ – আশীৰ্বাদ

১০) পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ:

নীতি-নিয়ম

জ্ঞান-অন্বেষণ

পৰম্পৰা-সংস্কৃতি

দয়া-মমতা

তন্ত্ৰ-মন্ত্ৰ

১১) বাক্য ৰচনা কৰাঃ

মৌলিক অধিকাৰ: ভাৰতীয় সংবিধানে আমাক আমাৰ মৰ্যাদা ৰক্ষাৰ বাবে কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে।

অমানৱীয় কাৰ্য: ডাইনীৰ নামত মানুহক জীয়াই জীয়াই জ্বলাই দিয়াটো চৰম অমানৱীয় কাৰ্য।

প্ৰচাৰ মাধ্যম: সমাজৰ কু-সংস্কাৰ আঁতৰাবলৈ প্ৰচাৰ মাধ্যম সমূহে বিশেষ ভূমিকা লোৱা উচিত।

সজাগতা সভা: স্বাস্থ্য সচেতনতাৰ বাবে আমাৰ বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হৈছিল।

স্বাৰ্থান্বেষী লোক: স্বাৰ্থান্বেষী লোকৰ উচটনিত পৰি নিজৰ বিবেক বিসৰ্জন দিয়া অনুচিত।

আদিম স্তৰ: শিক্ষা আৰু বিজ্ঞানৰ পোহৰ পৰিলেহে আমাৰ সমাজখন আদিম স্তৰৰ পৰা মুক্ত হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top