(ক) ড° ভূপেন হাজৰিকাই “আই” বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে।
(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।
(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?
উত্তৰঃ শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।
(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?
উত্তৰঃ পাহাৰ-ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে।
(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল?
উত্তৰঃ ড° ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে।
(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে অসম দেশক বুজাইছে।
(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে?
উত্তৰঃ গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে ।
প্ৰশ্ন। ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ।
উত্তৰঃ ড° ভূপেন হাজৰিকাই অসমৰ অপূৰ্ব সৌন্দৰ্য আৰু পৰিৱেশত মুগ্ধ হৈ এই গীতটি ৰচনা কৰিছিল। তেওঁ অসমৰ বিষয়ে উল্লেখ কৰি ইয়াক পূৰ্ব দিশত সূৰ্য উঠা দেশ বুলি অভিহিত কৰিছে। অসমক “ৰূপহী” বুলি আখ্যা দি, ইয়াৰ গুণৰ কোনো সীমা নাই বুলি কৈছে। ভূপেন হাজৰিকাই কৈছে যে, তেওঁৰ মতে অসম দেশৰ দৰে ৰসাল মাটি অন্য ক’তো নাই। ইয়াৰ সেউজ
দলত আলাচনা কৰি বহলাই লিখা ।
(ক) ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?
উত্তৰঃ বাৰিষা আকাশত দেখা পোৱা সাতটা ৰঙৰ সমষ্টিক ৰামধেনু বোলে।
ৰামধেনু দৰে পাহাৰ-ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলাপ্ৰীতিৰ কথা কৈছে।
(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্রণিপাত জনাইছে?
উত্তৰঃ লৌহিত্য মানে লুইত খন।
লুইত খন অসমৰ প্ৰাণ স্বৰূপ, সেই বাবে গীতিকাৰে প্ৰণিপাত জনাইছে।
গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা।
উত্তৰঃ ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ অসম। অসমৰ সৌন্দৰ্য অনুপম—ই ৰূপহী দেশ, যাৰ গুণৰ অন্ত নাই। এইখিনিতে দিন-ৰাতিৰ চক্র যেন এক অতুলনীয় ৰসাল সঁফুৰা। অসমৰ সেউজীয়া পৰিৱেশ চিৰদিনে মনোমোহা। ব’হাগ মাহত আইৰূপী মহুৰা হৈ অসমক আলিঙ্গন কৰে, আৰু মাঘ মাহত সোণৰ হাতৰ দৰে কৃষকে লখিমীক আদৰাৰে ঘৰত আনয়। শৰৎ নিশাত, যেন তৰাৰে আইৰ কেশ সজোৱা হয়। পাহাৰৰ পৰা ভৈয়ামলৈ মানুহৰ মধুৰ ভাষা আৰু মৰমৰ এৰঙা সেতুৱে ৰামধেনুৰ দৰে মিলন গঢ়িছে। লুইতৰ বিস্তৃত পাৰলৈ প্ৰণিপাত, মোৰ জন্মভূমি অসমতে জন্ম ল’লোঁ—যেন ইয়াতে মোৰ অন্ত পৰে, মোৰ শেষ আশীষ।
উত্তৰ দিয়া।
(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।’ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে ?
উত্তৰঃ- গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে ।’ৰ’ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।
(খ) গীতটিত ‘-া’-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই ?
উত্তৰঃ- গীতটিত ‘-া’-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত ৃ চিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই।
(গ) গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’ – ৰে শেষ হোৱা শব্দবোৰ লিখা।
‘ৰ’-ৰে শেষ হোৱা
আ
মা
ৰ
দে
শ
ৰ
তো
মা
ৰ
দি
শ
ৰ
সো
ণ
ৰ
চি ৰ ৰ
ভা
ষা
ৰ
ম
ধু
ৰ
পা
হা
ৰ
ৰূ
প
ৰ
‘ৰে’-ৰে শেষ হোৱা
ঘূ
ৰে
ত
ৰা
ৰে
আ
মা
ৰে
হা
তে
ৰে
আ
ই
ৰে
আ
দ
ৰে
আ
মা
ৰে
ভা
ৰ
ত
ৰে
লৌ
হি
ত্য
ৰে
ম
ৰ
ম
বো
ৰে
প্ৰশ্নঃ গীতটিৰ পৰা স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন (-কাৰ) যোগ হৈছে ভাঙি দেখুওৱা।
যেনে- ৰূপহী – ৰূ – ৰ্ূ ৰ+ ঊ – কাৰ
গুণৰো- ৰো ৰ+ ও- কাৰ
দেশ- দে দ+ এ- কাৰ
জীবন- জী জ+ ঈ- কাৰ
চিৰ- চি চ+ ই – কাৰ
ৰাতি – ৰা ৰ+ আ- কাৰ
সেতু – তু ত+ উ- কাৰ
লৌহিত্য়ৰ- লৌ ল+ ঔ- কাৰ
প্ৰশ্নঃ গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৱে দুটাকৈ নতুন শব্দ লিখা।
যেনে- বিনন্দীয়া – ন্দ – ন+দ আনন্দ, সুন্দৰ
উত্তৰঃ
পূৰ্ব – ৰ্ব – ৰ + ব গৰ্ব, পৰ্ব
সূৰ্য – ৰ্য – ৰ + য নটসূৰ্য,
লৌহিত্য – ত্য় – ত + য় সত্য়, দৈত্য়
প্ৰণিপাত – প্ৰ – প + ৰ প্ৰতি, প্ৰমাণ
জন্ম – ন্ম – ন + ম সন্মান,
● উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা।
(ক) উদাহৰণ — ৰূপহ –ৰূপহী, কাঁহ—কাঁহী।
কপাহ - কপাহী
চেনেহ - চেনেহী
বাঁহ - বাঁহী
(খ) উদাহৰণ — ৰস—ৰসাল,
নোম - নোমাল
জীপ - জীপাল
তেজ - তেজাল
কোব - কোবাল
(গ) উদাহৰণ — সোণ—সোণোলী।
ৰং - ৰঙালী
জোন - জোনালী
ৰূপ - ৰূপালী
ভোগ - ভোগালী
(ঘ) উদাহৰণ- বিনন্দ—বিনন্দীয়া,
চহৰ - চহৰীয়া
দুখ - দুখীয়া
নিয়ম - নিয়মীয়া
নগৰ - নগৰীয়া
● দলগত ভাবে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা।
উদাহৰণ—- সূৰ্য—বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি।
পদুম- পদ্ম, কমল,
ঘৰ - গৃহ, ভৱন, আলয়, আৱাস, নিলয়
আকাশ - স্বৰ্গ, গগন
বায়ু - বতাহ, পৱন, শূণ্য়, অম্বৰ, নিলীমা
পৃথিৱী - ধৰণি, ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী,
● তলৰ শব্দ বোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ বোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।
যেনে ― আৰম্ভণি ― শেষ।
বিচ্ছেদ ― মিলন
নিৰস ― ৰসাল
কুৰুপা ― ৰূপা
ঠেক ― বহল
অনাদৰ ― আদৰ
দিৱস ― ৰাতি
পশ্চিম ― পূৱ
● তলৰ অংশ দুটা আঁচ টানি মিলোৱা।
যি চিত্ৰ আঁকে – চিত্ৰকৰ
যি ৰসেৰে পৰিপূৰ্ণ – ৰসাল
যি সোণৰ নিচিনা বৰণ – সোণালী
যি গীত লিখে – গীতিকাৰ
● তলৰ শব্দবোৰেৰে বাক্য সাজাঃ
অলেখঃ ৰাতি আকাশত অলেখ তৰা ওলায়।
আদৰঃ ঘৰত আলহি আহিলে আদৰ-সাদৰ কৰা হয়।
পৰিৱেশঃ আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ।
সমাৱেশঃ সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল ।
বিনন্দীয়াঃ অসমৰ সেউজ পৰিবেশ চিৰ বিনন্দীয়া।