Might Learn Logo Might Learn Shop Might Learn

Class 5 Assamese Chapter 6 Answer

(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?
উত্তৰঃ ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি?
উত্তৰঃ চিঠিখনত লিখা ভাল খবৰটো হ’ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে।

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?
উত্তৰঃ পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল।

(ঘ) পুথিভঁৰালীজনৰ নাম কি?
উত্তৰঃ পুথিভঁৰালীজনৰ নাম নীলকান্ত বৰুৱা।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?
উত্তৰঃ পুথিভঁৰালটো শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?
উত্তৰঃ পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই দহখন কিতাপ দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?
উত্তৰঃ মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ’ল বিজ্ঞানৰ সৰু সৰু কথা ১ আৰু বিজ্ঞানৰ সৰু সৰু কথা ২।

(জ) প্ৰাচীন ভাৰতৰ বিখ্য়াত পুথিভঁৰালটো থকা বিশ্ববিদ্য়ালয়খনৰ নাম কি?
উত্তৰঃ প্ৰাচীন ভাৰতৰ বিখ্য়াত পুথিভঁৰালটো থকা বিশ্ববিদ্য়ালয়খনৰ নাম হ’ল নালন্দা বিশ্ববিদ্য়ালয়।

প্ৰশ্নঃ “ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।” এই বাক্য়শাৰী কোনে, কাক, কি প্ৰসংগত কৈছে? বহলাই লিখা।
উত্তৰঃ মুকুটহঁতৰ গাৱঁত এটা পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাওঁখনৰ মানুহে কিতাপ পঢ়ি শিক্ষিত কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰি উক্ত বাক্য়শাৰী মুকুটে নিয়ৰক কৈছিল।

প্ৰশ্নঃ কি কি গুণৰ বাবে নীলাকান্ত দাদাক পুথিভঁৰালী পাতিছিল?
উত্তৰঃ তেওঁক সকলোৱে কিতাপৰ পোক বুলি কয়। কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ-পত্ৰবোৰ পৰি-পাতিকৈ সজাই ৰাখিব জানে। সেয়েহে তেওঁক পুথিভঁৰালী পাতিছে।

প্ৰশ্নঃ গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।

গ্ৰন্থ গ্ৰন্থকাৰ গ্ৰন্থাগাৰ পাঠক

পাঠক পুথি পুথিভঁৰাল পুস্তকালয়

লিখক প্ৰণেতা পঢ়ুৱৈ পুস্তক

উদাহৰণ –

কিতাপ লিখোঁতা পঢ়োঁতা ভঁৰাল
পুথি লিখক পাঠক পুথিভঁৰাল
পুস্তক প্ৰণেতা পঢ়ুৱৈ পুস্তকালয়
গ্ৰন্থ গ্ৰন্থকাৰ গ্ৰন্থগাৰ

প্ৰশ্নঃ যুক্তাক্ষৰ পঢ়োঁ আৰু লিখোঁ আহা-

বিজ্ঞান জ্ঞ = জ + ঞ জই ঞই জ্ঞ
দ্ৰুত দ্ৰু = দ + ৰ + উ দই ৰই দ্ৰ তাত উ-কাৰে দ্ৰু

প্ৰশ্নঃ যুক্তাক্ষৰ গঠন কৰোঁ আহা-

জ + ঞ জই ঞই জ্ঞ

দ + ৰ + উ দই ৰই দ্ৰ তাত উ-কাৰে দ্ৰুত

প্ৰশ্নঃ তলৰ বাক্য়কেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া।

(ক) বিদ্য়ালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।
উত্তৰঃ বিদ্য়ালয়ত হৰিৰ উপস্থিতি নিয়মীয়ানে?

(খ) গছজোপাত লমা-লমে আম লাগিছে।
উত্তৰঃ গছজোপাত লমা-লমে আম লাগিছেনে?

(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।
উত্তৰঃ বেবীয়ে পঢ়িবলৈ ভাল পায়নে?

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিব।
উত্তৰঃ ৰিজু ঘৰলৈ কেতিয়া আহিব।

প্ৰশ্নঃ দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা-

পৰিপাটি – অপৰিপাটি।
নতুন – পুৰনি।
উপযোগী – অনুপযোগী।
আশা – নিৰাশা।

তলৰ শব্দবোৰেৰে বাক্য় সাজা।

সংগ্ৰহ – আমি পুথিভঁৰালৰ পৰা নানান কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব লাগে ।

উপযোগী – কেৱল মাংসই সকলো প্ৰয়োজনীয় পৰিপোশক যোগান ধৰিবলৈ উপযোগী নহয়।

পুথি – আমি নিতৌ পুৱা আৰু গধুলি নিজৰ পাঠ্য়পুথি আধ্য়য়ন কৰিব লাগে।

কিতাপ – কিতাপে জ্ঞান বিলাই।

গ্ৰন্থমেলা – এইবাৰ গ্ৰন্থমেলাত মই কেইবাখনো কিতাপ কিনিছো।

প্ৰশ্নঃ তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যসকলৰ নাম বিচাৰি লিখা।
উত্তৰঃ
১। লক্ষ্মীনাথ বেজবৰুৱা

২। জ্যোতিপ্ৰসাদ আগৰৱালা

৩। ৰজনীকান্ত বৰদলৈ

৪। মিত্ৰদেৱ মহন্ত

৫। অতুলচন্দ্ৰ হাজৰিকা

৬। আব্দুল মালিক

৭। নৱকান্ত বৰুৱা

৮। মহেশ্বৰ নেওগ

৯। নিৰ্মলপ্ৰভা বৰদলৈ

১০। বন্দিতা ফুকন

১১। ভৱেন্দ্ৰ নাথ শইকীয়া

১২। গগন চন্দ্ৰ অধিকাৰী

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects