Might Learn Logo Might Learn

Class 7 Assamese Chapter 10 প্ৰত্য়াহ্বান

পাঠ -১০

প্ৰত্য়াহ্বান

১) পাঠটোৰ তিনিটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

ক) সৰু কালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্য়ৱহাৰ পাইছিল।

উত্তৰঃ-কিছুমানে প্ৰিন্সি গগৈক সন্মানেৰে আদৰি লৈছিল, আৰু আন কিছুমানে আকৌ তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল। এইদৰে, প্ৰিন্সি গগৈ সৰু কালত ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা বিৰোধীধৰ্মী ব্য়ৱহাৰ পাইছিল।

খ) বিদ্য়ালয়ত নাম ভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল ।

উত্তৰঃ- এখন বিদ্য়ালয়ে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাঢাপ বিদ্য়ালয়ৰ কতৃপক্ষই তেওঁক আকোঁৱালি লৈছিল।

গ) পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি ৰাপ আছিল।

উত্তৰঃ- পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈ ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল।

ঘ) দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ।

উত্তৰঃ- দুৰ্ঘটনাত পতিত হোৱাৰ পাছত, জুলী বৰুৱাই দিব্যাংগসকলৰ বাবে এজোপা বৰ গছ হৈ ছাঁ দিবলৈ চেষ্টা কৰিব বিচাৰে। অৰ্থাৎ, তেওঁ লোকৰ বাবে অন্ন, পানী, বস্ত্ৰ, আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে। এই উদ্দেশ্যক সাকাৰ কৰিবলৈ তেওঁৰ এখন সুস্পষ্ট পৰিকল্পনা আছে।

ঙ) সংগ্ৰামজ্য়োতিয়ে ক’ত চিত্ৰকলাৰ প্ৰাৰম্ভনি শিক্ষা লাভ কৰিছিল ।

উত্তৰঃ- সংগ্ৰামজ্য়োতিয়ে গুৱাহাতীৰ আটিৰ্ষ্ট গীল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভনী শিক্ষা লাভ কৰিছিল।

চ) সংগ্ৰামজ্য়োতি কি বিষয়ত পাৰদৰ্শী।

উত্তৰঃ সংগ্ৰামজ্য়োতি চিত্ৰকলাত পাৰদৰ্শী ।

ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল ,-কবিতাটি কোনে ৰচনা কৰিছিল ।

উত্তৰঃ- আপোনাৰ দৰে মোৰো দুখন হাত আছিল, কবিতাটি- জুলী বৰুৱাই ৰচনা কৰিছিল ।

২) উত্তৰ লিখা।

ক) কোনখন বিদ্য়ালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল

উত্তৰঃ- সোণাৰীৰ ৰজাঢাপ বিদ্য়ালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল ।

খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো ।
-ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে ।

উত্তৰঃ- ইয়াত জুলি বৰুৱাই দিব্য়াংগ সকলক ছাঁ দিব বিচাৰিছে।
কাৰণ দিব্যাংগসকল বিভিন্ন অৱহলাৰ পাত্ৰ।

৪) বিপৰীতাৰ্থক শব্দ লিখা ।

এন্ধাৰ, সফল, স্ৱাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক ।

উত্তৰঃ- এন্ধাৰ – পোহৰ

সফল – অসফল

স্বাভাৱিক – অস্বাভাৱিক

জাগ্ৰত- নিদ্ৰা

অমংগল-মংগল

সক্ষম – অসক্ষম

আনুষ্ঠানিক – অনানুষ্ঠানিক

৫) যুৰীয়া শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা ।

উত্তৰঃ- ধোৱা -কোৱা

৬) বাক্যৰচনা কৰা।

আনুষ্ঠানিক , গতিপথ , প্ৰচেষ্টা, যন্ত্ৰণা , কৰ্তব্য , প্ৰশংসা

উত্তৰঃ আনুষ্ঠানিক – আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল।

গতিপথ – সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰে নিজ নিজ গতিপথৰে গতি কৰি আছে ।

প্ৰচেষ্টা – মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে ।

যন্ত্ৰণা – ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে ।

কৰ্তব্য – বুঢ়া বয়সত সন্তানে মাক – দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য ।

প্ৰশংসা – ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ’ব।

Last Update by Dipawali Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects