Class 7 Assamese Chapter 13 প্ৰাকৃতিক দুৰ্যোগ

পাঠ -১৩
প্ৰাকৃতিক দুৰ্যোগ

১। উত্তৰ দিয়া ।

ক) অসমত প্রলয়ংকৰী ভূমিকম্প হােৱা চন দুটা কি কি ?

উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল ।

খ ) ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?

উত্তৰঃ ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ’ল – খাছীয়া জয়ন্তীয়া পাহাৰ ।


গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?

উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল ।

ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ?

উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ।

২। তলৰ প্ৰশ্নকেইটা আলােচনা কৰি উত্তৰ লিখা ।

( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?

উত্তৰঃ ১৮৯৭ চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ’ল ।

( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পৰ ফলত গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহি বৰলুইতৰ বুকু বাম কৰি পেলাইছিল।

( গ ) ছুনামি ’ কি ?

উত্তৰঃ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ ফলত পানীত ওপৰত সৃষ্টি হোৱা প্ৰৱল ঢৌকক ছুনামি বুলি কোৱা হয়।

( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল।

খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )

৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ।

পাহাৰ বনভােজ চানডুবি বিল আতংক ভূমিকম্প

উত্তৰঃ

পাহাৰ = পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়।

বনভোজ = কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব ।

চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।

আনন্দ = ল’ৰাবিলাকে আনন্দ মনেৰে খেলি আছে ।

আতংক = ক’ৰণা মহামাৰীৰ ফলত গোটেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে ।

ভূমিকম্প = ভূমিকম্পই মানুহৰ অতি ক্ষতি-সাধন কৰে।

\৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।

ক) সাৱধান – সাৱধানতা ।

  বিচ্ছন্ন  - বিচ্ছিন্নতা।

  বিভিন্ন - বিভিন্নতা ।

  বিশাল - বিশালতা ।

  প্ৰসাৰ - প্ৰসাৰতা ।

৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবােৰ বিচাৰি উলিয়াই লিখা ।

ফৰিদা – হেৰা মনু , তুমি কেনেকৈ যাবা ।

মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।

ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া ।

মনু – বাৰু হ’ব দিয়া ।

ফৰিদা – উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?

মনু – হয়, দিছোঁ ৰ’বা ।

ফৰিদা – তুমি কাৰ লগত বজাৰলৈ যাবা ?

মনু – মই আৰু শেৱালি একেলগে যাম ।

Check By- Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top