Class 7 Assamese Chapter 13 প্ৰাকৃতিক দুৰ্যোগ

পাঠ -১৩
প্ৰাকৃতিক দুৰ্যোগ

১। উত্তৰ দিয়া ।

ক) অসমত প্রলয়ংকৰী ভূমিকম্প হােৱা চন দুটা কি কি ?

উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল ।

খ ) ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?

উত্তৰঃ ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ’ল – খাছীয়া জয়ন্তীয়া পাহাৰ ।


গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?

উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল ।

ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ?

উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ।

২। তলৰ প্ৰশ্নকেইটা আলােচনা কৰি উত্তৰ লিখা ।

( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?

উত্তৰঃ ১৮৯৭ চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ’ল ।

( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পৰ ফলত গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহি বৰলুইতৰ বুকু বাম কৰি পেলাইছিল।

( গ ) ছুনামি ’ কি ?

উত্তৰঃ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ ফলত পানীত ওপৰত সৃষ্টি হোৱা প্ৰৱল ঢৌকক ছুনামি বুলি কোৱা হয়।

( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল।

খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )

৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ।

পাহাৰ বনভােজ চানডুবি বিল আতংক ভূমিকম্প

উত্তৰঃ

পাহাৰ = পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়।

বনভোজ = কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব ।

চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।

আনন্দ = ল’ৰাবিলাকে আনন্দ মনেৰে খেলি আছে ।

আতংক = ক’ৰণা মহামাৰীৰ ফলত গোটেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে ।

ভূমিকম্প = ভূমিকম্পই মানুহৰ অতি ক্ষতি-সাধন কৰে।

\৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।

ক) সাৱধান – সাৱধানতা ।

  বিচ্ছন্ন  - বিচ্ছিন্নতা।

  বিভিন্ন - বিভিন্নতা ।

  বিশাল - বিশালতা ।

  প্ৰসাৰ - প্ৰসাৰতা ।

৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবােৰ বিচাৰি উলিয়াই লিখা ।

ফৰিদা – হেৰা মনু , তুমি কেনেকৈ যাবা ।

মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।

ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া ।

মনু – বাৰু হ’ব দিয়া ।

ফৰিদা – উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?

মনু – হয়, দিছোঁ ৰ’বা ।

ফৰিদা – তুমি কাৰ লগত বজাৰলৈ যাবা ?

মনু – মই আৰু শেৱালি একেলগে যাম ।

Check By- Mukesh Borah

Leave a Reply

Your email address will not be published. Required fields are marked *