Class 7 Social Science Chapter 5 সম্পদ

অধ্যায় ৫

সম্পদ

অনুশীলনীঃ

১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা।

উত্তৰঃ মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰপৰা যোগান ধৰিব পৰা দ্ৰব্য় বা সামগ্ৰীসমূহেই সম্পদ। সম্পদ তিনি প্ৰকাৰৰ আৰু এইবোৰ হ’লㅡ

(১) মানৱসৃষ্ট সম্পদ।

(২) প্ৰাকৃতিক সম্পদ।

(৩) মানৱ সম্পদ।

২। ‘মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ।’ যুক্তি দৰ্শাই লিখা (এশমান শব্দৰ ভিতৰত)।

উত্তৰঃ মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ। ব্য়ক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা, আৰু কৌশল উৎপাদনক্ষমতা আৰু কৰ্মৰ আচৰণে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰে। ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰত ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে, মানুহে নিজ সম্পদ হিচাপে লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্য়াটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য্যবিধি গ্ৰহণ কৰিছে। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা।

৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ FOR STUDENTS

৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা।

উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যৎ উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাক দীৰ্ঘম্যাদী উন্নয়ন বুলি কোৱা হয়। বাঁহ, কাঠ আদিৰ দৰে বহুতো সম্পদৰ অত্যধিক ব্যৱহাৰৰ ফলত সিহঁত কমি যোৱাৰ বাবে বিভিন্ন সমস্য়া সৃষ্টি হৈছে। হয়তো এনে সম্পদসমূহ এক দিন নিঃশেষ হৈ যাব। সেয়ে, এনে সম্পদৰ ভৱিষ্যৎ ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়ন নিশ্চিত কৰিবলৈ যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ।

৫। পাৰ্থক্য লিখি উলিওৱা

(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ

উত্তৰঃ নবীকৰণক্ষম সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে অহৰহ ব্য়ৱহাৰ কৰি থাকিলেও শেষ নহয়; কাৰণ প্ৰকৃতিয়ে তাক নিবীকৰণ কৰি থাকে।

আনহাতে, অনবীকৰণক্ষম সম্পদে এবাৰ আহৰন কৰি ব্য়ৱহাৰ কৰাৰ পাছত এই সম্পদ নিজে সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰক উৎপাদন নকৰে।

(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ

উত্তৰঃ সাধাৰণতে, সকলোতে পোৱা সম্পদসমূহে হ’ল সৰ্বব্য়াপী সম্পদ। উদাহৰণস্বৰূপে, আমি শ্বাস-প্ৰশ্বাসত ব্য়ৱহাৰ কৰা বায়ু বিধ হ’ল সৰ্বব্য়াপী সম্পদ।

    আনহাতে, স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিদিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লোৰ আকৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদ।

(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ

উত্তৰঃ মানুহে সদ্ব্য়ৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰপৰা ইতিমধ্য়ে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰ সম্পদে প্ৰকৃত সম্পদ।

    আনহাতে, যিবোৰ সম্পদে আমাৰ ভৱিষ্য়ত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্য়ৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ।

৬। শুদ্ধ উওৰটো বাছি উলিওৱা-

(ক) সম্পদ হ’বলৈ হ’লে তলৰ কোনটো প্ৰাসংগিক নহয়?

(i) পৰিমাণ (ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী (iii) ব্যৱহাৰৰ বাবে উপযোগী

উত্তৰঃ (i) পৰিমাণ।

(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?

(i) পৰ্বত-পাহাৰ (ii) থকা ঘৰ (iii) জলবিদ্যুৎ

উত্তৰঃ (i) পৰ্বত-পাহাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *