Chapter 2
“পৃথিৱীৰ অভ্যন্তৰীণ গঠন (Internal structure of the earth)”
অতি চমু প্ৰশ্ন-উত্তৰ (Very Short Questions & Answers – ১ নম্বৰ)
১. প্ৰশ্ন: বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ মাজৰ বিচ্ছেদ তলটোক কি বোলে?
উত্তৰ: লেহমেন বিচ্ছেদ তল (Lehmann Discontinuity)।
২. প্ৰশ্ন: পৃথিৱীৰ সৰ্ববৃহৎ আয়তন আগুৰি থকা স্তৰটোৰ নাম কি?
উত্তৰ: মেণ্টল বা প্ৰৱাল (Mantle)।
৩. প্ৰশ্ন: ভূ-কম্পীয় কোনটো তৰংগই তৰল মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে?
উত্তৰ: এছ-তৰংগ (S-wave বা Secondary Wave)।
৪. প্ৰশ্ন: কেন্দ্ৰমণ্ডলত প্ৰধানকৈ পোৱা ধাতু দুটা কি কি?
উত্তৰ: নিকেল (Ni) আৰু লোহা (Fe); ইয়াক চমুকৈ NIFE বোলা হয়।
৫. প্ৰশ্ন: পৃথিৱীৰ কোনটো অভ্যন্তৰীণ স্তৰ সম্পূৰ্ণ তৰল অৱস্থাত থাকে?
উত্তৰ: বহিঃকেন্দ্ৰমণ্ডল (Outer Core)।
৬. প্ৰশ্ন: মহাদেশীয় ভূ-ত্বক মুখ্যতঃ কোন দুটা উপাদানেৰে গঠিত?
উত্তৰ: চিলিকন আৰু এলুমিনিয়াম (SIAL)।
৭. প্ৰশ্ন: মেণ্টল আৰু বহিঃকেন্দ্ৰমণ্ডলৰ মাজৰ বিচ্ছেদ তলটোক কি বোলে?
উত্তৰ: গুটেনবাৰ্গ বিচ্ছেদ তল (Gutenberg Discontinuity)।
৮. প্ৰশ্ন: লিথ’স্ফীয়াৰ বুলিলে কি বুজা যায়?
উত্তৰ: ভূ-ত্বক আৰু উপৰি-মেণ্টলৰ কঠিন ওপৰৰ অংশক একেলগে লিথ’স্ফীয়াৰ বোলে।
৯. প্ৰশ্ন: অন্তঃকেন্দ্ৰমণ্ডল কোন অৱস্থাত থাকে?
উত্তৰ: অত্যাধিক চাপৰ বাবে অন্তঃকেন্দ্ৰমণ্ডল কঠিন অৱস্থাত থাকে।
১০. প্ৰশ্ন: ভূ-ত্বক আৰু মেণ্টলৰ মাজৰ বিচ্ছেদ তলটোক কি বোলে?
উত্তৰ: মোহোৰোভিচিচ বিচ্ছেদ তল (Mohorovičić Discontinuity বা Moho Boundary)।
১১. প্ৰশ্ন: মেণ্টল স্তৰটোৱে পৃথিৱীৰ মুঠ আয়তনৰ প্ৰায় কিমান শতাংশ আগুৰি আছে?
উত্তৰ: প্ৰায় ৮৩ শতাংশ।
১২. প্ৰশ্ন: এষ্টেন’স্ফীয়াৰ পৃথিৱীৰ কোনটো স্তৰত অৱস্থিত?
উত্তৰ: উপৰি-মেণ্টলৰ তলৰ কোমল আৰু নমনীয় অংশত অৱস্থিত।
১৩. প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বাহিৰৰ পাতল স্তৰটোক কি বোলা হয়?
উত্তৰ: ভূ-ত্বক (Crust)।
১৪. প্ৰশ্ন: পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ সৃষ্টিত কোনটো স্তৰে মুখ্য ভূমিকা পালন কৰে?
উত্তৰ: তৰল অৱস্থাত থকা বহিঃকেন্দ্ৰমণ্ডলে মুখ্য ভূমিকা পালন কৰে।
১৫. প্ৰশ্ন: মহাসাগৰীয় ভূ-ত্বকত প্ৰধানকৈ কোন দুটা উপাদান পোৱা যায়?
উত্তৰ: চিলিকন আৰু মেগনেছিয়াম (SIMA)।
২. চমু প্ৰশ্ন-উত্তৰ (Short Answer Type – ২ নম্বৰ, ~৫০ টা শব্দ)
১. প্রশ্ন: মহাদেশীয় ভূ-ত্বক আৰু মহাসাগৰীয় ভূ-ত্বকৰ মাজৰ দুটা মূল প্ৰভেদ লিখা।
উত্তৰ: মহাদেশীয় ভূ-ত্বক তুলনামূলকভাৱে ডাঠ, কম ঘনত্বযুক্ত আৰু গ্ৰেনাইটজাতীয় শিলাৰে গঠিত। আনহাতে, মহাসাগৰীয় ভূ-ত্বক পাতল, অধিক ঘনত্বযুক্ত আৰু বাসাল্টজাতীয় শিলাৰে গঠিত। মহাদেশীয় ভূ-ত্বক SIAL আৰু মহাসাগৰীয় ভূ-ত্বক SIMA-সমৃদ্ধ।
২. প্রশ্ন: এষ্টেন’স্ফীয়াৰ (Asthenosphere) কি আৰু ইয়াৰ বৈশিষ্ট্য কি?
উত্তৰ: এষ্টেন’স্ফীয়াৰ হৈছে উপৰি-মেণ্টলৰ তলত অৱস্থিত তুলনামূলকভাৱে কোমল আৰু নমনীয় স্তৰ। উচ্চ উষ্ণতা আৰু চাপৰ ফলত ইয়াৰ শিলা আংশিকভাৱে গলিত অৱস্থাত থাকে। ইয়াৰ ওপৰত লিথ’স্ফীয়াৰৰ টেকটনিক ফলকসমূহ ধীৰে ধীৰে গতি কৰে।
৩. প্রশ্ন: মোহোৰোভিচিচ বিচ্ছেদ তল (Moho Discontinuity) বুলিলে কি বুজা?
উত্তৰ: ভূ-ত্বক আৰু মেণ্টলৰ মাজত থকা সীমাৰেখাক মোহোৰোভিচিচ বিচ্ছেদ তল বা ‘মো হো’ বোলে। এই সীমাত ভূ-কম্পীয় তৰংগৰ গতিবেগত হঠাৎ পৰিৱৰ্তন ঘটে। ভূ-কম্পনবিদ এণ্ড্ৰিজা মোহোৰোভিচিচৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
৪. question: মেণ্টল স্তৰটোৰ ৰাসায়নিক গঠন সম্পর্কে চমু টোকা লিখা।
উত্তৰ: মেণ্টল স্তৰটো প্ৰধানকৈ অক্সিজেন, চিলিকন, মেগনেছিয়াম আৰু আইৰনযুক্ত খনিজেৰে গঠিত। ইয়াৰ মুখ্য শিলা হৈছে পেৰিড’টাইট। মেণ্টল ভূ-ত্বকতকৈ অধিক ঘন আৰু ভূ-ত্বকৰ তলৰ পৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত।
৫. প্রশ্ন: পৃথিৱীৰ বহিঃকেন্দ্ৰমণ্ডল তৰল অৱস্থাত থকাৰ প্ৰমাণ কি?
উত্তৰ: এছ-তৰংগ (S-wave) কেৱল কঠিন মাধ্যমৰ মাজেৰেহে গতি কৰিব পাৰে। ভূ-কম্পীয় পৰ্যবেক্ষণত দেখা যায় যে এছ-তৰংগ বহিঃকেন্দ্ৰমণ্ডলৰ মাজেৰে পাৰ হ’ব নোৱাৰে। ইয়াৰ উপৰি পি-তৰংগৰ গতিবেগতো পৰিৱৰ্তন ঘটে। সেয়েহে বহিঃকেন্দ্ৰমণ্ডল তৰল বুলি প্ৰমাণিত হয়।
৬. প্রশ্ন: ভূ-ডাইনাম’ (Geodynamo) ধাৰণাটো চমুৱাই ব্যাখ্যা কৰা।
উত্তৰ: পৃথিৱীৰ বহিঃকেন্দ্ৰমণ্ডলত থকা তৰল লোহা আৰু নিকেলৰ চলাচল আৰু পৰিচলন স্ৰোতৰ ফলত বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি হয়। পৃথিৱীৰ ঘূৰ্ণনৰ প্ৰভাৱত এই প্ৰক্ৰিয়াই এক বৃহৎ চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটোক ভূ-ডাইনাম’ বোলে।
৭. প্রশ্ন: লিথ’স্ফীয়াৰ (Lithosphere) আৰু এষ্টেন’স্ফীয়াৰৰ সম্পৰ্ক কি?
উত্তৰ: লিথ’স্ফীয়াৰ হৈছে ভূ-ত্বক আৰু উপৰি-মেণ্টলৰ কঠিন, দৃঢ় অংশ। ইয়াৰ তলতে তুলনামূলকভাৱে কোমল আৰু নমনীয় এষ্টেন’স্ফীয়াৰ অৱস্থিত। লিথ’স্ফীয়াৰ কেইবাটাও টেকটনিক ফলকত বিভক্ত আৰু এই ফলকসমূহ এষ্টেন’স্ফীয়াৰৰ ওপৰত ধীৰে ধীৰে গতি কৰে।
৮. প্রশ্ন: গুটেনবাৰ্গ বিচ্ছেদ তলৰ গুৰুত্ব কি?
উত্তৰ: মেণ্টল আৰু বহিঃকেন্দ্ৰমণ্ডলৰ মাজৰ সীমাক গুটেনবাৰ্গ বিচ্ছেদ তল বোলে। ই প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতাত অৱস্থিত। এই সীমাত পি-তৰংগৰ গতিবেগ হ্ৰাস পায় আৰু এছ-তৰংগ অদৃশ্য হয়। ইয়াৰ দ্বাৰা বহিঃকেন্দ্ৰমণ্ডলৰ তৰল অৱস্থা নিশ্চিত কৰাত সহায় হয়।
৯. প্রশ্ন: অন্তঃকেন্দ্ৰমণ্ডল অতি উচ্চ উষ্ণতা থকা সত্ত্বেও কিয় কঠিন অৱস্থাত থাকে?
উত্তৰ: অন্তঃকেন্দ্ৰমণ্ডলৰ উষ্ণতা অতি বেছি হ’লেও তাত থকা প্ৰচণ্ড চাপৰ বাবে লোহা আৰু নিকেলৰ গলনাংক বৃদ্ধি পায়। এই অত্যধিক চাপৰ ফলত ধাতুবোৰ গলি নাযায় আৰু অন্তঃকেন্দ্ৰমণ্ডল কঠিন অৱস্থাত থাকে।
১০. প্রশ্ন: ‘Sial’ আৰু ‘Sima’ স্তৰৰ সংজ্ঞা দিয়া।
উত্তৰ: Sial’ হৈছে চিলিকন (Si) আৰু এলুমিনিয়াম (Al)-সমৃদ্ধ, তুলনামূলকভাৱে কম ঘনত্বৰ মহাদেশীয় ভূ-ত্বকৰ অংশ। আনহাতে, ‘Sima’ হৈছে চিলিকন (Si) আৰু মেগনেছিয়াম (Mg)-সমৃদ্ধ, অধিক ঘনত্বৰ ভূ-ত্বকীয় পদাৰ্থ।
১১. প্রশ্ন: ভূ-কম্পীয় ছায়া অঞ্চল (Seismic Shadow Zone) বুলিলে কি বুজা?
উত্তৰ: ভূ-কম্পীয় তৰংগ পৃথিৱীৰ অভ্যন্তৰৰ বিভিন্ন স্তৰত প্ৰতিসৰণ আৰু প্ৰতিফলনৰ সন্মুখীন হয়। ফলত ভূ-কম্পনৰ উৎসৰ পৰা কিছুমান নিৰ্দিষ্ট কৌণিক দূৰত্বৰ অঞ্চলত P আৰু S তৰংগ পোনপটীয়াকৈ ধৰা নপৰে। এই অঞ্চলসমূহক ভূ-কম্পীয় ছায়া অঞ্চল বোলে।
১২. প্রশ্ন: পৃথিৱীৰ অভ্যন্তৰৰ উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি কি?
উত্তৰ: পৃথিৱীৰ অভ্যন্তৰৰ উষ্ণতাৰ প্ৰধান উৎস দুটা হৈছে—
১. পৃথিৱী গঠনৰ সময়ত সঞ্চিত হোৱা অৱশিষ্ট তাপ।
২. ইউৰেনিয়াম, থ’ৰিয়াম আৰু পটাছিয়ামৰ দৰে তেজস্ক্ৰিয় মৌলৰ তেজস্ক্ৰিয় ক্ষয়ৰ ফলত উৎপন্ন হোৱা তাপ।
১৩. question: নিম্ন মেণ্টল বা মেছ’স্ফীয়াৰৰ (Mesosphere) বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: মেছ’স্ফীয়াৰ বা নিম্ন মেণ্টল প্ৰায় ৬৬০ কিলোমিটাৰৰ পৰা ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত। ইয়াত চাপ আৰু ঘনত্ব অতি বেছি। উচ্চ চাপৰ বাবে শিলাসমূহ কঠিন আৰু দৃঢ় প্ৰকৃতিৰ। ইয়াত চিলিকন, মেগনেছিয়াম আৰু আইৰনযুক্ত খনিজ প্ৰধানকৈ পোৱা যায়।
১৪. প্রশ্ন: কনৰাড বিচ্ছেদ তল (Conrad Discontinuity) কি?
উত্তৰ: মহাদেশীয় ভূ-ত্বকৰ ভিতৰত ওপৰৰ তুলনামূলকভাৱে ফেলছিক অংশ আৰু তলৰ অধিক মেফিক অংশৰ মাজত থকা ভূ-কম্পীয় বৈশিষ্ট্যৰ পৰিৱৰ্তনশীল সীমাক কনৰাড বিচ্ছেদ তল বোলে। ইয়াত ভূ-কম্পীয় তৰংগৰ গতিবেগত কিছু পৰিৱৰ্তন দেখা যায়।
১৫. প্রশ্ন: পৃথিৱীৰ ক্ৰ’ফেশিমা (CROFESIMA) আৰু নিফেশিমা (NIFESIMA) ধাৰণাটো কি?
উত্তৰ: এডৱাৰ্ড ছুৱেছৰ পুৰণি ভূ-গঠন তত্ত্ব অনুসৰি মেণ্টলৰ ৰাসায়নিক গঠনৰ ভিত্তিত দুটা নাম ব্যৱহাৰ কৰা হৈছিল। ওপৰৰ স্তৰক ক্ৰ’ফেশিমা (CROFESIMA) আৰু তলৰ স্তৰক নিফেশিমা (NIFESIMA) বুলি কোৱা হৈছিল। এই নামসমূহত বিভিন্ন ধাতু আৰু খনিজ উপাদানৰ সংকেত সংযুক্ত হৈ আছে।
৩. দীঘল প্ৰশ্ন-উত্তৰ (Long Answer Type – ৫ নম্বৰ, ~২০০ টা শব্দ)
১. প্রশ্ন: ভূ-কম্পীয় তৰংগৰ সহায়ত পৃথিৱীৰ অভ্যন্তৰীণ গঠন কেনেদৰে অধ্যয়ন কৰা হয়, চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ: পৃথিৱীৰ গভীৰ অভ্যন্তৰলৈ প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰা সম্ভৱ নহয়। সেয়েহে ভূ-বিজ্ঞানীসকলে ভূ-কম্পীয় তৰংগৰ (Seismic Waves) গতিবিধি আৰু বৈশিষ্ট্য বিশ্লেষণ কৰি পৃথিৱীৰ অভ্যন্তৰীণ গঠন অধ্যয়ন কৰে। ভূ-কম্পনৰ সময়ত প্ৰধানকৈ P-তৰংগ আৰু S-তৰংগ সৃষ্টি হয়।
১. তৰংগৰ গতিবেগৰ পৰিৱৰ্তন:
শিলাৰ ঘনত্ব আৰু স্থিতিস্থাপকতাৰ পৰিৱৰ্তনৰ লগে লগে ভূ-কম্পীয় তৰংগৰ গতিবেগো সলনি হয়। মোহো আৰু গুটেনবাৰ্গ বিচ্ছেদ তলত তৰংগৰ গতিবেগত হোৱা হঠাৎ পৰিৱৰ্তনৰ পৰা পৃথক স্তৰৰ অস্তিত্বৰ বিষয়ে জানিব পাৰি।
২. P আৰু S তৰংগৰ বৈশিষ্ট্য:
P-তৰংগ কঠিন আৰু তৰল দুয়োটা মাধ্যমৰ মাজেৰে গতি কৰিব পাৰে। কিন্তু S-তৰংগ কেৱল কঠিন মাধ্যমৰ মাজেৰেহে গতি কৰে। S-তৰংগ বহিঃকেন্দ্ৰমণ্ডলৰ মাজেৰে পাৰ হ’ব নোৱৰাৰ পৰা বহিঃকেন্দ্ৰমণ্ডল তৰল বুলি জানিব পাৰি।
৩. প্ৰতিসৰণ আৰু ছায়া অঞ্চল:
পৃথিৱীৰ অভ্যন্তৰত বিভিন্ন ঘনত্বৰ স্তৰ থকাৰ বাবে ভূ-কম্পীয় তৰংগ প্ৰতিসৰিত আৰু প্ৰতিফলিত হয়। ইয়াৰ ফলত কিছুমান অঞ্চলত তৰংগ পোনপটীয়াকৈ ধৰা নপৰে। এই অঞ্চলসমূহক ভূ-কম্পীয় ছায়া অঞ্চল বোলে।
৪. অভ্যন্তৰীণ স্তৰ নিৰ্ণয়:
এই তৰংগসমূহৰ গতিবিধি আৰু ছায়া অঞ্চল বিশ্লেষণ কৰি বিজ্ঞানীসকলে পৃথিৱীৰ ভূ-ত্বক, মেণ্টল, বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ বিষয়ে তথ্য লাভ কৰিছে।
সামৰণি:
এনেদৰে ভূ-কম্পীয় তৰংগ পৃথিৱীৰ অভ্যন্তৰীণ গঠন অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ পৰোক্ষ পদ্ধতি।
২. প্রশ্ন: পৃথিৱীৰ ভূ-ত্বক (Crust) ৰ গঠনিক বৈশিষ্ট আৰু ইয়াৰ শ্ৰেণীবিভাগ আলোচনা কৰা।
উত্তৰ:ভূ-ত্বক হৈছে পৃথিৱীৰ একেবাৰে বাহিৰৰ কঠিন আৰু তুলনামূলকভাৱে পাতল শিলাস্তৰ। ই পৃথিৱীৰ মুঠ আয়তনৰ অতি সৰু অংশ আগুৰি আছে। গঠন, ঘনত্ব আৰু ডাঠতাৰ ভিত্তিত ভূ-ত্বকক প্ৰধানকৈ মহাদেশীয় ভূ-ত্বক আৰু মহাসাগৰীয় ভূ-ত্বক—এই দুটা ভাগত বিভক্ত কৰা হয়।
১. মহাদেশীয় ভূ-ত্বক (Continental Crust):
- ই প্ৰধানকৈ গ্ৰেনাইটজাতীয় শিলাৰে গঠিত।
- চিলিকন আৰু এলুমিনিয়ামৰ পৰিমাণ বেছি হোৱা বাবে ইয়াক SIAL বোলা হয়।
- ইয়াৰ গড় ঘনত্ব প্ৰায় ২.৭ গ্ৰাম/ঘন চেমি।
- ইয়াৰ ডাঠতা সাধাৰণতে প্ৰায় ৩৫ কিমি আৰু বৃহৎ পৰ্বতমালাৰ তলত ৭০ কিমি বা তাতকৈ অধিক হ’ব পাৰে।
- ই তুলনামূলকভাৱে পুৰণি আৰু ইয়াৰ শিলাৰ বয়স বহু কোটিৰ পৰা কেইবাশ কোটি বছৰলৈ হ’ব পাৰে।
২. মহাসাগৰীয় ভূ-ত্বক (Oceanic Crust):
- ই প্ৰধানকৈ বাসাল্টজাতীয় শিলাৰে গঠিত।
- চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি হোৱা বাবে ইয়াক SIMA বোলা হয়।
- ইয়াৰ গড় ঘনত্ব প্ৰায় ৩.০ গ্ৰাম/ঘন চেমি।
- ইয়াৰ ডাঠতা সাধাৰণতে প্ৰায় ৫–১০ কিমি।
- ই মহাদেশীয় ভূ-ত্বকতকৈ তুলনামূলকভাৱে নবীন।
ভূ-ত্বক আৰু মেণ্টলৰ মাজৰ সীমাক মোহোৰোভিচিচ বিচ্ছেদ তল (Moho Discontinuity) বোলে।
সামৰণি:
মহাদেশীয় আৰু মহাসাগৰীয় ভূ-ত্বকৰ গঠন, ডাঠতা আৰু ঘনত্বৰ পাৰ্থক্যই পৃথিৱীৰ ভূ-গঠন আৰু প্লেট টেকটনিক্স বুজিবলৈ বিশেষ সহায় কৰে।
৩. প্রশ্ন: মেণ্টল বা প্ৰৱাল (Mantle) স্তৰৰ বিস্তাৰ, গঠন আৰু ইয়াৰ ভূ-বিজ্ঞানী বৈজ্ঞানিক গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ: ভূ-ত্বকৰ তলৰ পৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত বিশাল শিলাস্তৰটোক মেণ্টল বা প্ৰৱাল বোলা হয়। ই পৃথিৱীৰ আটাইতকৈ বৃহৎ অভ্যন্তৰীণ স্তৰ আৰু পৃথিৱীৰ মুঠ আয়তনৰ প্ৰায় ৮৩% আগুৰি আছে।
১. উপৰি-মেণ্টল (Upper Mantle):
ই মোহো বিচ্ছেদ তলৰ পৰা প্ৰায় ৬৬০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত। ইয়াৰ এটা অংশত এষ্টেন’স্ফীয়াৰ অৱস্থিত। এষ্টেন’স্ফীয়াৰ তুলনামূলকভাৱে কোমল আৰু নমনীয়। উপৰি-মেণ্টলৰ কঠিন ওপৰৰ অংশ ভূ-ত্বকৰ সৈতে মিলি লিথ’স্ফীয়াৰ গঠন কৰে।
২. নিম্ন-মেণ্টল (Lower Mantle/Mesosphere):
ই প্ৰায় ৬৬০ কিলোমিটাৰৰ পৰা ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত। ইয়াত চাপ আৰু ঘনত্ব অতি বেছি। সেয়েহে শিলাসমূহ অধিক দৃঢ় আৰু কঠিন প্ৰকৃতিৰ।
৩. ৰাসায়নিক গঠন:
মেণ্টল মুখ্যতঃ অক্সিজেন, চিলিকন, মেগনেছিয়াম আৰু আইৰনযুক্ত খনিজেৰে গঠিত। ইয়াৰ প্ৰধান শিলা হৈছে পেৰিড’টাইট (Peridotite)।
৪. ভূ-বৈজ্ঞানিক গুৰুত্ব:
- মেণ্টলৰ পৰিচলন স্ৰোতে প্লেট টেকটনিক্সত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
- উপৰি-মেণ্টলৰ পৰা মেগমাৰ উৎপত্তি হয় আৰু ইয়াৰ ফলত আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটে।
- মেণ্টলৰ গতিশীল প্ৰক্ৰিয়াই ভূমিকম্প, পৰ্বত গঠন আৰু প্লেটৰ গতিৰ সৈতে সম্পৰ্কিত বহু ভূ-প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।
সামৰণি:
মেণ্টল পৃথিৱীৰ অভ্যন্তৰীণ গঠনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ ভৌত আৰু ৰাসায়নিক বৈশিষ্ট্যই পৃথিৱীৰ প্লেট টেকটনিক্স, আগ্নেয়গিৰি আৰু বহু ভূ-বৈজ্ঞানিক প্ৰক্ৰিয়া বুজাত সহায় কৰে।
৪. প্রশ্ন: পৃথিৱীৰ কেন্দ্ৰমণ্ডল (Core) ৰ বৈশিষ্ট্য, বহিঃকেন্দ্ৰ আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ পাৰ্থক্য বহলাই লিখা।
উত্তৰ: মেণ্টলৰ তলত প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতাৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ (প্ৰায় ৬৩৭১ কিলোমিটাৰ) বিস্তৃত স্তৰটোক কেন্দ্ৰমণ্ডল (Core) বোলা হয়। কেন্দ্ৰমণ্ডল প্ৰধানকৈ লোহা (Fe) আৰু নিকেল (Ni)-সমৃদ্ধ হোৱা বাবে ইয়াক NIFE স্তৰ বুলিও কোৱা হয়। কেন্দ্ৰমণ্ডলক দুটা ভাগত বিভক্ত কৰা হয়— বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল।
বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ পাৰ্থক্য
| বৈশিষ্ট্য | বহিঃকেন্দ্ৰমণ্ডল (Outer Core) | অন্তঃকেন্দ্ৰমণ্ডল (Inner Core) |
|---|---|---|
| ১. বিস্তাৰ | প্ৰায় ২৯০০–৫১৫০ কিমি গভীৰতালৈ | প্ৰায় ৫১৫০–৬৩৭১ কিমি গভীৰতালৈ |
| ২. ভৌত অৱস্থা | তৰল অৱস্থাত থাকে | কঠিন অৱস্থাত থাকে |
| ৩. গঠন | লোহা-নিকেল প্ৰধান, তৰল ধাতৱ পদাৰ্থ | লোহা-নিকেল প্ৰধান, কঠিন ধাতৱ পদাৰ্থ |
| ৪. চাপ | অতি উচ্চ চাপ, কিন্তু অন্তঃকেন্দ্ৰমণ্ডলতকৈ কম | অত্যন্ত প্ৰচণ্ড চাপ |
| ৫. ভূ-কম্পীয় তৰংগ | S-তৰংগ পাৰ হ’ব নোৱাৰে; P-তৰংগৰ গতিবেগ হ্ৰাস পায় | P-তৰংগৰ গতিবেগ পুনৰ বৃদ্ধি পায় |
| ৬. চুম্বকীয় ক্ষেত্ৰ | তৰল লোহা-নিকেলৰ চলাচলৰ ফলত ভূ-চুম্বকীয় ক্ষেত্ৰ সৃষ্টিত মুখ্য ভূমিকা লয় | পৃথিৱীৰ কেন্দ্ৰত কঠিন অংশ হিচাপে অৱস্থিত |
কেন্দ্ৰমণ্ডলৰ গুৰুত্ব
১. কেন্দ্ৰমণ্ডলৰ গঠন আৰু ভূ-কম্পীয় বৈশিষ্ট্যৰ অধ্যয়নে পৃথিৱীৰ অভ্যন্তৰীণ গঠন বুজিবলৈ সহায় কৰে।
২. বহিঃকেন্দ্ৰমণ্ডলৰ তৰল লোহা-নিকেলৰ পৰিচলন আৰু পৃথিৱীৰ ঘূৰ্ণনৰ ফলত ভূ-ডাইনাম’ (Geodynamo) প্ৰক্ৰিয়াৰ জৰিয়তে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ সৃষ্টি হয়।
৩. এই চুম্বকীয় ক্ষেত্ৰই সৌৰ বায়ু আৰু কিছুমান ক্ষতিকাৰক মহাজাগতিক কণাৰ পৰা পৃথিৱীক সুৰক্ষা দিয়াত সহায় কৰে।
৪. বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ মাজৰ সীমাক লেহমেন বিচ্ছেদ তল (Lehmann Discontinuity) বুলি কোৱা হয়।
সামৰণি:
সেয়েহে কেন্দ্ৰমণ্ডল পৃথিৱীৰ অভ্যন্তৰীণ গঠনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। বহিঃকেন্দ্ৰমণ্ডলৰ তৰল অৱস্থা আৰু অন্তঃকেন্দ্ৰমণ্ডলৰ কঠিন অৱস্থাৰ পাৰ্থক্যই পৃথিৱীৰ ভূ-চুম্বকত্ব আৰু অভ্যন্তৰীণ গঠন বুজাত বিশেষ সহায় কৰে।
৫. প্রশ্ন: পৃথিৱীৰ অভ্যন্তৰত থকা প্ৰধান বিচ্ছেদ তলসমূহ (Discontinuities) কি কি? এটা চিত্ৰাত্মক বৰ্ণনা আগবঢ়োৱা।
উত্তৰ: ভূ-বিজ্ঞানত ‘বিচ্ছেদ তল’ (Discontinuity) বুলিলে পৃথিৱীৰ অভ্যন্তৰৰ এনে সীমাৰেখাক বুজায়, য’ত শিলাৰ গঠন, ঘনত্ব বা ভৌত অৱস্থাৰ পৰিৱৰ্তনৰ ফলত ভূ-কম্পীয় তৰংগৰ গতিবেগ আৰু দিশত হঠাৎ পৰিৱৰ্তন ঘটে। এই বিচ্ছেদ তলসমূহৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ অভ্যন্তৰীণ স্তৰসমূহৰ বিষয়ে তথ্য লাভ কৰা হয়।
পৃথিৱীৰ অভ্যন্তৰত থকা প্ৰধান বিচ্ছেদ তলসমূহ হ’ল—
১. কনৰাড বিচ্ছেদ তল (Conrad Discontinuity):
ই মহাদেশীয় ভূ-ত্বকৰ ভিতৰত অৱস্থিত এক সীমা। ই ভূ-ত্বকৰ ওপৰৰ তুলনামূলকভাৱে ফেলছিক অংশ আৰু তলৰ অধিক মেফিক অংশৰ মাজত থকা পৰিৱৰ্তন সূচায়।
২. মোহোৰোভিচিচ বিচ্ছেদ তল (Mohorovičić Discontinuity বা Moho):
ভূ-ত্বক আৰু মেণ্টলৰ মাজৰ সীমাক মোহোৰোভিচিচ বিচ্ছেদ তল বোলে। এই সীমাত ভূ-কম্পীয় তৰংগৰ গতিবেগত উল্লেখযোগ্য বৃদ্ধি ঘটে।
৩. ৰেপেটি বিচ্ছেদ তল (Repetti Discontinuity):
ই উপৰি-মেণ্টল আৰু নিম্ন-মেণ্টলৰ মাজত অৱস্থিত। সাধাৰণতে প্ৰায় ৬৬০ কিলোমিটাৰ গভীৰতাৰ সৈতে ইয়াক সম্পৰ্কিত কৰা হয়।
৪. গুটেনবাৰ্গ বিচ্ছেদ তল (Gutenberg Discontinuity):
প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতাত অৱস্থিত এই বিচ্ছেদ তলে কঠিন মেণ্টল আৰু তৰল বহিঃকেন্দ্ৰমণ্ডলক পৃথক কৰে। ইয়াত S-তৰংগ পাৰ হ’ব নোৱাৰে আৰু P-তৰংগৰ গতিবেগতো হঠাৎ পৰিৱৰ্তন ঘটে।
৫. লেহমেন বিচ্ছেদ তল (Lehmann Discontinuity):
প্ৰায় ৫১৫০ কিলোমিটাৰ গভীৰতাত অৱস্থিত এই সীমাই তৰল বহিঃকেন্দ্ৰমণ্ডল আৰু কঠিন অন্তঃকেন্দ্ৰমণ্ডলক পৃথক কৰে। ইয়াৰ পৰা অন্তঃকেন্দ্ৰমণ্ডলৰ কঠিন অৱস্থাৰ বিষয়ে জানিব পাৰি।
চিত্ৰাত্মক বৰ্ণনা:
পৃথিৱীৰ পৃষ্ঠ
↓ভূ-ত্বক
↓ কনৰাড বিচ্ছেদ তল
↓ মোহোৰোভিচিচ (Moho) বিচ্ছেদ তলউপৰি-মেণ্টল
↓ ৰেপেটি বিচ্ছেদ তলনিম্ন-মেণ্টল
↓ গুটেনবাৰ্গ বিচ্ছেদ তলবহিঃকেন্দ্ৰমণ্ডল (তৰল)
↓ লেহমেন বিচ্ছেদ তলঅন্তঃকেন্দ্ৰমণ্ডল (কঠিন)
সামৰণি:
বিচ্ছেদ তলসমূহত ভূ-কম্পীয় তৰংগৰ আচৰণৰ পৰিৱৰ্তন বিশ্লেষণ কৰি বিজ্ঞানীসকলে পৃথিৱীৰ অভ্যন্তৰীণ গঠন, বিভিন্ন স্তৰৰ অৱস্থা আৰু ইয়াৰ বৈশিষ্ট্য নিৰ্ণয় কৰিছে।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post