Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 7 Assamese Chapter 10 Question Answer Assamese Medium 2026 | সতৰ্কতাই সুৰক্ষা Chapter 10 Question Answer| SCERT Class 7 Assamese Chapter 10 Question Answer, MCQs Answer, Text Book PDF

সতৰ্কতাই সুৰক্ষা

প্ৰশ্ন ১। তলত বাঁওফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলিমেলিকৈ দিয়া আছে। শব্দৰ লগত অৰ্থ মিলাই লিখোঁ আহা।

বাঁওফাল সোঁফাল
ঠগ প্ৰতাৰক
প্ৰতিকাৰ আপদ গুচাবলৈ কৰা উপায়
হৰলুকী থিতাতে নাইকিয়া হোৱা কাৰ্য
অকঁটলা ডাল-পাত নুগুচোৱা (বাঁহ আদি)
শৰাধ নষ্ট; শেষ


প্ৰশ্ন ২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া।


(ক) কবিতাটোৰ বিষয়বস্তু কি?

উত্তৰঃ কবিতাটোৰ মূল বিষয়বস্তু হৈছে চাইবাৰ অপৰাধ আৰু ইয়াৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাৱধানতা তথা চাইবাৰ সুৰক্ষা।


(খ) অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে?

উত্তৰঃ অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ ব্যক্তিগত তথ্য চুৰি কৰি তাৰ অপব্যৱহাৰ কৰিব বিচাৰে। তেওঁলোকে মানুহৰ ধন-সম্পত্তি আৰু মান-সন্মান হৰলুকী কৰিব বিচাৰে।


(গ) চাইবাৰ সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে ব্যক্তিগত তথ্য বা ধন-সম্পত্তি চুৰি কৰি কৰা অপব্যৱহাৰৰ পৰা সুৰক্ষিত হৈ থকাটোক চাইবাৰ সুৰক্ষা বুলি কোৱা হয়।


(ঘ) অকঁটলা গোজ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণ অৰ্থত ডাল-পাত নুগুচোৱা বাঁহ আদিক অকঁটলা গোজ বোলে। কবিতাটোত ইয়াৰ জৰিয়তে ইণ্টাৰনেটত লুকাই থকা নেদেখা বিপদ বা গোপন শত্ৰুৰ কথা বুজোৱা হৈছে।


প্ৰশ্ন ৩। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবি লিখা।

(ক) ইণ্টাৰনেট ব্যৱস্থাৰ দুটাকৈ সুফল আৰু কুফলৰ বিষয়ে লিখা।

উত্তৰঃ

সুফলঃ

১। ইণ্টাৰনেটৰ জৰিয়তে ঘৰতে বহি বিশ্বৰ বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰি আৰু পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত কম সময়তে যোগাযোগ কৰিব পাৰি।

২। ইণ্টাৰনেটে আমাৰ বহু কাম সহজসাধ্য কৰে আৰু শ্ৰম তথা সময় ৰাহি কৰে। ইয়াৰ জৰিয়তে অনলাইন ক্লাছ, তথ্য অনুসন্ধান আৰু বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰি।

কুফলঃ

১। ইণ্টাৰনেটৰ জৰিয়তে অসাধু লোকে আমাৰ ব্যক্তিগত তথ্য চুৰি কৰি বিপদত পেলাব পাৰে।

২। সাৱধান নহ’লে চাইবাৰ অপৰাধীৰ জালত পৰি ধন-সম্পত্তি হেৰুৱাব লগা হ’ব পাৰে। তদুপৰি, অত্যধিক ইণ্টাৰনেট ব্যৱহাৰে চকুৰ সমস্যা, টোপনিৰ অসুবিধা আৰু মানসিক চাপ বৃদ্ধি কৰিব পাৰে।


(খ) কবিতাটোত জোনক চাই-চিতি খোজ দিবলৈ কিয় কোৱা হৈছে?

উত্তৰঃ জোন এটি সৰু ল’ৰা আৰু সি ইণ্টাৰনেটৰ লুকাই থকা বিপদসমূহৰ বিষয়ে ভালদৰে নাজানে। পানীৰ তলত কাঁইট লুকাই থকাৰ দৰে ইণ্টাৰনেটতো নেদেখা বিপদ লুকাই থাকে। সেয়েহে, জোন যাতে কোনো বিপদত নপৰে, তাৰ বাবে তাক চাই-চিতি খোজ দিবলৈ অৰ্থাৎ সাৱধানে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।


(গ) চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ’ব লাগে?

উত্তৰঃ চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে সতৰ্ক হ’ব লাগে। শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে, অচিনাকি বা সন্দেহজনক লিংকত ক্লিক কৰিব নালাগে আৰু নিজৰ পাছৱৰ্ড, OTP বা গোপন ব্যক্তিগত তথ্য কাকো দিব নালাগে। লগতে সুৰক্ষিত ৱেবছাইট ব্যৱহাৰ কৰিব লাগে।


(ঘ) কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনাম দিয়া।

উত্তৰঃ কবিতাটোৰ আন এটা উপযুক্ত শিৰোনাম হ’ব পাৰে— ‘সুৰক্ষিত ইণ্টাৰনেট’।


প্ৰশ্ন ৪। তলত দিয়া প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰি লিখা।

“ভয়েই লাগে যিহে দিন-কাল

আমাৰ জোনটো সৰু,

নাজানি-নুবুজি ‘ক্লিক্’ কৰি দিলে

নহ’বনে বিপদ বাৰু?”

জোন নামৰ সৰু ল’ৰাটিয়ে নাজানি-নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে কেনে ধৰণৰ বিপদ হ’ব পাৰে বুলি আশংকা কৰা হৈছে?

উত্তৰঃ জোন নামৰ সৰু ল’ৰাটিয়ে নাজানি-নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে নানা ধৰণৰ বিপদৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে। ভুল লিংকত ক্লিক কৰিলে চাইবাৰ অপৰাধীয়ে তাৰ ব্যক্তিগত তথ্য, পাছৱৰ্ড বা বেংকৰ তথ্য চুৰি কৰি অপব্যৱহাৰ কৰিব পাৰে। অচিনাকি লোকৰ প্ৰতাৰণাৰ জালতো সি পৰিব পাৰে। তদুপৰি, অত্যধিক ইণ্টাৰনেট ব্যৱহাৰে তাৰ পঢ়া-শুনাত মনোযোগ কমাব পাৰে আৰু চকুৰ সমস্যা, টোপনিৰ অসুবিধা তথা মানসিক চাপ বৃদ্ধি কৰিব পাৰে। সেয়েহে, ইণ্টাৰনেট সাৱধানতাৰে আৰু অভিভাৱকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত।


প্ৰশ্ন ৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।

“কেওফালে আজি বাঢ়িব ধৰিছে

চাইবাৰ অপৰাধ,

সাৱধান নহৈ পাছৱৰ্ড দিলে

ধন-মানৰ শৰাধ।”

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘সতৰ্কতাই সুৰক্ষা’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে ল’বলগীয়া সাৱধানতাৰ বিষয়ে বুজাবলৈ কবিয়ে এই কথাখিনি উল্লেখ কৰিছে।

ব্যাখ্যাঃ বৰ্তমান সময়ত চাৰিওফালে চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসাধু ব্যক্তিসকলে ইণ্টাৰনেটৰ জৰিয়তে আনক ঠগিবলৈ সুযোগ বিচাৰি থাকে। সেয়েহে, আমি ম’বাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যথেষ্ট সাৱধান হোৱা উচিত। অসাৱধানতাৰে নিজৰ পাছৱৰ্ড বা গোপন তথ্য আনক দিলে চাইবাৰ অপৰাধীয়ে আমাৰ ধন-সম্পত্তি চুৰি কৰাৰ লগতে মান-সন্মানো নষ্ট কৰিব পাৰে। সেয়েহে, এনে বিপদৰ পৰা হাত সাৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।

ভাষা-অধ্যয়ন

প্ৰশ্ন ৬। তলত দিয়া জতুৱা ঠাঁচৰ খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা।

উদাহৰণঃ কানে-কান মাৰি (কথমপি): যোৱা পৰীক্ষাত সি কানে-কান মাৰিহে উত্তীৰ্ণ হ’ল।


(ক) পানীত হাঁহ নচৰা (অভাৱে জুৰুলা কৰা)

উত্তৰঃ দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে।


(খ) গাই বাই চা (চেষ্টা কৰি চা)

উত্তৰঃ কামটো টান হ’লেও তুমি এবাৰ গাই বাই চাব পাৰা।


(গ) জোন ওলায় (চন্দ্ৰ উদয় হয়)

উত্তৰঃ সন্ধিয়া হোৱাৰ লগে লগে আকাশত জোন ওলায়।


(ঘ) ভাত বাঢ়ে (কাঁহীত ভাত দিয়ে)

উত্তৰঃ আলহী অহাৰ বাবে মায়ে পাকঘৰত ভাত বাঢ়িছে।


(ঙ) বেলি উঠে (সূৰ্য উদয় হয়)

উত্তৰঃ পুৱা বেলি উঠাৰ আগতেই কৃষকসকলে পথাৰলৈ যায়।


(চ) পানীৰ মিঠৈ (অসম্ভৱ বা অবাস্তৱ বস্তু)

উত্তৰঃ বিনা পৰিশ্ৰমত পৰীক্ষাত প্ৰথম স্থান লাভ কৰাৰ আশা কৰাটো পানীৰ মিঠৈৰ দৰে কথা।


(ছ) খাই পাত ফলা (অশলাগী)

উত্তৰঃ ৰাম সঁচাকৈয়ে এজন খাই পাত ফলা মানুহ; বিপদত সহায় কৰা মানুহজনক সি পাহৰি গ’ল।


(জ) আঁঠু ল (শৰণাপন্ন হ)

উত্তৰঃ উপায়বিহীন হৈ সি শেষত গৈ গাঁওবুঢ়াৰ ওচৰত আঁঠু ল’লেগৈ।


জ্ঞান-সম্প্ৰসাৰণ


প্ৰশ্ন ৯। তোমালোকে কবিতাটোত চাইবাৰ সুৰক্ষাৰ বিষয়ে পাইছা। চাইবাৰ সুৰক্ষাৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত, দলত আলোচনা কৰি লিখা।

উত্তৰঃ চাইবাৰ সুৰক্ষাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত—

১। নিজৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ শক্তিশালী আৰু গোপন পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে।

২। ম’বাইল, কম্পিউটাৰ আৰু বিভিন্ন এপ নিয়মীয়াকৈ আপডেট কৰি ৰাখিব লাগে।

৩। অচিনাকি ব্যক্তি বা সন্দেহজনক লিংকত ক্লিক কৰিব নালাগে।

৪। OTP, ATM PIN, পাছৱৰ্ড আদি ব্যক্তিগত তথ্য কাকো জনাব নালাগে।

৫। ই-মেইল বা মেছেজৰ জৰিয়তে অহা ভুৱা অফাৰ আৰু প্ৰতাৰণামূলক খবৰৰ পৰা সাৱধান থাকিব লাগে।

৬। ৰাজহুৱা Wi-Fi ব্যৱহাৰ কৰি বেংকিং বা গুৰুত্বপূৰ্ণ লেনদেন নকৰাই ভাল।

৭। এণ্টিভাইৰাছ ব্যৱহাৰ কৰি ডিভাইচ ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে।

৮। কোনো চাইবাৰ অপৰাধৰ ঘটনা ঘটিলে তৎক্ষণাত চাইবাৰ ক্ৰাইম বিভাগত অভিযোগ দাখিল কৰা উচিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects