SCERT Class 7 Assamese Chapter 10 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 10 “সতৰ্কতাই সুৰক্ষা” Answer | New Update 2026 | |

সতৰ্কতাই সুৰক্ষা

পাঠ-১০

পাঠভিত্তিকঃ

প্ৰশ্ন ১। তলত বাঁওফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলিমেলিকৈ দিয়া আছে। শব্দৰ লগত অৰ্থ মিলাই লিখোঁ আহা-

বাঁওফালসোঁফাল
ঠগপ্ৰতিকাৰহৰলুকীঅকঁটলাশৰাধডাল-পাত নুগুচোৱা (বাঁহ আদি)থিতাতে নাইকিয়া হোৱা কাৰ্যনষ্ট, শেষপ্ৰতাৰকআপদ গুচাবলৈ কৰা উপায়

উত্তৰঃ

বাঁওফালসোঁফাল
ঠগপ্ৰতিকাৰহৰলুকীঅকঁটলাশৰাধপ্ৰতাৰকনষ্ট, শেষথিতাতে নাইকিয়া হোৱা কাৰ্যডাল-পাত নুগুচোৱা (বাঁহ আদি)আপদ গুচাবলৈ কৰা উপায়

প্রশ্ন ২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক) কবিতাটোৰ বিষয়বস্তু কি?

উত্তৰঃ কবিতাটোৰ বিষয়বস্তু হ’ল সতর্কতাই সুৰক্ষা।

(খ) অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে ?

উত্তৰ: অসাধু লোকে আনৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটৰ সহায়ত চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে।

(গ) চাইবাৰ সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ কিছুমান অসাধু লোকে আনৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটৰ সহায়ত চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰে। ইয়াৰ ফলত সাধাৰণ লোকসকলে যথেষ্ট কষ্ট ভুগিবলগীয়া হয় আৰু তেওঁলোকে ধন-সম্পদৰ লগতে মান-সন্মানো হেৰুৱায়। এনে বিপদৰ পৰা সুৰক্ষিত হৈ থকাটোকেই চাইবাৰ সুৰক্ষা বুলি কোৱা হয়।

(ঘ) অকঁটলা গোজ বুলিলে কি বুজা?

উত্তৰঃ ঠাল-ঠেঙ্গুলি নকটা গোজ বা বাঁহ আদি।

প্রশ্ন ৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা-

(ক) ইণ্টাৰনেট ব্যৱস্থাৰ দুটাকৈ সুফল আৰু কুফলৰ বিষয়ে লিখা।

উত্তৰঃ

সুফলঃ

● ইণ্টাৰনেটৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত অতি কম সময়তে যোগাযোগ কৰিব পৰা যায়।

● শিক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেট অত্যন্ত উপযোগী। ইয়াৰ জৰিয়তে অনলাইন ক্লাছ, তথ্য অনুসন্ধান আৰু বিভিন্ন জ্ঞান আহৰণ সহজ হৈ পৰিছে।

কুফলঃ

অতিমাত্ৰা মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰিলে চকুৰ সমস্যা, টোপনিৰ অসুবিধা আৰু মানসিক চাপ বৃদ্ধি হ’ব পাৰে।

● ইণ্টাৰনেটৰ জৰিয়তে চাইবাৰ অপৰাধ, ভুৱা খবৰ প্ৰচাৰ আৰু ব্যক্তিগত তথ্য চুৰি হোৱাৰ আশংকা থাকে।

(খ) কবিতাটোত জোনক চাই-চিতি খোজ দিবলৈ কিয় কোৱা হৈছে?

উত্তৰঃ কবিতাটোত জোনক চাই-চিতি খোজ দিবলৈ কোৱা হৈছে যাতে ম’বাইল ব্যৱহাৰে তাক ভৱিষ্যতে বিপদত পেলাব পাৰে।

(গ) চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ’ব লাগে?

উত্তৰঃ চাইবাৰ অপৰাধীৰ পৰা বাচিবলৈ শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে। অচিনাকি লিংক খুলি চাব নালাগে। ব্যক্তিগত তথ্য কাকো দিব নালাগে। সুৰক্ষিত ৱেবছাইট ব্যৱহাৰ কৰিব লাগে।

(ঘ) কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনাম দিয়া।

উত্তৰঃ ‘সুৰক্ষিত ইণ্টাৰনেট’।

প্রশ্ন ৪। তলত দিয়া প্রশ্নটোৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

“ভয়েই লাগে যিহে দিন-কাল

আমাৰ জোনটো সৰু,

নাজানি-নুবুজি ‘ক্লিক্‌’ কৰি দিলে

নহ’বনে বিপদ বাৰু?”

-জোন নামৰ সৰু ল’ৰাটিয়ে নাজানি-নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে কেনে ধৰণৰ বিপদ হ’ব পাৰে বুলি আশংকা কৰা হৈছে?

উত্তৰঃ জোন নামৰ সৰু ল’ৰাটিয়ে নাজানি-নুবুজি ইণ্টাৰনেট ব্যৱহাৰ কৰিলে নানা ধৰণৰ বিপদৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

● চাইবাৰ অপৰাধীয়ে ব্যক্তিগত তথ্য, পাছৱৰ্ড বা বেংকৰ তথ্য চুৰি কৰি অপব্যৱহাৰ কৰিব পাৰে।

● অচিনাকি লোকৰ ফান্দত পৰি শিশুসকলে প্রতাৰণাৰ শিকাৰ হোৱাৰ সম্ভাৱনা থাকে।

● অনলাইন গেম বা অনুপযুক্ত বিষয়বস্তুৰ প্ৰভাৱত ল’ৰা-ছোৱালীৰ মনোযোগ পঢ়াশুনাৰ পৰা আঁতৰি যাব পাৰে।

● বেছি সময় ইণ্টাৰনেট ব্যৱহাৰ কৰিলে চকুৰ সমস্যা, টোপনি কম হোৱা আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে।

    সেয়ে ইণ্টাৰনেট সদায় সাৱধানতা আৰু অভিভাৱকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত।

প্রশ্ন ৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা-

কেওফালে আজি বাঢ়িব ধৰিছে

চাইবাৰ অপৰাধ,

সাৱধান নহৈ পাছৱর্ড দিলে                 ধন-মানৰ শৰাধ।

উত্তৰঃ উক্ত পদ্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘সতর্কতাই সুৰক্ষা’ কবিতাটোৰ পৰা লোৱা হৈছে।

    কবিয়ে এই পদ্যফাঁকিৰ মাধ্যমে সকলোকে সচেতন হৈ চাইবাৰ অপৰাধৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ উপদেশ দিছে।

    এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰিছে। আজিকালি বহু অপৰাধীয়ে ইণ্টাৰনেটৰ সহায়ত মানুহৰ ব্যক্তিগত তথ্য, পাছৱৰ্ড বা বেংকৰ তথ্য চুৰি কৰি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে। যদি মানুহে অসাৱধানতাৰে নিজৰ গোপন তথ্য আনক দিয়ে, তেন্তে ধন-সম্পত্তি হেৰুৱাৰ লগতে সমাজত সন্মানহানিও হ’ব পাৰে। সেইবাবে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱা প্রয়োজন।

প্রশ্ন ৬। তলত দিয়া জতুৱা ঠাঁচৰ খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখা।

উদাহৰণ:- কানে কান মাৰি (কথমপি): যোৱা পৰীক্ষাত সি কানে-কান মাৰিহে উত্তীৰ্ণ হ’ল।

●  পানীত হাঁহ নচৰা (অভাবে জুৰুলা কৰা)

●  গাই বাই চা (চেষ্টা কৰি চা)

●  জোন ওলায় (চন্দ্র উদয় হয়)

●  ভাত বাঢ়ে (কাঁহীত ভাত দিয়ে)

●  বেলি উঠে (সূর্য উদয় হয়)

●  পানীৰ মিঠৈ (অসম্ভৱ বা অবাস্তৱ বস্তু)

●  খাই পাত ফলা (অশলাগী)

●  আঁঠু ল (শৰণাপন্ন হ)

উত্তৰঃ

পানীত হাঁহ নচৰা (অভাবে জুৰুলা কৰা): বন্যাৰ পিছত গাঁওখনৰ বহু পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল।

গাই বাই চা (চেষ্টা কৰি চা): এইবাৰ মন দি গাই বাই চা, নিশ্চয় সফল হ’ব পাৰিবা।

জোন ওলায় (চন্দ্র উদয় হয়): সন্ধিয়া হোৱাৰ লগে লগে আকাশত জোন ওলায়।

ভাত বাঢ়ে (কাঁহীত ভাত দিয়ে): আইতাই অতিথিসকলকৰ বাবে আদৰেৰে ভাত বাঢ়িছে।

বেলি উঠে (সূর্য উদয় হয়): পুৱা বেলি উঠাৰ আগতেই কৃষকসকল পথাৰলৈ যায়।

পানীৰ মিঠৈ (অসম্ভৱ বা অবাস্তৱ বস্তু): একেদিনাই বহুত ধনী হোৱাৰ আশা কৰাটো পানীৰ মিঠৈৰ দৰে।

খাই পাত ফলা (অশলাগী): খাই পাত ফলা মানুহক সকলোৱে অপছন্দ কৰে।

আঁঠু ল (শৰণাপন্ন হ): বিপদত পৰি মানুহজনে ভগৱানৰ ওচৰত আঁঠু লৈ সহায় বিচাৰিলে।

জ্ঞান-সম্প্ৰসাৰণ

প্রশ্ন ৯। তোমালোকে কবিতাটোত চাইবাৰ সুৰক্ষাৰ বিষয়ে পাইছা। চাইবাৰ সুৰক্ষাৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত, দলত আলোচনা কৰি লিখা।

চাইবাৰ সুৰক্ষাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত—

● নিজৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ শক্তিশালী আৰু গোপন পাছৱৰ্ড ব্যৱহাৰ কৰা উচিত।

● মোবাইল, কম্পিউটাৰ আৰু বিভিন্ন এপ নিয়মীয়াকৈ আপডেট কৰি ৰখা প্রয়োজন।

● অচিনাকি ব্যক্তি বা সন্দেহজনক লিংকত ক্লিক কৰা অনুচিত।

● OTP, ATM PIN, পাছৱৰ্ড আদি ব্যক্তিগত তথ্য কাকো জনাব নালাগে।

● ই-মেইল বা মেছেজৰ জৰিয়তে অহা ভুৱা অফাৰ আৰু প্রতাৰণামূলক খবৰৰ পৰা সাৱধান থাকিব লাগে।

● ৰাজহুৱা Wi-Fi ব্যৱহাৰ কৰি বেংকিং বা গুৰুত্বপূর্ণ লেনদেন নকৰাই ভাল।

● এন্টিভাইৰাছ ব্যৱহাৰ কৰি ডিভাইচ ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে।

● কোনো চাইবাৰ অপৰাধৰ ঘটনা ঘটিলে তৎক্ষণাত চাইবাৰ ক্ৰাইম বিভাগত অভিযোগ দাখিল কৰা উচিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top