SCERT Class 7 Assamese Chapter 7 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 7 “সোণোৱালী অতীত” Answer | New Update 2026 | |

সোণোৱালী অতীত

পাঠ-৭

পাঠভিত্তিক:

প্রশ্ন ১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

● চেনেহীহঁতে ৰে’ল-গাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল?

(ক) ৫৫ ঘণ্টা ৪৫ মিনিট

(খ) ৫৪ ঘণ্টা ৪৫ মিনিট

(গ) ৫৪ ঘণ্টা ৩৫ মিনিট

(ঘ) ৫৪ ঘণ্টা ৪৫ মিনিট

উত্তৰঃ (গ) ৫৪ ঘণ্টা ৩৫ মিনিট

● চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে?

(ক) লো

(খ) তাম

(গ) ৰাং

(ঘ) মম

উত্তৰঃ (ঘ) মম

● দেওবাৰে ২১:৩০ বজাত তেওঁলোকে তম্বৰম ৰে’লৱে ষ্টেচনত উপস্থিত হ’লগৈ।’- সেই সময়ত ১২ ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল?

(ক) ১০:০০ বাজিছিল

(খ) ০৯:৩০ বাজিছিল

(গ) ০১:৩০ বাজিছিল

(ঘ) ০২:৩০ বাজিছিল

উত্তৰঃ (খ) ০৯:৩০ বাজিছিল

প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।

(ক) ‘কাবেৰীৰ পাৰে পাৰে’ কিতাপখনৰ লেখকৰ নাম কি?

উত্তৰঃ হেমন্ত কুমাৰ শৰ্মা।

(খ) ‘গোপুৰম’ শব্দটোৱে কি সূচায়?

উত্তৰঃ মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ।

(গ) ব্রঞ্জ কি? ব্রঞ্জ কেনেকৈ তৈয়াৰ কৰে?

উত্তৰঃ ব্ৰঞ্জ এবিধ মিশ্রিত ধাতু। ইয়াক প্রায় পঁচাশী শতাংশ তাম আৰু পোন্ধৰ শতাংশ ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়।

(ঘ) নটৰাজ মূৰ্তিটো কি প্রযুক্তিৰে নিৰ্মাণ কৰিছিল?

উত্তৰ: নটৰাজৰ মূৰ্তিটো ভাৰতৰ প্ৰাচীন প্রযুক্তি (মম বিগলন পদ্ধতি) আৰু নির্মাণশৈলীৰে নিৰ্মাণ কৰিছিল।

(ঙ) বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে?

উত্তৰ: নটৰাজৰ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি আছে। বৈজ্ঞানিকসকলে ‘পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু’ বুলি ঠাৱৰ কৰিছে।

(চ) গাইজ়নে চেনেহীহঁতক কি কি প্রযুক্তিৰ বিষয়ে কৈছিল?

উত্তৰঃ দ্রাবিড়ীয় শৈলীৰে নিৰ্মিত তিল্লাই নটৰাজ মন্দিৰটো ভাৰতীয় জ্ঞান আৰু প্ৰযুক্তিৰ এক উৎকৃষ্ট স্মাৰক।

ধাতু গলাই মূর্তি নির্মাণ কৰা প্ৰযুক্তি ‘মম বিগলন পদ্ধতি’ এইটো ভাৰতৰ এটা প্রাচীনতম প্রযুক্তি। নটৰাজৰ মূৰ্তিটো হ’ল এই প্রযুক্তিৰে নিৰ্মাণ কৰা অতি প্রাচীন মূর্তি।

প্রশ্ন ৩। চিদাম্বৰম মন্দিৰটোত প্রাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে, তাৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ চিদাম্বৰম মন্দিৰ দক্ষিণ ভাৰতৰ তামিলনাডুৰ চিদাম্বৰম নগৰত অৱস্থিত এক প্রাচীন আৰু ঐতিহাসিক মন্দিৰ। ইয়াক ‘তিল্লাই নটৰাজ মন্দিৰ’ বুলিও কোৱা হয়। এই মন্দিৰটো ভাৰতীয় স্থাপত্য, বিজ্ঞান, শিল্পকলা আৰু আধ্যাত্মিক জ্ঞানৰ এক অনন্য নিদর্শন।

‘তিল্লাই’ নামটো সেই অঞ্চলত অধিক পৰিমাণে জন্মোৱা এবিধ গছৰ নামৰ পৰা লোৱা হৈছে। খ্ৰীষ্টীয় দশম শতিকাত চোল বংশৰ ৰজাসকলে দ্রাবিড় স্থাপত্যশৈলীৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰটোৰ গঠনশৈলীত ভাৰতীয় স্থাপত্যবিদ্যা আৰু প্ৰযুক্তিৰ উৎকৃষ্ট নিদর্শন দেখা যায়।

মন্দিৰৰ গৰ্ভগৃহত থকা নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটো প্রাচীন ভাৰতীয় ধাতুশিল্পৰ এক অসাধাৰণ উদাহৰণ। এই মূৰ্তি ‘মম বিগলন’ বা ‘Lost Wax Method’ পদ্ধতিৰে নির্মাণ কৰা হৈছিল। এই পদ্ধতি অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে আৰু আজিও ই অতি মূল্যবান প্রযুক্তি হিচাপে গণ্য।

ইয়াৰ উপৰিও নটৰাজৰ মূৰ্তিৰ ভৰিৰ বুঢ়া আঙুলিয়ে ভূমি স্পৰ্শ কৰা স্থানটোক বিজ্ঞানীসকলে পৃথিৱীৰ চুম্বকীয় শক্তিৰ এক বিশেষ কেন্দ্রবিন্দু বুলি ধৰি লৈছে। সেইবাবে এই মন্দিৰত বিজ্ঞান, শিল্প আৰু আধ্যাত্মিকতাৰ সুন্দৰ সমন্বয় দেখা যায়।

প্রশ্ন ৪। অভিধান চাই বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাওঁ আহা-

শব্দ অর্থ

স্থাপত্য প্রাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন

পুৰাতত্ত্ব নৃত্যৰত শিৱৰ মূৰ্তি

আধ্যাত্মিকতা আর্দ্র ঠাইত গজা এবিধ গছ

গোপুৰম গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প

তিল্লাই মন্দিৰৰ ভিতৰত বিগ্রহ ৰখা অংশ

নটৰাজ মন, আত্মা সম্বন্ধীয়

গর্ভগৃহ মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ

উত্তৰঃ

শব্দ অর্থ

স্থাপত্য গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প

পুৰাতত্ত্ব প্রাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন

আধ্যাত্মিকতা মন, আত্মা সম্বন্ধীয়

গোপুৰম মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ

তিল্লাই আর্দ্র ঠাইত গজা এবিধ গছ

নটৰাজ নৃত্যৰত শিৱৰ মূৰ্তি
গর্ভগৃহ মন্দিৰৰ ভিতৰত বিগ্রহ ৰখা অংশ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top