অথনৈতিক উন্নয়ন
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১) ব্য়াখ্যা কৰা (এটা বাক্যত)
(ক) অৰ্থনৈতিক বিকাশ
উত্তৰঃ- এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি হোৱাকেই অৰ্থনৈতিক বিকাশ বোলে।
(খ) অৰ্থনৈতিক উন্নয়ন
উত্তৰঃ- অৰ্থনৈতিক উন্নয়ন হৈছে এনে এক প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয়ৰ সমবিতৰণৰ ওপৰত গুৰুত্ব দিয়া হয়।
(গ) মানৱ উন্নয়ন
উত্তৰঃ- মানৱ উন্নয়ন বুলিলে মানুহৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সামগ্ৰিক উন্নতিৰ জৰিয়তে জীৱনমান উন্নত কৰা প্ৰক্ৰিয়াক বুজায়।
(ঘ) অৰ্থনৈতিক পৰিকল্পনা
উত্তৰঃ- নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্ট লক্ষ্য সাধনৰ বাবে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিশ নিৰ্দেশ দিয়া প্ৰক্ৰিয়াক অৰ্থনৈতিক পৰিকল্পনা বোলে।
(ঙ) গণতান্ত্ৰিক পৰিকল্পনা
উত্তৰঃ- যি পৰিকল্পনাত ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰা হয় তাক গণতান্ত্ৰিক পৰিকল্পনা বোলে।
(চ) উদাৰীকৰণ
উত্তৰঃ- আৰ্থিক ব্যৱস্থাৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ কমোৱা প্ৰক্ৰিয়াই উদাৰীকৰণ।
(ছ) ব্যক্তিগতকৰণ
উত্তৰঃ- চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই ব্যক্তিগতকৰণ।
(জ) গোলকীকৰণ বা বিশ্বায়ন
উত্তৰঃ- এখন দেশৰ অৰ্থনীতি বিশ্বৰ আন দেশসমূহৰ সৈতে সংযুক্ত হোৱাৰ প্ৰক্ৰিয়াক গোলকীকৰণ বা বিশ্বায়ন বোলে।
চমু উত্তৰৰ প্ৰশ্নঃ
২) অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ- অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত থকা দুটা প্ৰধান পাৰ্থক্য তলত দিয়া হ’ল 一
অৰ্থনৈতিক বিকাশ
(i) এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিক অৰ্থনৈতিক বিকাশ বোলে।
(ii) অৰ্থনৈতিক বিকাশৰ ধাৰণা তুলনামূলকভাৱে সংকীৰ্ণ।
অৰ্থনৈতিক উন্নয়ন
(i) অৰ্থনৈতিক উন্নয়ন হৈছে এনে এক প্ৰক্ৰিয়া য’ত আয় বৃদ্ধিৰ লগতে আয়ৰ সমবিতৰণৰ ওপৰতো গুৰুত্ব দিয়া হয়।
(ii) অৰ্থনৈতিক উন্নয়নৰ ধাৰণা অধিক বিস্তৃত।
৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ- মানৱ উন্নয়নৰ তিনিটা মুখ্য সূচক হ’ল 一
(i) প্ৰত্যাশিত আয়ুস,
(ii) শিক্ষা বা সাক্ষৰতা,
(iii) জীৱনমান।
৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
উত্তৰঃ- সমাজৰ বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দৰ আধাৰত সামূহিক সিদ্ধান্ত গঠন কৰাৰ প্ৰক্ৰিয়াক সমষ্টিগত পছন্দ বুলা হয়। এই পছন্দসমূহ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশসমূহো সামৰি লয়। মানৱ উন্নয়নৰ লগত এই ধাৰণাটো জড়িত, কাৰণ মানৱ উন্নয়নে মানুহৰ সামগ্ৰিক উন্নতিৰ জৰিয়তে জীৱনমান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এইদৰে, সমষ্টিগত পছন্দৰ বিস্তাৰ মানে হৈছে জনসাধাৰণৰ পছন্দ আৰু সুযোগসমূহ বৃদ্ধি পোৱা।
৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ- ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মুখ্য লক্ষ্য হ’ল 一
(i) অৰ্থনৈতিক উন্নয়নৰ গতি বৃদ্ধি কৰা,
(ii) আৰ্থ-সামাজিক বৈষম্য হ্ৰাস কৰা,
(iii) দৰিদ্ৰতা দূৰ কৰা।
৬) NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ- NITI আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ইয়াৰ অন্য সদস্যসকল হ’ল— এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ-ৰাজ্যপালসকল, চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকল।
দীঘল উত্তৰৰ প্ৰশ্নঃ
৭) ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্য়াখ্যা কৰা।
উত্তৰঃ- ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ছোৱাত ৰাজহুৱা খণ্ডই অৰ্থনীতিত প্ৰধান ভূমিকা পালন কৰিছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা সীমিত আছিল। এই সময়ত ঔদ্যোগিক নীতিসমূহ সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল আৰু ৰাষ্ট্ৰই অৰ্থনৈতিক কাৰ্যকলাপত অধিক নিয়ন্ত্ৰণ ৰাখিছিল। কৃষিখণ্ডত সেউজ বিপ্লৱ ঘটিলেও ই সীমিত কেইখনমান ৰাজ্যলৈহে সীমাবদ্ধ আছিল। সেয়ে সামগ্ৰিকভাৱে অৰ্থনৈতিক উন্নয়নৰ গতি সন্তোষজনক নাছিল।
আনহাতে, ১৯৯১ চনৰ পৰা বৰ্তমানলৈ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিত ব্যাপক পৰিৱৰ্তন দেখা যায়। ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পাই ব্যক্তিগত খণ্ডৰ ভূমিকা বৃদ্ধি পায়। উদাৰীকৰণ,আনহাতে, ১৯৯১ চনৰ পৰা বৰ্তমানলৈ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিত ব্যাপক পৰিৱৰ্তন দেখা যায়। ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পাই ব্যক্তিগত খণ্ডৰ ভূমিকা বৃদ্ধি পায়। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ দৰে নীতি গ্ৰহণ কৰা হয়। এই সংস্কাৰমূলক পদক্ষেপসমূহৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে, মূল্যসূচী নিয়ন্ত্ৰণত আহিছে আৰু বৈদেশিক মুদ্ৰা ভাণ্ডাৰো বৃদ্ধি পাইছে।
৮) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্য়াখ্যা কৰা।
উত্তৰঃ- ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল 一
(i) পৰিকল্পিত উন্নয়নৰ প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডত অধিক গুৰুত্ব দিয়া হৈছিল যদিও বহু উদ্যোগ লোকচানত চলিছিল। ১৯৯০ চনৰ ভিতৰত বহু ৰাজহুৱা উদ্যোগ ৰুগ্ন হৈ পৰিছিল।
(ii) অনাবৃষ্টি আৰু ৰাজনৈতিক অস্থিৰতাৰ ফলত উৎপাদন হ্ৰাস পাইছিল, যাৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি পাই দুখীয়া শ্ৰেণীৰ ওপৰত অধিক প্ৰভাৱ পৰিছিল।
(iii) ১৯৯০-৯১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্থা দুৰ্বল হৈছিল। বিদেশী মূলধন আগমণ কমি গৈছিল আৰু মূলধনৰ বহিৰ্গমন বৃদ্ধি পাইছিল।
এই সমস্যাসমূহৰ ফলত বিশ্ব বেংকে অৰ্থনৈতিক সংস্কাৰৰ পৰামৰ্শ আগবঢ়াইছিল।
৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ- অৰ্থনৈতিক সংস্কাৰৰ কিছুমান মুখ্য সুফল তলত দিয়া হ’ল 一
(i) দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে।
(ii) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ নিয়ন্ত্ৰিত হৈছে।
(iii) বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি পাইছে।
১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্য়াখ্যা কৰা।
উত্তৰঃ- অৰ্থনৈতিক সংস্কাৰৰ ফলত উদ্ভৱ হোৱা দুটা অসুবিধা হ’ল 一
(i) বজাৰত প্ৰতিযোগিতা বৃদ্ধি পাইছে, যাৰ ফলত বহু ক্ষেত্ৰত অসুস্থ প্ৰতিযোগিতা দেখা যায় আৰু লাভৰ প্ৰৱণতা বৃদ্ধি পায়।
(ii) বিশ্বায়নৰ ফলত দেশীয় সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। বহু ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতি বিলুপ্তিৰ সন্মুখীন হৈছে।
১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ- অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা মুখ্য লক্ষ্য হ’ল ㅡ
(i) জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যা মোকাবিলা কৰা।
(ii) কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।
(iii) দৰিদ্ৰতা আৰু আৰ্থ-সামাজিক বৈষম্য হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।
(iv) শক্তি উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
(v) বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা।
(vi) আগন্তুক কেইবা দশকৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।