SVN Class 4 Ramayana Sadhu Chapter 2 Answer বিশ্বামিত্ৰৰ পৰিকল্পনা

বিশ্বামিত্ৰৰ পৰিকল্পনা
অধ্যায় ২
(ক) উত্তৰ দিয়া-
1| ভাৰতৰ কোন দিশে লঙ্কা দ্বীপ অৱস্থিত ?
উত্তৰ:- ভাৰতৰ দক্ষিণ দিশে লঙ্কা দ্বীপ অৱস্থিত ।
2| ত্ৰেতাযুগত কোনে লঙ্কাত ৰাজত্ব কৰিছিল ?
উত্তৰ:- ত্ৰেতাযুগত ৰাৱণ নে লঙ্কাত ৰাজত্ব কৰিছিল ।
3| ৰাৱণৰ কি কি দোষ আছিল ? সেই দোষবোৰৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হৈছিল ?
উত্তৰ:- ৰাৱণৰ দোষ বোৰ হ’ল-
(ক) সাধু-সন্তসকলক দুখ-কষ্ট দিয়া
(খ) দুখীয়া-দৰিদ্ৰক অত্যাচাৰ কৰা
(গ) মদ-মাংস আদি খোৱা আৰু
(ঘ) চল-চাতুৰীৰে আনৰ ধন লুটি নিযা আদি
এনে দোষ বোৰ কাৰণে তেওঁক ৰাক্ষস বুলি অভিহিত কৰিছিল ।
4| ৰাৱণক কিয় দশানন বোলা হৈছিল ?
উত্তৰ:- ৰাৱণক দশানন বোলা কাৰণ তেওঁ দহজন মানুহৰ শক্তি আৰু দহখন মুখ থকা বাবে দশানন বোলা গৈছিল ।
5| ৰাৱণৰ ভায়েক দুজনৰ নাম কি ?
উত্তৰ:- ৰাৱণৰ ভাত্রেক দুজন হ’ল কুম্ভকৰ্ণ আৰু বিভীষণ ।
6| বিশ্বামিত্ৰ কোন আছিল ?
উত্তৰ:- বিশ্বামিত্ৰ বৰ জ্ঞানী আৰু তপস্বী আছিল ।
7| বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক কিয় লগত নিব খুজিছিল ?
উত্তৰ:- বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক ৰাৱণ আৰু তেওঁ ৰাক্ষসবোৰক ধ্বংস কৰিবলৈ লগত নিব খুজিছিল ।
8| দশৰথ ৰজাৰ গুৰুৰ নাম কি আছিল ?
উত্তৰ:- দশৰথ ৰজাৰ গুৰুৰ নাম বিশ্বামিত্ৰ আছিল ।
(খ) খালী ঠাই পূৰ কৰা-
1| ৰাৱণৰ শৰীৰত দহ জন মানুহৰ শক্তি আছিল ।
2| আনন মানে মুখ ।
3| ৰাৱণৰ ভনীয়েকৰ নাম শূৰ্পনখা ।
Question Answer By Bikash Bora