Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 17 Answer মৌৰ্য সাম্ৰাজ্যঃমহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ

মৌৰ্য সাম্ৰাজ্যঃমহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ

পাঠ নং- ১৬

১। উত্তৰ লিখা –

(ক) মৌৰ্য বংশ কোনে পতিষ্ঠা কৰিছিল ?

উত্তৰঃ মৌৰ্য বংশ চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰিছিল।

(খ) চন্দ্ৰগুপ্তই আলেকজেণ্ডাৰক ক’ত লগ পাইছিল ?

উত্তৰঃ চন্দ্ৰগুপ্তই আলেকজেণ্ডাৰক তক্ষশীলাত লগ পাইছিল।

(গ) বিন্দুসাৰৰ পৰৱৰ্তী ৰজাজন কোন ?

উত্তৰঃ বিন্দুসাৰৰ পৰৱৰ্তী ৰজাজন হৈছে অশোক।

(ঘ) অশোকে কাৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কছিল ?

উত্তৰঃ অশোকে উপগুপ্ত নামৰ বৌদ্ধ সন্ন্য়াসী এজনৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কছিল।

(ঙ) অশোকক কিয় ‘মহামতি অশোক’ বোলা হয় ?

উত্তৰঃ সম্ৰাট অশোকে প্ৰজাৰ পাৰ্থিৱ সুখ-শান্তিৰ প্ৰতি চোকা নজৰ ৰাখিছিল। ৰাস্তাৰ কাষত গছ ৰোৱা, পুখুৰী খন্দা, জিৰণি ঘৰৰ ব্য়ৱস্থা কৰা, সুচিকিৎসাৰ ব্য়ৱস্থা কৰা আদি কাবোৰৰ ৰিয়তে অশোকে সমাজ সংস্কাৰলৈ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল। তেওঁ আছিল প্ৰকৃতাৰ্থত এজন বীৰ, ৰাষ্ট্ৰ নিৰ্মাতা আৰু সুশাসক। সেয়ে তেওঁক মহামতি অশোক নামেৰেও জনা যায়।

২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা –

(ক) চন্দ্ৰগুপ্তৰ মাতৃৰ নাম অনুসৰি তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম মৌৰ্য বংশ হয়।

উত্তৰঃ শুদ্ধ।

(খ) মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল তক্ষশীলা।

উত্তৰঃ অশুদ্ধ।

(গ) কলিংগ যুদ্ধৰ জৰিয়তে অশোকে সাম্ৰাজ্যবাদৰ পাতনি মেলিছিল?

উত্তৰঃ অশুদ্ধ।

(ঘ) ‘অৰ্থশাস্ত্ৰ’ৰ ৰচক আছিল মেগাস্থিনিছ।

উত্তৰঃ অশুদ্ধ।

(ঙ) কৌটিল্যৰ আন এটা নাম বিষ্ণুগুপ্ত।

উত্তৰঃ শুদ্ধ।

৩। খালী ঠাই পূৰ কৰাঃ

(ক) মগধৰ নন্দবংশ উচ্ছেদ কৰি চন্দ্ৰগুপ্তই মৌৰ্য বংশৰ শাসন প্ৰতিষ্ঠা কৰে।

(খ) চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত তক্ষশীলীৰ পৰা পাটলিপুত্ৰ লৈ আলিবাট নিৰ্মাণ কৰা হৈছিল।

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ পিছত বিন্দুসাৰে ২৫ বছৰ মৌৰ্য সাম্ৰাজ্য শাসন কৰে।

(ঘ) অশোকে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ধৰ্ম মহামাত্ৰ নামৰ এক শ্ৰেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল।

(ঙ) ফাহিয়ানে অশোকৰ শিলেৰে নিৰ্মিত ৰাজপ্ৰসাদ দেখি বিস্মিত হৈছিল।

(চ) কৌটিল্যৰ অৰ্থশাস্ত্ৰ ‘ত দণ্ডনীতি ৰ দৰে কঠোৰ দণ্ডনীয় ব্যৱস্থা দিয়া আছে ।

৪। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা –

(ক) মৌৰ্য সাম্ৰাজ্য উত্থানৰ বিষয়ে ক’ৰপৰা জানিব পাৰি ?

উত্তৰঃ মৌৰ্য সাম্ৰাজ্য়ৰ উত্থানৰ বিষয়ে বিভিন্ন সমলৰ পৰা জানিব পাৰি। সেইবোৰ হৈছে 一 কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ, মেগাস্থিনিছৰ টোকা, বৌদ্ধ আৰু জৈন সাহিত্য়, মুদ্ৰা আদি।

(খ) পাটলিপুত্ৰৰ শাসন ব্যৱস্থা কেনে আছিল?

উত্তৰঃ পাটলিপুত্ৰ নগৰখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল। ৩০ জনীয়া সদস্য়ৰ পৌৰসভাখনত ৬ খন উপ-সমিতি আছিল। এনে উপ-সমিতিসমূহ হ’ল 一 জন্ম-মৃত্য়ুৰ হিচাপ ৰখা, বাণিজ্য় দ্ৰব্য়ৰ মূল্য় নিৰ্ধাৰণ কৰা, জোখ-মাখ নিয়ন্ত্ৰণ কৰা, বেচা-কিনাৰ ওপৰত কৰ লগোৱা, বিদেশী নাগৰিকৰ হিচাপ ৰখা আৰু শ্ৰম শিল্প নিৰীক্ষণ কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects