দেশপ্ৰাণ শতমন্যু
Chapter 4
১। শতমন্যু কোন আছিল?
উত্তৰঃ শতমন্য়ু এজন ৰজা আছিল।
২। দেশত দুৰ্ভিক্ষই কিয় দেখা দিছিল?
উত্তৰঃ বাৰ বছৰ ধৰি দেশত এটোপাল বৰষুণ পৰা নাই সেই কাৰণে দেশত দুৰ্ভিক্ষই দেখা দিছিল।
৩। কোনে যজ্ঞথলীত থিয় হৈ নিজৰ জীৱন সমৰ্পণ কৰিব খুজিছিল?
উত্তৰঃ শতমন্য়ুই যজ্ঞথলীত থিয় হৈ নিজৰ জীৱন সমৰ্পণ কৰিব খুজিছিল।
৪। কিহৰ বাবে দেবতা সকলে সন্তুষ্ট হৈ পুষ্পবৃষ্টি কৰিলে?
উত্তৰঃ শতমন্য়ুই বলিৰ বাবে সাজু হৈ দেৱৰাজ ইন্দ্ৰক স্মৰণ কৰিবলৈ ধৰিলে। যজ্ঞত উপস্থিত অগণন মানুহে এই দৃশ্য় একেথৰে চাই ৰ’ল। অতি আচৰিত কথা, সেই সময়তে আকাশৰ পৰা পুষ্পবৃষ্টি হ’বলৈ ধৰিলে।
৫। দেশৰ পৰা দুৰ্ভিক্ষ কেনেকৈ নাইকিয়া হ’ল?
উত্তৰঃ নৰমেধ যজ্ঞত শতমন্য়ুক নিজৰ বলি দিবলৈ ওলোৱাত দেৱতাসকলে স্বৰ্গৰ পৰা পুষ্প বৃষ্টি কৰিলে আৰু আশীবাৰ্দ দি ৰাজ্য়খনক দুৰ্ভীক্ষৰ পৰা মুক্ত কৰালে।
৬। কাহিনীটোৰ পৰা কি নীতি-শিক্ষা পালা লিখা?
উত্তৰঃ এই কাহিনীটোৰ পৰা আমি শিকিলো যে দেশৰ হকে দহৰ হকে জীৱন উচৰ্গা কৰিব পৰা মহান ত্য়াগী পুৰুষৰ অনেক উদাহৰণ আমাৰ দেশত আছে। শতমন্য়ুৰ নিচিনা যুৱক লৈ দেশে আজিও গৌৰৱ কৰিব পাৰো ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post