Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 12 Answer আহাৰৰ উপাদান

আহাৰৰ উপাদান

Lesson 12

১। আমাৰ দেহক বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন হয় কিয় ?

উত্তৰঃ আমাৰ দেহে পৰিপুষ্টি পাবৰ বাবে আমাৰ দেহক বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়।

২। পৰিপোষক কাক বোলে ? আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকৰ নাম লিখা ।

উত্তৰঃ আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক উপাদানবোৰক পৰিপোক বুলি কোৱা হয়। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকৰ নাম হ’ল কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।

৩। আহাৰত আঁহজাতীয় খাদ্য আৰু পানীৰ প্ৰয়োজন কিয় ?

উত্তৰঃ খাদ্য হজম কাৰ্যত সহায় কৰিবৰ বাবে আহাৰত আঁহজাতীয় খাদ্য আৰু পানীৰ প্ৰয়োজন।

৪। খাদ্যবস্তুত শ্বেতসাৰৰ উপস্থিতি কেনেদৰে পৰীক্ষা কৰিব পাৰি ?

উত্তৰঃ ৰন্ধা খাদ্য বস্তু বা কেচাঁ উপকৰণ এবিধ লৈ, লঘু আয়’ডিন দ্ৰৱ খাদ্যবস্তুখিনিত দুই তিনি টোপাল ড্ৰপাৰেৰে যোগ কৰা। তাৰপাছত খাদ্যবস্তু খিনিৰ ৰং নীলা-ক’লা ৰঙলৈ পৰিৱৰ্তন হয়, তেন্তে খাদ্যবস্তুত শ্বেতসাৰ আছে।

৫। আমি খোৱা খাদ্যসমূহক কেইভাগত ভগাব পাৰি ?

উত্তৰঃ আমি খোৱা খাদ্যসমূহক তিনিভাগত ভগাব পাৰি।

৬। কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থই আমাক শৰীৰক কি দিয়ে ?

উত্তৰঃ কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থই আমাক শৰীৰক শক্তি দিয়ে।

৭। অধিক চৰ্বীযুক্ত খাদ্য খোৱা উচিত নহয় কিয় ?

উত্তৰঃ অধিক চৰ্বীযুক্ত খাদ্য খোৱা উচিত নহয় কাৰণ ইয়ে শৰীৰ মেদযুক্ত কৰে। যাৰ বাবে আমাৰ হূদযন্ত্ৰৰ ৰোগ হ’ব পাৰে।

৮। বাঢ়ি অহা শিশুবোৰে অধিক প্ৰ’টিনযুক্ত খাদ্য খাব লাগে কিয় ?

উত্তৰঃ বাঢ়ি অহা শিশুবোৰে অধিক প্ৰ’টিনযুক্ত খাদ্য খাব লাগে কাৰণ প্ৰ’টিনযুক্ত খাদ্যই কোষ গঠন আৰু শৰীৰৰ অন্যান্য অংগ-প্ৰত্যংগ বৃদ্ধি আৰু বিকাশত সহায় কৰে। ইয়াৰ উপৰিও কোষৰ আৰু কলাৰ বৃদ্ধিটো সহায় কৰে।

৯। তলত দিয়া উপাদানসমূহ থকা খাদ্যবোৰৰ প্ৰতিটোতৰ দুটাকৈ নাম উল্লেখ কৰা ।

ক) স্নেহপদাৰ্থ

উত্তৰঃ মাছ, মাংস।

খ) শ্বেতসাৰ

উত্তৰঃ ভাত, আলু।

গ) আঁহজাতীয় খাদ্য

উত্তৰঃ কমলা, নাচপতি।

ঘ) প্ৰ’টিন ।

উত্তৰঃ বুট, মগু।

১০। খালী ঠাই পূৰ কৰাঃ

ক) ভিটামিন Dৰ অভাৱত ৰিকেট বেমাৰ হয় ।

খ) ভিটামিন B ৰ অভাৱত বেৰিবেৰি বেমাৰ হয় ।

গ) ভিটামান Cৰ অভাৱত স্কাৰ্ভি বেমাৰ হয় ।

ঘ) খাদ্যত ভিটামিন A ৰ অভাৱৰ বাবে কুকুৰী-কণা ৰোগ হয় ।

১১। আমাৰ আহাৰত কেঁচা শাক-পাচলি আৰু ফল-মূল থকা উচিত কিয় ?

উত্তৰঃ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা তাপে খাদ্যৰ ভিটামিন C সহজে নষ্ট কৰে। গতিকে আমাৰ আহাৰত কেঁচা শাক-পাচলি আৰু ফল-মূল থকা উচিত।

১২। সুষম আহাৰ কাক বোলে ?

উত্তৰঃ এটি সুস্থ আৰু সবল স্বাস্থ্যৰ বাবে আমাক যি আহাৰৰ প্ৰয়োজন তাকেই সুষম আহাৰ বোলে।

১৩। আমাৰ শৰীৰে প্ৰয়োজনীয় পানী ক’ৰ পৰা পায় ?

উত্তৰঃ আমাৰ শৰীৰে প্ৰয়োজনীয় পানী আমি খোৱা জুলীয়া পদাৰ্থ পানী, গাখীৰ আৰু চাহৰ পৰা পায়।

১৪। অভাৱজনিত ৰোগ কাক বোলে ?

উত্তৰঃ এটা বা ততোধিক পৰিপোষকৰ অভাৱত আমাৰ শৰীৰত যি ৰোগ অথবা অসুস্থতা ঘটে, তাকে অভাৱজনিত ৰোগ বোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects