Might Learn Logo Might Learn Shop Might Learn

SVN Class 6 Science Chapter 4 Answer কাৰ্য, ক্ষমতা আৰু শক্তি

কাৰ্য, ক্ষমতা আৰু শক্তি

পাঠ ৪

১। কোনো এটা কাৰ্য সম্পাদিত হোৱা বুলি কেতিয়া কোৱা হয়?

উত্তৰঃ বল প্ৰয়োগৰ ফলত কোনো এটা বস্তুৰ স্থানৰ পৰিবৰ্তন হ’লে কাৰ্যটো সম্পাদিত হোৱা বুলি কোৱা হয়।

২। কাৰ্যৰ মান কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ কাৰ্যৰ মান দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে –

(i) বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান।

(ii) বলৰ দিশত বস্তুটোৱে অতিক্ৰম কৰা ন্য়ূনতম দূৰত্ব।

৩। ভৰ কাক বোলে?

উত্তৰঃ কোনো এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণক ভৰ বোলা হয়।

৪। ওজন কাক বোলে?

উত্তৰঃ কোনো এটা বস্তুৰ ওপৰত মধ্য়াকৰ্ষণ শক্তিৰ প্ৰভাৱক ওজন বোলে।

৫। মাধ্যাকৰ্ষণিক বল কাক বোলে?

উত্তৰঃ কোনো এটা বস্তুক পৃথিৱীৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থকা শক্তিয়েই হৈছে মধ্য়াকৰ্ষণ শক্তি।

৬। ক্ষমতা কাক বোলে? ইয়াৰ একক কি?

উত্তৰঃ কাৰ্য সম্পাদনৰ হাৰকে ক্ষমতা বোলে। ইয়াৰ একক ৱাট।

৭। শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰটো লিখা।

উত্তৰঃ শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰটো হৈছে – শক্তি সৃষ্টি কৰিব নোৱাৰি, ইয়াক ধ্বংসও কৰিব নোৱাৰি; মাথোঁ এটা ৰূপৰ পৰা অন্য় এটা ৰূপলৈ ৰূপৈন্তৰ কৰিব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects