Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 7 Answer পোহৰ আৰু পোহৰৰ প্ৰতিফলন

পোহৰ আৰু পোহৰৰ প্ৰতিফলন

পাঠ ৭

১। আমি বস্তু এটা কেতিয়া দেখা পাওঁ।

উত্তৰঃ যেতিয়া কোনো এটা বস্তুৰ ওপৰত পোহৰ পৰে, তেতিয়া সেই পোহৰৰ প্ৰতিফলন ঘটি আমাৰ অক্ষিপটত পৰিলে আমি বস্তুটো দেখা পাওঁ।

২। ফ’ট’ন কাক বোলে?

উত্তৰঃ পোহৰৰ ৰশ্মি সৃষ্টি কৰা কণিকাবোৰেই হৈছে ফ’ট’ন।

৩। পোহৰ ৰশ্মি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পোহৰৰ ৰশ্মি তিনি প্ৰকাৰৰ –

– সমান্তৰাল পোহৰ ৰশ্মি

– অভিসাৰী পোহৰ ৰশ্মি

– অপসাৰী পোহৰ ৰশ্মি।

৪। আলোকবিজ্ঞান কাক বোলে। ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পদাৰ্থবিজ্ঞানৰ যিটো ভাগত পোহৰৰ বিষয়ে অধ্য়য়ন কৰা হয়, সেই ভাগটোৱে হৈছে আলোকবিজ্ঞান।

ই মূলতঃ দুই প্ৰকাৰৰ – ভৌতিক আলোকবিজ্ঞান আৰু জ্য়ামিতিক আলোকবিজ্ঞান।

৫। সুষম প্ৰতিফলন কাক বোলে। উদাহৰণ দিয়া।

উত্তৰঃ সুষম পৃষ্ঠৰ পৰা প্ৰতিফলন ঘটিলে তাক সুষম প্ৰতিফলন বোলা হয়। সমতল দাপোণৰ পৰা ঘটা প্ৰতিফলন হৈছে সুষম প্ৰতিফলনৰ এটা উদাহৰণ।

৬। দাপোণ কাক বোলে?

উত্তৰঃ যিবিলাক পৃষ্ঠত পোহৰ পৰিলে শোষণ আৰু যেনি-তেনি অগ্ৰসৰ হোৱাৰ পৰিবৰ্তে এটা দিশত প্ৰতিফলিত হয়, তাক দাপোণ বোলে।

৭। প্ৰতিবিম্ব কাক বোলে? প্ৰতিবিম্ব কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ কোনো এটা বস্তুত পোহৰ পৰাৰ লগে লগে সেই বস্তুবিধত পোহৰৰ প্ৰতিফলন ঘটি আমাৰ অক্ষিপটত যি পোহৰ পৰে সিয়ে হৈছে প্ৰতিবিম্ব।

৮। সমতল দাপোণত গঠিত প্ৰতিবিম্ব ওলোটা হয় কিয়?

উত্তৰঃ সমতল দাপোণত সৃষ্ট প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য়বস্তুৰ দূৰত্বৰ সমান হোৱা কাৰণে ইয়াত প্ৰতিবিম্ববোৰ ওলোটা হয়।

৯। পাৰ্শ্বীয় বিলোমন কি?

উত্তৰঃ সমতল দাপোণত প্ৰতিবিম্ববোৰ ওলোটা হোৱাৰ ফলত প্ৰতিবিম্বৰ সোফাঁল লক্ষ্য়বস্তুৰ বাওঁফাল যেন লাগে। ইয়াকে পাৰ্শ্বীয় বিলোমন বোলা হয়।

১০। দুখন সমতল দাপোণৰ মাজৰ কোন 30° হ’লে, গঠন হোৱা প্ৰতিবিম্বৰ সংখ্যা নিৰ্ণয় কৰা।

উত্তৰঃ

দিয়া আছে,

দাপোণ দুখনৰ মাজৰ কোণ = 30°

এতেকে গঠন হোৱা প্ৰতিবিম্বৰ সংখ্য়া = 360° / 30° – 1

                                                        = 12 – 1

                                                        = 11 

১১। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা কি কি?

উত্তৰঃ পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হৈছে –

– আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে।

– আপতন কোন আৰু প্ৰতিফলন কোন সদায় সমান।

১২। সমতল দাপোণত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সমতল দাপোণত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হৈছে –

(i) সমতল দাপোণত অসৎ প্ৰতিবিম্ব গঠন হয়।

(ii) সমতল দাপোণত প্ৰতিবিম্ব ওলোটাকৈ গঠন হয়।

১৩। খালী ঠাই পূৰ কৰাঃ

(ক) পোহৰ এবিধ শক্তি।

(খ) আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান।

(গ) পোহৰৰ ৰ বাবেই দাপোণত প্ৰতিবিম্ব গঠন হয় ।

(ঘ) সৎ প্ৰতিবিম্বক পৰ্দাত ধৰা পেলাব পাৰি।

(ঙ) প্ৰতিবিম্বৰ সংখ্যা = ( 360° / দাপোণ দুখনৰ মাজত কোণৰ মাপ ) – 1 ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects