Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 18 Answer পখিলা

Chapter 18

পখিলা

১। তলৰ প্রশ্নবােৰৰ অতি চমু উত্তৰ দিয়া –

( ক ) পখিলাই কিয় উৰি ফুৰে ?

উত্তৰঃ জগতৰ জেউতি চৰাবলৈ ।

( খ ) পখিলাই কিহৰ বাতৰি বিলায় ?

উত্তৰঃ সপােনৰ বাতৰি বিলায় ।

( গ ) বিধাতা কোন ?

উত্তৰঃ বিধাতা হ’ল সৃষ্টিকর্তা ।

( ঘ ) কবিয়ে ক’ত সৰতৰ বিষাদ – বিননি নাই বুলি কৈছে ?

উত্তৰঃ পখিলাই উৰি ফুৰা জগতখনত ।

( ঙ ) যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি জনা যায় ?

উত্তৰঃ বনফুল’ৰ কবি বুলি ।

২। পখিলাই কিয় নিজকে অকলশৰীয়া বুলি কৈছে ?

উত্তৰঃ পখিলাৰ আলাসতে ঘৰ বাৰী , মৰতৰ স’তে কোনাে সম্পর্ক নাই । মৰতৰ স’তে সম্পর্ক নথকা পখিলাই লগ ক’ত পাব ? সেয়ে পখিলাই নিজকে অকলশৰীয়া বুলি কৈছে ।

৩। ‘ ক্ষন্তেকীয়া জীৱনৰ / ক্ষুদ্র অভিনয় / শেষ হ’ব কালৰ হাতত ’ কবিতাফাঁকিৰ তাৎপর্য বুজাই লিখা ।

উত্তৰঃ জীৱন ক্ষণস্থায়ী । জীৱনৰ সুখ – দুখ , হাঁহি কান্দোন , আনন্দ বেদনা সকলােবােৰ ক্ষন্তেক সময়ৰ বাবেহে । এই বিশাল বিশ্ব – সংসাৰৰ বুকুত আমি মহাে কিছুদিনৰ বাবে অভিনয়হে কৰোঁ । জীৱন নাটৰ সামৰণি পৰাৰ লগে লগে অভিনয়ে শেষ হয় । কালৰ দ্বাৰা নিয়ন্ত্রিত এই জীৱন , মৃত্যুৰ লগে লগে কালৰ বুকুতেই লীন হৈ যায় ।

৪। কবিয়ে পখিলাৰ জীৱন কেনেকুৱা বুলি কৈছে ? পাঠৰ আধাৰত জাই লিখা ।

উত্তৰঃ কবিৰ মতে পখিলাৰ জীৱন বৰ অনুপম । বর্ণময় ধুনীয়া পখিলাই অকণ অকণ পাখি দুখনিত বেলিৰ কিৰণ সানি জগতৰ জেউতি চৰাই আকাশত উৰি ফুৰে । নুফুলা ফুলৰ কলিত সাদৰেৰে চুমা দি আপােন পাহৰা হৈ উলাহৰ গান গায় । মৰতৰ শােক – দুখে পখিলাক স্পর্শ নকৰে । পখিলাৰ জগতখনত সৰগৰ সৌন্দৰ্যৰ নিজৰা বৈ থাকে , বতাহত ভাঁহি আহে গীতৰ সুমধুৰ সুৰ । সূৰ্য্যৰ সােণালী কিৰণে আৱৰি ৰখা পখিলাই এই গুণ শুনি আবেগত কঁপি উঠে । আলাসতে ঘৰ – বাৰী থকা অকলশৰীয়া পখিলাৰ মৰতৰ স’তে কোনাে সম্পর্ক নাই । কিন্তু এনেকুৱা সুন্দৰ বৰ্ণময় জীৱনৰ অধিকাৰী পখিলাইও নিয়তিৰ হাতৰ পৰা সাৰি নাযায় । এদিন পখিলাৰো মৃত্যু হয় ।

৫। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) সৰিব গছৰ পাত শুকাব ফুলনি

                  কুঁৱলীয়ে ঢাকিব কিৰণ , 



    পুৰণিক আঁতৰাই                 পাতিব জগতে 



                  নতুনৰ নৱ আয়ােজন । 

উত্তৰঃ কবিতাফাঁকি ‘ বনফুল ’ ৰ কবি যতীন্দ্র নাথ দুৱৰাদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ৰােমান্টিক কবিতা ‘ পখিলা ’ ৰ পৰা তুলি লোৱা হৈছে ।

কবিতাফাঁকিৰ জৰিয়তে জন্ম মৃত্যুৰ চিৰন্তন প্ৰৱাহৰ কথাকে কবিয়ে আমাক কৈছে ।

জীৱন ক্ষণস্থায়ী । এই বিশ্ব – সংসাৰত কোনােৱে চিৰকাল নাথাকে । সুখ – দুখ , আনন্দ – বেদনাৰে ভৰা এই জীৱন মাথাে কিছুদিনৰ বাবেহে । ফুলনি শুকাই যােৱাৰ দৰে জীৱনাে এদিন মৰহি যায় । সূৰ্য্যৰ কিৰণ কুঁৱলীয়ে ঢাকি ধৰাৰ দৰে , মৃত্যুৰ শীতল চাঁয়াই জীৱনক আগুৰি ধৰে ৷ গছৰ পৰা পাত সৰি পৰাৰ দৰে জীৱন – বৃক্ষৰপৰা জীৱনো এদিন বৰ দুখ লগাকৈ সৰি পৰে । কিন্তু সৃষ্টিৰ নিয়মানুযায়ী জীৱন – মৃত্যুৰ চকৰি ঘূৰিয়ে থাকে , ই স্তব্ধ নহয় । পাত সৰি যােৱা গছকে নতুন কুঁহিপাতক আদৰণি জনােৱাৰ দৰে নতুন নতুন জীৱনক জগতে আদৰণি জনায় ।

( খ ) আঁতৰিম হাঁহি মুখে পুৰণিৰ স’তে

                 জীৱনৰ খেলা সাং কৰি , 



    মিছাতে বেজাৰ কিয় ?            ঘূৰিছে সদায় 



                 জগতত কালৰ চকৰি । 

উত্তৰঃ FOR STUDENTS

৬। ‘ ৰশ্মি ’ শব্দৰ একে অর্থবাচক শব্দ কবিতাটিত কি কি আছে বাছি উলিওৱা –

উত্তৰঃ কিৰণ , জেউতি আৰু জাল ।

৭। তলৰ পদবােৰৰ পৰা বিশেষ্য / বিশেষণ বাছি উলিওৱা –

    শূন্য , সােণালী , বিধাতা , ক্ষন্তেক , ফুলনি , শূন্যতা , সােণ , অমিয়া , সৰগ , স্বর্গীয় । 

উত্তৰঃ

বিশেষ্য বিশেষণ

সােণ সােণালী

বিধাতা স্বৰ্গীয়

ফুলনি অমিয়া

সৰগ শূন্য

শূন্যতা ক্ষন্তেক

৮। শব্দৰ পার্থক্য লিখা –

( ক ) পাত _

    পাট _____।

( খ ) বাত _

    বাট_____।

( গ ) শৰ__

    সৰ______।

( ঘ ) তান__

    টান______।

( ঙ ) মহ__

    ম’হ_____।

( চ ) ঘাত_

   ঘাট_____।

( ছ ) গল_

    গ’ল______।

( জ ) পান__

    পাণ______।

( ঝ ) কোন_

    কোণ_____।

উত্তৰঃ ( ক ) পাত ― গছৰ পাত , কিতাপৰ পাত ।

পাট – পাটসূতা , তক্তা , ৰাজা – সিংহাসন , নাদৰ পাট ।

( খ ) বাত ― এবিধ বেমাৰ , বতাহ , এবিধ মাছ ।

বাট – পথ , ওহাৰ ।

( গ ) শৰ ― কাঁড় , বান , তীৰ ।

সৰ — গাখীৰৰ ওপৰত পৰা চামনি ।

( ঘ )তান – সুৰ ।

টান — কঠিন , আকর্ষণ ।

( ঙ ) মহ ― এবিধ তেজ – খােৱা ক্ষুদ্র কীট ।

ম’হ – বেঁকা শিঙৰ এবিধ জন্তু , মাহিৰ ।

( চ ) ঘাত — আঘাত , প্ৰহাৰ ।

ঘাট ― নদীৰ ঘাট , যুঁজত হৰা ৷

( ছ ) গল ― ডিঙি ।

গ’ল ― গত , অতীত ।

( জ )পান — পি খােৱা কার্য ।

পাণ — তামােলৰ লগত খােৱা এবিধ লতাৰ পাত ।

( ঝ ) কোন — অনির্দিষ্ট বা অনিশ্চিত ব্যক্তি ।

কোণ – চুক ।

৯। শব্দার্থ লিখা –

অনুপম , উলাহ , সাং কৰি , চুমি , অমিয়া , মাধুৰী , অনন্ত ।

উত্তৰঃ অনুপম – তুলনাহীন , যাৰ তুলনা নাই ।

উলাহ – আনন্দ ।

সাং কৰি — শেষ কৰি ।

চুমি ― চুহি ।

অমিয়া — অমৃত তুল্য , দেৱতাবিলাকে পান কৰা মিষ্ট এবিধ ৰস ।

মাধুৰী ― মিঠা গুণ , মধুৰতা ।

অনন্ত ― অন্তহীন , সীমাহীন ।

১০। কোন ঋতুত গছৰ পাত সৰে আৰু কোন ঋতুত গছৰ কুঁহিপাত ওলায় ? সেই ঋতু দুটাত তুমি লক্ষ্য কৰা প্ৰকৃতিৰ পৰিৱৰ্তনৰ ছবি দুখন দাঙি ধৰা ।

উত্তৰঃ শীত কালত গছৰ পাত সৰে আৰু বসন্তকালত গছৰ কুঁহিপাত ওলায় । শীত ঋতুত দিনবােৰ চুটি আৰু ৰাতিবােৰ দীঘল হয় । দিনবােৰ চুটি হােৱা বাবে আন ঋতুবােৰতকৈ সূৰ্যৰ পােহৰ আৰু তাপ কমকৈ পােৱা যায় । সেয়েহে বৰ জাৰ অনুভৱ কৰা যায় । মাজে মাজে আকাশ গােমা হয় । পুৱা , গধূলি কুঁৱলী পৰে । কিছুমান ঠাইত বৰফো পৰে । গছৰ পাত সৰি গছবােৰ লঠঙা হয় । বৰষুণ প্রায় নহয়েই । হলেও কমকৈ হয় । ঘাঁহ – বনবােৰ মৰি যায় ৷ গােটেই পৰিৱেশটোৱে ধূলিময় হৈ পৰে । শীতল শুকান শুকান ভাব এটা অনুভৱ কৰা যায় ।

বসন্তু ঋতু অহাৰ লগে লগে শীতত ঠৰঙা লগা প্রকৃতিখনে যেন প্রাণ পাই উঠে । বসন্ত ঋতুত বৰষুণ পৰিবলৈ আৰম্ভ কৰে ৷ ইমান দিনে শুকান হৈ থকা পৃথিৱীখন জীপাল হৈ উঠে । ঘাঁহ – বনবােৰ গজিবলৈ আৰম্ভ কৰে ৷ গছে গছে কুঁহিপাত ওলায় । চৌদিশে দেখা যায় মাথাে সেউজীয়া আৰু সেউজীয়া । নানাৰঙী ফুলবােৰ ফুলি উঠে । পখিলা , ভােমাৰা , মৌ মাখি আৰু ফুলৰ মৌখােৱা নানা চৰায়ে ফুলে ফুলে উৰি ফুৰে। গছৰ ডালত পৰি চৰায়ে গীত গাবলৈ আৰম্ভ কৰে । দিনবােৰ ডাঙৰ হয় । নাতিশীতােষ্ণ পৰিৱেশে মানুহৰ গা – মন জুৰ পেলায় । আকাশত চপ চপৰে মেঘ জমে । কেতিয়াবা মেঘৰ গাজনিয়ে চৌদিশ কঁপাই তােলে । মাজে মাজে ধুমুহা বৰষুণো আহে ।

১১। ‘ পখিলা ’ কবিতাটিৰ মূলভাব লিখা ।

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ ‘ পখিলা ’ এটি ৰােমাণ্টিক কবিতা । দুখন বর্ণময় ধুনীয়া পাখিৰে পখিলাই পুৱা বেলিৰ কিৰণত আনন্দত নাচি – বাগি ফুলে ফুলে উৰি ফুৰে । ৰূপ-ৰসেৰে ভৰা এই জগতখনিত পখিলাই আনন্দতে উলাহৰ গান গায়। পখিলাৰ জগতখনত মৰতৰ বিষাদ বিননি নাই । তাত আছে সৰগৰ অমিয়া মাধুৰী , সৌন্দৰ্য্যৰ অনন্ত নিজৰা , বতাহত ভাঁহি অহা গীতৰ সুমধুৰ সুৰ । আসালতে ঘৰ – বাৰী থকা পখিলা অকলশৰীয়া । মৰমৰ স’তে পখিলাৰ কোনাে বান্ধোন নাই। কিন্তু নিয়তিৰ বান্ধোনৰ পৰা পখিলাই হাত সাৰিব নােৱাৰে ৷ ইমান ধুনীয়া , ইমান স্মৃর্তিত থকা পখিলাৰ জীৱনাে এদিন নিয়তিয়ে কাঢ়ি লৈ যায় । মানুহৰ জীৱনাে তেনেকুৱা । গছৰ সৰাপাত সৰাদি মানুহৰ জীৱনাে এদিন জীৱন বৃক্ষৰ পৰা সৰি পৰে । তেতিয়া ধন – ঐশ্বর্য , ৰূপ – সৌন্দর্যৰ গৌৰৱ শেষ হৈ যায় । কালৰ সোঁতত আমিও এদিন হেৰাই যাম । জন্ম – মৃত্যুৰ চকৰি সদায় চলি থাকিব ৷

১২। যতীন্দ্র নাথ দুৱৰাৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ FOR STUDENTS

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects