Lesson: 15
অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী
ক্ৰিয়া-কলাপ
১। চমু উত্তৰ দিয়া
(ক) চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনত বৰ্তমানৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত হৈছিল।
(খ) চন্দ্ৰপ্ৰভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভাৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপ্ৰিয়া মজুমদাৰ।
(গ) চন্দ্ৰপ্ৰভাৰ কেইগৰাকী বাই-ভনী আছিল আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা দুগৰাকী বাই-ভনী আছিল। দুয়োগৰাকীয়েই শিক্ষা গ্ৰহণ কৰি সমাজৰ কামত নিজকে নিয়োজিত কৰাৰ লক্ষ্য লৈছিল। চন্দ্ৰপ্ৰভা সমাজসেৱা আৰু নাৰী জাগৰণৰ পথত আগবাঢ়ে, আনহাতে ৰজনীপ্ৰভা চিকিৎসা-শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ে।
(ঘ) চন্দ্ৰপ্ৰভাহঁতে প্ৰাইমাৰী স্কুলত পঢ়িবলৈ ক’লৈ যাবলগীয়া হৈছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভাহঁতে প্ৰাইমাৰী স্কুলত পঢ়িবলৈ ভালুকমাৰী গাঁৱত থকা মাহীয়েকৰ ঘৰলৈ যাবলগীয়া হৈছিল।
(ঙ) অসমত সহ-শিক্ষাৰ পাতনি কোনে মেলিছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা—এই দুগৰাকী সাহসী বাই-ভনীয়ে ল’ৰা-ছোৱালী একেলগে শিক্ষাগ্ৰহণ কৰাৰ পথ মুকলি কৰাত অগ্ৰণী ভূমিকা লৈছিল।
(চ) চন্দ্ৰপ্ৰভাৰ পূৰ্ব নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভাৰ পূৰ্ব নাম আছিল চন্দ্ৰপ্ৰিয়া।
(ছ) কোনে চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল?
উত্তৰঃ নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল।
(জ) ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি আছিল আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়।
(ঝ) সাহিত্য সভাৰ কোনগৰাকী সভাপতিয়ে চন্দ্ৰপ্ৰভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল?
উত্তৰঃ অসমীয়া নাৰীসকলক সংগঠিত কৰাৰ প্ৰয়োজন অনুভৱ কৰি সভামঞ্চৰ পৰা চন্দ্ৰপ্ৰভাই নিজেই মহিলাসকলক সংগঠিত হ’বলৈ আহ্বান জনাইছিল। এই আহ্বানেই পৰৱৰ্তীকালে মহিলা সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ প্ৰেৰণা যোগায়।
(ঞ) চন্দ্ৰপ্ৰভাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল ‘অভিযাত্ৰী’।
(ট) প্ৰথম অসমীয়া মহিলা চিকিৎসকসকলৰ ভিতৰত উল্লেখযোগ্য কোন?
উত্তৰঃ ৰজনীপ্ৰভা শইকীয়ানী প্ৰথম যুগৰ অসমীয়া মহিলা চিকিৎসকসকলৰ ভিতৰত অন্যতম আছিল।
২। পাঠটিৰ আধাৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্বৰ চমু আভাস দিয়া।
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী সাহসী, আত্মমৰ্যাদাশীল, প্ৰগতিশীল আৰু সমাজসেৱী নাৰী আছিল। শৈশৱৰ পৰাই তেওঁ অন্যায়, বৈষম্য আৰু নাৰীৰ ওপৰত হোৱা অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
নগাঁৱৰ মিছন স্কুলত পঢ়ি থকা সময়তো এজনী ছাত্ৰীৰ ওপৰত হোৱা অন্যায় দেখি তেওঁ মৌন হৈ থকা নাছিল। পৰৱৰ্তীকালে নাৰীশিক্ষা, নাৰীৰ অধিকাৰ, সামাজিক সমতা আৰু স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰে।
নিজৰ চাকৰি আৰু ব্যক্তিগত স্বাচ্ছন্দ্যৰ কথা নাভাবি তেওঁ গাঁৱে-ভূঞে ঘূৰি মহিলাসকলক শিক্ষা আৰু অধিকাৰৰ প্ৰতি সচেতন কৰিছিল। এই গুণবোৰৰ বাবেই তেওঁ অসমৰ নাৰী জাগৰণৰ অন্যতম অগ্ৰদূত হিচাপে স্মৰণীয়।
৩। “চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্ৰাণত বিপ্লৱৰ জোৱাৰ উঠিল”—ইয়াত কি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা হৈছে?
উত্তৰঃ নগাঁৱৰ মিছন স্কুলত পঢ়ি থকা সময়ত চন্দ্ৰপ্ৰভাই এজনী অসহায় ছাত্ৰীৰ ওপৰত ধৰ্মীয় আৰু সামাজিক বৈষম্যমূলক ব্যৱহাৰ হোৱা দেখি গভীৰভাৱে বিচলিত হৈছিল।
ছোৱালীজনীয়ে নিজৰ মতৰ বিৰুদ্ধে ধৰ্মান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাত তাইক এলাগী কৰি কষ্ট দিয়া হৈছিল। এই অন্যায় আচৰণ চন্দ্ৰপ্ৰভাই সহ্য কৰিব পৰা নাছিল।
অন্যায়, জোৰ-জবৰদস্তি আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ তীব্ৰ ইচ্ছাই তেওঁৰ মনত জাগি উঠিছিল। এই প্ৰতিবাদী চেতনাকেই “চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্ৰাণত বিপ্লৱৰ জোৱাৰ উঠিল” বুলি কোৱা হৈছে।
৪। নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী অসমত নাৰীশিক্ষা আৰু নাৰীৰ অধিকাৰৰ অন্যতম অগ্ৰদূত আছিল।
তেওঁ নিজেই বহু বাধা অতিক্ৰম কৰি শিক্ষা লাভ কৰিছিল আৰু ছোৱালীসকলকো শিক্ষিত হ’বলৈ উৎসাহিত কৰিছিল। সমাজত নাৰী-পুৰুষৰ বৈষম্য, পৰ্দাপ্ৰথা, অশিক্ষা আৰু সামাজিক সংকীৰ্ণতাৰ বিৰুদ্ধে তেওঁ দৃঢ়ভাৱে মাত মাতিছিল।
তেওঁ মহিলাসকলক সংগঠিত কৰিছিল আৰু ৰাজহুৱা সভা-সমিতিত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিছিল। স্বাধীনতা আন্দোলনতো তেওঁ মহিলাসকলক যোগদান কৰিবলৈ আহ্বান জনাইছিল।
তেওঁৰ সম্পাদনাত প্ৰকাশিত ‘অভিযাত্ৰী’ আলোচনীয়ে অসমৰ নাৰী জাগৰণ, নাৰীশিক্ষা আৰু মহিলা লেখিকা সৃষ্টিতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এইদৰে তেওঁ অসমৰ নাৰী সমাজক আত্মমৰ্যাদা আৰু অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলৈ সাহস যোগাইছিল।
৫। প্ৰসংগ-সংগতি দেখুৱাই ব্যাখ্যা কৰা
(ক) “সকলো ত্যাগ কৰিবা—কিন্তু অধিকাৰ ত্যাগ নকৰিবা।”
উত্তৰঃ উদ্ধৃত কথাষাৰ ‘অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী’ পাঠৰ পৰা লোৱা হৈছে।
ইয়াত নাৰীক নিজৰ ন্যায্য অধিকাৰৰ প্ৰতি সচেতন আৰু দৃঢ় হ’বলৈ আহ্বান জনোৱা হৈছে।
মানুহে জীৱনত বৃহত্তৰ কল্যাণৰ বাবে ধন-সম্পদ, সুখ-স্বাচ্ছন্দ্য বা ব্যক্তিগত সুবিধা ত্যাগ কৰিব পাৰে। কিন্তু নিজৰ ন্যায্য অধিকাৰ অন্যায়ভাৱে এৰি দিয়াটো মহৎ ত্যাগ নহয়। অধিকাৰ ত্যাগ কৰিলে অন্যায় আৰু বৈষম্য অধিক শক্তিশালী হয়।
চন্দ্ৰপ্ৰভাৰ জীৱনদৰ্শন আছিল—নাৰীয়ে নিজৰ শিক্ষা, স্বাধীনতা, সন্মান আৰু সামাজিক অধিকাৰৰ বাবে দৃঢ়ভাৱে থিয় দিব লাগিব। সেইবাবে কথাষাৰে আত্মমৰ্যাদা আৰু অধিকাৰ সচেতনতাৰ শিক্ষা দিয়ে।
(খ) “সেই সন্মিলনত চন্দ্ৰপ্ৰভাই নিৰ্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিকৰ আঁৰত বহা মহিলা দৰ্শকসকলক দেখি গুজৰি উঠিল।”
উত্তৰঃ উদ্ধৃত কথাষাৰ ‘অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী’ পাঠৰ পৰা লোৱা হৈছে।
সেই সময়ৰ সমাজত মহিলাসকলক বহু ৰাজহুৱা অনুষ্ঠানত পুৰুষৰ পৰা পৃথক কৰি আঁৰত বহুৱাই ৰখা হৈছিল। এনে বৈষম্যমূলক ব্যৱস্থা চন্দ্ৰপ্ৰভাই মানি ল’ব পৰা নাছিল।
সভাত মহিলা দৰ্শকসকলক বাঁহৰ চিকৰ আঁৰত বহুৱাই ৰখা দেখি তেওঁৰ প্ৰতিবাদী মন জাগি উঠে। তেওঁ নাৰী-পুৰুষৰ মাজত এনে অন্যায় বিভাজনৰ বিৰুদ্ধে মাত মাতিছিল।
এই ঘটনাই চন্দ্ৰপ্ৰভাৰ সাহস, নাৰী-মুক্তিৰ প্ৰতি দৃঢ় বিশ্বাস আৰু সামাজিক বৈষম্যৰ বিৰুদ্ধে আপোচহীন মনোভাৱ প্ৰকাশ কৰে।
৬। খালী ঠাই পূৰ কৰা
(ক) সকলো ত্যাগ কৰিবা কিন্তু ______ ত্যাগ নকৰিবা।
উত্তৰঃ অধিকাৰ।
(খ) নগাঁৱৰ মিছন স্কুলতেই চন্দ্ৰপ্ৰিয়া ______ নামেৰে আৰু ৰামেশ্বৰী ______ নামেৰে পৰিচিত হয়।
উত্তৰঃ চন্দ্ৰপ্ৰভা; ৰজনীপ্ৰভা।
(গ) ______ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্ৰীত্বত মহিলা সমাৰোহ অনুষ্ঠিত হৈছিল।
উত্তৰঃ ১৯২১।
(ঘ) চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলোৱা ______-য়ে অসমৰ নাৰী জাগৰণত ইন্ধন যোগাইছিল।
উত্তৰঃ ‘অভিযাত্ৰী’।
৭। বিপৰীত শব্দ লিখা
গৌৰৱ = অগৌৰৱ / লাঞ্ছনা।
উত্তীৰ্ণ = অনুত্তীৰ্ণ।
অনিচ্ছা = ইচ্ছা।
এলাগী = আদৰৰ / আপোন।
মুক্তি = বন্ধন।
তীব্ৰ = মৃদু।
ত্যাগ = গ্ৰহণ।
৮। ভাব-সম্প্ৰসাৰণ কৰা
(ক) “গুণীয়েহে গুণীৰ মোল বুজে।”
উত্তৰঃ যিজন নিজে কোনো গুণৰ অধিকাৰী, তেওঁহে আন গুণী মানুহৰ প্ৰতিভা আৰু যোগ্যতাৰ সঠিক মূল্য বুজিব পাৰে।
সমাজত মানুহৰ গুণ বিভিন্ন ধৰণৰ হয়। কোনোবাই সাহিত্যত, কোনোবাই সংগীতত, কোনোবাই বিজ্ঞানত, কোনোবাই সমাজসেৱাত পাৰদৰ্শী হয়। যিজনে সাধনা, পৰিশ্ৰম আৰু যোগ্যতা অৰ্জনৰ মূল্য জানে, তেওঁ আনৰ সফলতাৰ আঁৰত থকা পৰিশ্ৰমৰ মূল্যও উপলব্ধি কৰে।
কিন্তু গুণৰ মৰ্যাদা বুজি নোপোৱা মানুহে বহু সময়ত গুণীজনক যথোচিত সন্মান দিব নোৱাৰে। সেয়েহে কোৱা হয়—গুণীয়েহে গুণীৰ মোল বুজে।
(খ) “বিদ্যাই পৰম বন্ধু।”
উত্তৰঃ বিদ্যা মানুহৰ জীৱনৰ অন্যতম অমূল্য সম্পদ। ধন-সম্পদ হেৰাই যাব পাৰে, কিন্তু অৰ্জিত জ্ঞান সহজে হেৰাই নাযায়।
বিদ্যাই মানুহক ভাল-বেয়া বিচাৰ কৰিবলৈ শিকায়, সমস্যা সমাধানৰ ক্ষমতা দিয়ে আৰু জীৱনত আগবাঢ়িবলৈ সহায় কৰে। বিপদৰ সময়তো জ্ঞান আৰু শিক্ষা মানুহৰ সহায়ক হয়।
বিদ্যাৰ বলত মানুহে সমাজত সন্মান লাভ কৰে, আত্মনিৰ্ভৰশীল হয় আৰু নিজৰ লগতে আনৰো উপকাৰ কৰিব পাৰে। পৰম বন্ধুৰ দৰে বিদ্যাই জীৱনৰ প্ৰতিটো স্তৰত মানুহক সহায় কৰে। সেইবাবে যথাৰ্থভাৱে কোৱা হয়—“বিদ্যাই পৰম বন্ধু।”
বহুবিকল্পীয় প্ৰশ্ন (MCQ)
১। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম কোন চনত হৈছিল?
A. ১৯০১ চনত
B. ১৯১১ চনত
C. ১৮৯১ চনত
D. ১৯২১ চনত
উত্তৰঃ A. ১৯০১ চনত
২। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পূৰ্ব নাম কি আছিল?
A. ৰজনীপ্ৰভা
B. ৰামেশ্বৰী
C. চন্দ্ৰপ্ৰিয়া
D. গংগাপ্ৰিয়া
উত্তৰঃ C. চন্দ্ৰপ্ৰিয়া
৩। চন্দ্ৰপ্ৰভাৰ পিতৃৰ নাম কি আছিল?
A. নীলকান্ত বৰুৱা
B. ৰাতিৰাম মজুমদাৰ
C. প্ৰফুল্লচন্দ্ৰ ৰায়
D. হেমচন্দ্ৰ বৰুৱা
উত্তৰঃ B. ৰাতিৰাম মজুমদাৰ
৪। চন্দ্ৰপ্ৰভাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?
A. বাঁহী
B. জোনাকী
C. ঘৰজেউতি
D. অভিযাত্ৰী
উত্তৰঃ D. অভিযাত্ৰী
৫। চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কোনে কৰি দিছিল?
A. নীলকান্ত বৰুৱাই
B. লক্ষ্মীনাথ বেজবৰুৱাই
C. আনন্দৰাম বৰুৱাই
D. গুণাভিৰাম বৰুৱাই
উত্তৰঃ A. নীলকান্ত বৰুৱাই
৬। চন্দ্ৰপ্ৰভাৰ ভনীয়েকৰ পৰৱৰ্তী নাম কি আছিল?
A. চন্দ্ৰপ্ৰিয়া
B. গংগাপ্ৰিয়া
C. ৰজনীপ্ৰভা
D. কনকলতা
উত্তৰঃ C. ৰজনীপ্ৰভা
৭। ১৯১৮ চনৰ অসম ছাত্ৰ সন্মিলনৰ অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
A. নগাঁও
B. তেজপুৰ
C. গুৱাহাটী
D. শিৱসাগৰ
উত্তৰঃ B. তেজপুৰ
৮। চন্দ্ৰপ্ৰভাৰ জীৱনৰ মুখ্য আদৰ্শ কি আছিল?
A. ধন সঞ্চয়
B. চাকৰিত উন্নতি
C. ব্যক্তিগত খ্যাতি
D. নাৰী শিক্ষা আৰু অধিকাৰ
উত্তৰঃ D. নাৰী শিক্ষা আৰু অধিকাৰ
৯। “সকলো ত্যাগ কৰিবা—কিন্তু ______ ত্যাগ নকৰিবা।”
A. অধিকাৰ
B. ধন
C. ঘৰ
D. শিক্ষা
উত্তৰঃ A. অধিকাৰ
১০। ‘অভিযাত্ৰী’ আলোচনীয়ে কিহত বিশেষ ভূমিকা লৈছিল?
A. কৃষি উন্নয়নত
B. চিকিৎসা শিক্ষাত
C. নাৰী জাগৰণত
D. ব্যৱসায়ত
উত্তৰঃ C. নাৰী জাগৰণত
১১। চন্দ্ৰপ্ৰভাৰ ব্যক্তিত্বৰ অন্যতম মুখ্য গুণ কি?
A. ভীৰুতা
B. প্ৰতিবাদী সাহস
C. অলসতা
D. স্বাৰ্থপৰতা
উত্তৰঃ B. প্ৰতিবাদী সাহস
১২। চন্দ্ৰপ্ৰভাই কিহৰ বিৰুদ্ধে মাত মাতিছিল?
A. কেৱল বিদেশী ভাষাৰ
B. কেৱল কৃষিকাৰ্যৰ
C. কেৱল খেল-ধেমালিৰ
D. নাৰী-বৈষম্য আৰু সামাজিক অন্যায়ৰ
উত্তৰঃ D. নাৰী-বৈষম্য আৰু সামাজিক অন্যায়ৰ
১৩। ‘উত্তীৰ্ণ’ৰ বিপৰীত শব্দ কি?
A. অনুত্তীৰ্ণ
B. অৱতীৰ্ণ
C. আৰোহণ
D. সফল
উত্তৰঃ A. অনুত্তীৰ্ণ
১৪। ‘তীব্ৰ’ৰ বিপৰীত শব্দ কি?
A. কঠিন
B. কোমল
C. মৃদু
D. গভীৰ
উত্তৰঃ C. মৃদু
১৫। “বিদ্যাই পৰম বন্ধু” কথাষাৰৰ মূল অৰ্থ কি?
A. কেৱল বিদ্যালয়েই বন্ধু
B. বিদ্যা জীৱনজুৰি মানুহৰ সহায়ক
C. ধনেই বিদ্যা
D. বন্ধু থাকিলে শিক্ষাৰ প্ৰয়োজন নাই
উত্তৰঃ B. বিদ্যা জীৱনজুৰি মানুহৰ সহায়ক
ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া-
(ক) চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম বজালীৰ দৈশিঙ্গৰী গাঁৱত ১৯০১ চনত হৈছিল।
(খ) চন্দ্ৰপ্ৰভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা পিতৃ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃ নাম গংগাপ্ৰিয়া মজুমদাৰ।
(গ) চন্দ্ৰপ্ৰভাৰ কেইগৰাকী বাই-ভনী আছিল আৰু তেওঁলােকৰ জীৱনৰ লক্ষ্য কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা দুগৰাকী বাই-ভনী আছিল আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য আছিল চন্দ্ৰপ্ৰিয়া দেশসেৱিকা আৰু ৰামেশ্বৰী ডাক্তৰনী।
(ঘ) চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ক’লৈ যাবলগীয়া হৈছিল?
উত্তৰঃ চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ভালুকমাৰী গাঁৱৰ মাহীয়েকৰ ঘৰলৈ যাবলগীয়া হৈছিল।
(ঙ) অসমত সহ-শিক্ষাৰ পাতনি কোনে মেলিছিল?
উত্তৰঃ অসমত সহ-শিক্ষাৰ পাতনি দুইগৰাকী বাই-ভনীয়ে ( চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা) মেলিছিল।
(চ) চন্দ্ৰপ্ৰভাৰ পূর্ব নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা পূৰ্ব নাম চন্দ্ৰপ্ৰিয়া আছিল।
(ছ) কোনে চন্দ্রপ্রভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল?
উত্তৰঃ নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল।
(জ) ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতিআছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
(ঝ) সাহিত্য সভাৰ কোন গৰাকী সভাপতিয়ে চন্দ্রপ্রভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল?
উত্তৰঃ সাহিত্য সভাৰ সভাপতি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে চন্দ্ৰপ্ৰভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল।
(ঞ) চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম কি ছিল?
উত্তৰঃ চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম অভিযাত্ৰী।
(ট) প্রথম অসমীয়া মহিলা ডাক্তৰণী কোন?
উত্তৰঃ প্রথম অসমীয়া মহিলা ডাক্তৰণী ৰজনীপ্ৰভা শইকীয়ানী।
২। পাঠটিৰ আধাৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্বৰ চমু আভাস দিয়া।
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে স্কুলৰ ছাত্ৰীক কৰা অন্যায় বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তাৰ পাছত সকলো ত্যাগ কৰি নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে গাঁৱে-ভূঞে প্ৰচাৰ কৰিছিল। এনেদৰে তেও ব্যক্তিত্ব প্ৰকাশ পাইছিল।
৩। “চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্রাণত বিপ্লৱৰ জোৱাৰ উঠিল।” – ইয়াত কি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা হৈছে?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী যেতিয়া নগাঁৱৰ মিছন স্কুলৰ ছাত্ৰী আছিল। সেই সময়ত এনেবোৰ স্কুলত ধৰ্মান্তৰ প্ৰথা জোৰেৰে প্ৰচলিত আছিল। এজনী ছোৱালীক খৃষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা হৈছিল। স্কুলৰ অধ্যক্ষৰ কথা মতে ধৰ্মান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা নিৰাশ্ৰয় ছোৱালীক এটা এলাগী কোঠাত থাকিবলৈ দি কষ্ট দিবলৈ ধৰিলে। এনেবোৰ অন্যায় দেখি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা কৈছে।
৪। নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্রপ্রভা শইকীয়ানীয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছিল তােমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানী য়ে প্ৰথমতে মহাত্মাজীৰ অসহযোগ আন্দোলনত মহিলাসকলক সঁহাৰি জনাবলৈ আহ্বান জনালে।তাৰ পিচত তেওঁৰ সম্পাদনাত ওলোৱা অভিযাত্ৰীয়ে অসমৰ জাগৰণত ইন্ধন যোগাইছিল। তেখেতে চাকৰি এৰি নাৰী শিক্ষা আৰু অধিকাৰৰ বিষয়ে গাঁৱে-ভূঞে প্ৰচাৰ কৰিছিল।
৫। ব্যাখ্যা কৰা—
(ক) সকলাে ত্যাগ কৰিবা— কিন্তু অধিকাৰ ত্যাগ নকৰিবা।
উত্তৰঃ উক্ত বাক্যশাৰী “ভাৰতী সাহিত্য চয়ন” ৰ অন্তৰ্গত অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী পাঠটিৰ পৰা তুলি লোৱা হৈছে।
উক্ত বাক্যশাৰীত কবিয়ে কব বিছাৰিছে যে নিজ অধিকাৰ ত্যাগ কৰাত কোনো গৌৰৱ নাই। সেই ত্যাগ কাপুৰুষালিহে। সেয়েহে সকলো ত্যাগ কৰিলেও অধিকাৰ ত্যাগ কৰিব দিয়া নাই।
(খ) সেই সন্মিলনত চন্দ্ৰপ্ৰভাই নির্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিকৰ আগত বহা মহিলা দর্শকসকলক দেখি গুজৰি উঠিল।
উত্তৰঃ উক্ত বাক্যশাৰী “ভাৰতী সাহিত্য চয়ন” ৰ অন্তৰ্গত অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী পাঠটিৰ পৰা তুলি লোৱা হৈছে।
চন্দ্ৰপ্ৰভা শইকীয়ানী ক ১৯২৫ চনত নগাঁৱৰ অসম সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰণ জনাইছিল। সেই সভাত মহিলা সকলে নিজ আসন এৰি বাঁহৰ চিকৰ আগত বহা দেখি গুজৰি উঠিছিল।
৬। খালী ঠাই পূৰ কৰা—
(ক) সকলাে ত্যাগ কৰিবা কিন্তু অধিকাৰ ত্যাগ নকৰিবা ।
(খ) নগাঁৱৰ মিছন স্কুলতেই চন্দ্রপ্রিয়া চন্দ্ৰপ্ৰভা নামেৰে আৰু ৰামেশ্বৰী ৰজনীপেৰভা নামেৰে পৰিচিত হয়।
(গ) ১৯২১ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্ৰীত্বত ৰায়ত মহিলা সমাৰোহ অনুষ্ঠিত হৈছিল।
(ঘ) চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলোৱা অভিযাত্ৰী য়ে অসমৰ নাৰী জাগৰণত ইন্ধন যোগোৱাৰ উপৰিও সু-লেখিকা গঢ় দিয়াত সহায় কৰে।
৭। বিপৰীত শব্দ লিখা—
গৌৰৱ =
উত্তীৰ্ণ = অৱতীৰ্ন
অনিচ্ছা = ইচ্ছা
এলাগী = লাগী
মুক্তি = বান্ধোন
তীব্ৰ = ধীৰ
ত্যাগ = গ্ৰহণ
৮। ভাব সম্প্ৰসাৰণ কৰা—
(ক) গুণীয়েহে গুণীৰ মোল বুজে।
উত্তৰঃ
(খ) বিদ্যাই পৰম বন্ধু।
উত্তৰঃ
প্ৰকল্প
(ক) অসমৰ মহীয়সী নাৰী পাঁচ গৰাকীৰ ফটো সংগ্ৰহ কৰি একোটিকৈ টোকা লিখা।
উত্তৰঃ
(খ) অসমৰ স্বাধীনতা সংগ্ৰাম এগৰাকীৰ বিষয়ে এখনি ৰচনা প্ৰস্তুত কৰা
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post