Might Learn Logo Might Learn Shop Might Learn

SVN Class 8 Assamese Chapter 17 Answer ধৰ ঝাড়ুধৰ ভাই পাঠটোৰ উত্তৰ

ধৰ ঝাড়ুধৰ ভাই

Lesson: 17

১। অতি চমু উত্তৰ দিয়াー

(ক) অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম বৰপেটা জিলাত হৈছিল।

(খ) ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটিৰ পটভূমি কি?

উত্তৰঃ ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ পটভূমি জেইল খানা।

(গ) কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰবাস খাটিছিল?

উত্তৰঃ ১৯২১ চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কাৰবাস খাটিছিল।

(ঘ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে।

(ঙ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

(চ) সাতাম পুৰুষীয়া ‘সােণৰ চোতাল ঘৰ’ কিহেৰে পােত খাই থকা বুলি কৈছে?

উত্তৰঃ সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভুহুৰ পৰি পোত খাই থকা বুলি কৈছে।

(ছ) “পূজা দিলি পৰ চৰণত”–ইয়াত কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে?

উত্তৰঃ ইয়াত কবিয়ে ব্ৰিটিছৰ চৰণত পূজা দিয়া কথা কৈছে।

২। কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্রীতিৰ ভাব কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ

৩। “নহ’লে যে বিশ্ব সভাত

নহ’ব তােৰ বহাৰ ঠাই”

– বিশ্ব সভা মানে কি বুজাইছে? বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে?

উত্তৰঃ বিশ্ব সভা মানে বিশ্ব দৰবাক বুজাইছে।

        বিশ্ব সভাত ঠাই পাবলৈ কবিয়ে অসমীয়া জাতিক বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

৪। “হিংসা দ্বেষ, ভেদাভেদ

ঘৃণা-ঘৃণী স্বার্থ-ভেমৰ

কত যে কি মলি-মামৰ

ভৰি জাতিৰ জীৱন যায়।”

一কবিতাফাকিৰ ভাব মােকোলাই লিখা।

উত্তৰঃ কবিতাফাকিৰ অৰ্থ হৈছে কোনো এটা জাতিত যদি হিংসা, ভেদাভেদ, ইজনে-সিজনক ঘৃণ কৰা,স্বাৰ্থ ভেম আদি জাতিৰ টো শেষ হৈ যায়।

৫। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ কবিতাটিৰ মাজেৰে দেশপ্ৰেম, জাতীয় চিন্তা, হিংসা-দ্বেষৰ বিৰুদ্ধে একটা প্ৰকট ৰূপত প্ৰকাশ পাইছে।বহু বছৰ ধৰি আমাৰ দেশ বৃটিছ পদানত হৈ আছিল। পৰাধীনতা গ্লানি কবিয়ে সহ্য কৰিব পৰা নাছিল। সেয়েহে ঝাড়ুৰে আমি আমাৰ ঘৰ, চোতাল, সাৰি-পুছি চাফা কৰা দৰে আমাৰ জাতিৰ মাজত থকা হিংসা, ভেদাভেদৰ পাৰস্পৰিক ঘৃণাভাৱ দূৰ কৰিবলৈ আহ্বান জনাইছে। দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি আমাৰ দেশক বিশ্ব দৰবাত স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উদ্দাত্ত কণ্ঠেৰে জাগি উঠিবলৈ কৈছে। পৰৰ গোলামি হৈ মুখত কাজল ছাই খানি এতিয়া আৰু মুক পৰাভব হৈ থকা সময় নাই। কবিয়ে জাতিক বীৰ বেশেৰে ওলাই আহিবলৈ আহ্বান জনাইছে।

ভাষা বিচাৰ

১। তলৰ শব্দবােৰত মুর্ধন্য ‘ণ’ হােৱাৰ কাৰণ দর্শোৱা—

ঘৃণা- একেটা পদত থকা ক-বৰ্গ পিছত থকা দন্ত্য ন, মূদ্ধণ্য ণ হয়।

সােণ- কিছুমান শব্দত স্বাভাৱিকতে মূদ্ধণ্য ণ হয়।

ঋণে- একেটা পদতে থকা ঋ, ৰ আৰু ষ -ৰ পিছত থকা দন্ত্য ন, মূদ্ধণ্য ণ হয়।

কোণ- কিছুমান শব্দত স্বাভাৱিকতে মূদ্ধণ্য ণ হয়।

তৃণ- একেটা পদতে থকা ঋ, ৰ আৰু ষ -ৰ পিছত থকা দন্ত্য ন, মূদ্ধণ্য ণ হয়।

২। তলৰ খালী ঠাইবােৰত উপযুক্ত শব্দ বহুওৱা—

(ক) নিজ দেশত থাকি জাতিৰ বিৰুদ্ধে বিদেশী শত্ৰুৰ লগত মিতিৰালি কৰাজনক বুলি কোৱা হয় । (দেশহিতৈষী/সন্ত্রাসবাদী/ঘৰবৈৰী বিভীষণ)

উত্তৰঃ ঘৰবৈৰী বিভীষণ।

(খ) যুদ্ধ ক্ষেত্ৰত সাহসেৰে শত্ৰৰ বিৰুদ্ধে যুজ দিয়াজনক বােলে । (কাপুৰুষ/ভীৰু/বীৰ )

উত্তৰঃ বীৰ।

(গ) অম্বিকাগিৰি ৰায়চৌধুৰী আছিল । (গােলামি/বিপ্লৱী/সশস্ত্র সংগ্রামী)

উত্তৰঃ বিপ্লৱী।

৩। বাক্য সাজা

কাজল ছাইঃ এসময়ত ভাৰতীয় লোক সকল মুখত কাজল ছাই খানি পৰৰ গোলামী কৰিছিল।

হীনে ঘিণেঃ ব্ৰিটিছৰ অধীনত ভাৰতীয় লোকে হীনে-ঘিণে কাম কৰিব লগা হৈছিল।

ধাৰে-ঋণেঃ ভাৰতীয় লোক সকলে ধাৰে-ঋণে জীৱনটো এৰি দিব লগা হৈছিল।

ঘৃণা-ঘৃণীঃ কিছুমান মানুহে বহুত লোকক দেখিলে ঘৃণা-ঘৃণী চকুৰে চাই।

চুকে-কোণেঃ আমাৰ মনৰ চুকে-কোণে যিমান মলি আছে সেইবোৰ নোহোৱা কৰিব লাগে।

প্ৰকল্পঃ

(ক) ভাৰতৰ স্বাধীনতা আন্দোলনত কাৰাবাস খটা পচগৰাকী অসমীয়া সাহিত্যিকৰ নাম সংগ্ৰহ কৰা আৰু এজনৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects