Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 21 Answer সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠটোৰ উত্তৰ

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Lesson: 21

১। উত্তৰ লিখা : (১ নম্বৰৰ বাবে)

ক) ৰাষ্ট্ৰৰ সৰ্বোচ্চ বিধি কি?

উত্তৰঃ সংবিধান।

খ) আং ছান ছ্যুকী ক’ৰ মানুহ?

উত্তৰঃ ম্যানমাৰ।

গ) নেপালত এতিয়া কেনে শাসন চলিছে?

উত্তৰঃ গণতান্ত্রিক।

ঘ) আমেৰিকাৰ সংবিধান দৃঢ় নে শিথিল ?উত্তৰঃ দৃঢ়।

২। (৩ নম্বৰৰ বাবে)

ক) আদর্শ সংবিধানৰ তিনিটা গুণ উল্লেখ কৰা।

উত্তৰঃ ১। সংবিধান ৰাষ্ট্ৰখনৰ বিশেষ প্রয়োজন আৰু পৰিবেশৰ লগত খাপ খোৱা হ’ব লাগে।
২। সংবিধানত নাগৰিকৰ অধিকাৰ সন্নিৱিষ্ট কৰাটো প্রয়োজন।
৩। সংবিধান সংশোধন কৰাৰ ব্যৱস্থা থাকিব লাগে। কাৰণ আজি প্রয়োজনীয় বুলি ভবা নীতি এটা ৫০ বছৰৰ পিছত অপ্রয়োজনীয় হৈ পৰিব পাৰে।

খ) লিখিত সংবিধান থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ  ভাৰতবৰ্ষ, চীনদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ।

গ) লিখিত আৰু অলিখিত সংবিধানৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ সংবিধান এখন যেতিয়া প্রণেতাসকলে পৰিকল্পিত ভাবে প্রস্তুত কৰে, সেই সংবিধানখনক লিখিত সংবিধান বোলে। আনহাতে, আগৰ কালত ৰজাই চলিত প্রথা, পৰম্পৰা, বিচাৰক বা বিজ্ঞজনৰ মতামত আদিৰ সহায়তহে শাসন চলাইছিল। একোখন ৰাষ্ট্ৰত এনেকুৱাকৈ বহুযুগ শাসন চলাৰ পাছত নীতি-নিয়মবোৰৰ, কিছুমান মৌলিক নীতি নিয়ম হিচাপে পৰিগণিত হ’ল। এনেকৈ ক্ৰমবিকাশৰ ফলত গঢ় লৈ উঠা ৰাষ্ট্ৰ পৰিচালনাৰ নিয়মৰ সমষ্টিক অলিখিত সংবিধান বোলে।

ঘ) সংবিধানৰ সংশোধন কিয় হ’ব লাগে?

উত্তৰঃ সংবিধান ৰাষ্ট্ৰখনৰ বিশেষ প্রয়োজন আৰু পৰিবেশৰ লগত খাপ খোৱা হ’ব লাগে। আজি প্রয়োজনীয় বুলি ভবা নীতি এটা ৫০ বছৰৰ পিছত অপ্রয়োজনীয় হৈ পৰিব পাৰে। নতুন সমস্যা সমাধানৰ বাবে নতুন নীতিৰ প্ৰয়োজন হয়। সেয়ে সংবিধান সংশোধন কৰাৰ ব্যৱস্থা থাকিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects