জতুৱাৰ জঁট ‘আকাশত চাং পতা’ ‘নপতা ফুকনে’‘অহুকাণে-পহুকাণেট বহুকথা শুনে,‘আলাসৰ লাড়ু খায় ‘গা-নচুৱাই’‘আটোম-টোকাৰি’টিও ‘গাই বাই চাই’।‘অঁকৰা উঠিলে মৈত’ লাগে ‘হুৱা-দুৱা’;সাধ্য নাই কাৰো তাক সহজে নমোৱা।‘আঁকোৰ -গোজালি’ হয় ‘আপুতৰ পুত’;‘ঘিট্ মিট্’ আন্ধাৰত সবে দেখে ভূত।‘জোলোঙাৰ মেকুৰী’টো পৰিলে ওলাই‘অলপ-ধতুৱা’বোৰে বৰ ভয় খায়।‘আঁঠুৱা-তলৰ মহ’ সঁচাই অঁকৰা‘লোভত আপোন -ঘাতী’, ‘আওমৰণে মৰা’ ।মূধচ ফুটিলে চালে বৰষুণ সৰে‘মূধা-ফুটা’ নামবোৰ ‘ঢক ফুটি’ পৰে…