ভাৰতৰ সংস্কাৰ আন্দোলন Chapter 12 | Class 4 Social Science Question and Answer |

(১) চমু উত্তৰ দিয়া—-

(ক) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ এলান অক্টাভিয়াম হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।

(গ) ভাৰতবৰ্ষত অসহযোগ আন্দোলন কেতিয়া আৰু কাৰ নেতৃত্বত আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰবৰ্ষত অসহযোগ আন্দোলন ১৯২০ চনত  আৰু মহাত্মা গান্ধীৰ নেতৃত্বত  আৰম্ভ হৈছিল।

(ঘ) ১৯২৬ চনত হোৱা ভাৰতীয় কংগ্ৰেছ সৰ্বভাৰতীয় অধিৱেশখন অসমৰ কোন ঠাইত অনুষ্ঠিত হয়? এই অধিৱেশনৰ সভাপতি কোন আছিল?

উত্তৰঃ ১৯২৬ চনত হোৱা ভাৰতীয় কংগ্ৰেছ সৰ্বভাৰতীয় অধিৱেশখন অসমৰ পাণ্ডুত অনুষ্ঠিত হয়। এই অধিৱেশনৰ সভাপতি শ্ৰীনিৱাস আয়েংগাৰ।

(২) খালী ঠাইপূৰ কৰাঃ

(ক) ১৮২৬ চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হয়।

(খ) নৰোত্তম দাস ৰচিত অসমৰ পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়।

(গ) ১৮৮৫ খ্ৰীষ্টাব্দত অক্টাভিয়াম হিউম  নামৰ এজন ইংৰাজ ভদ্ৰলোকৰ উদ্য়োগত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ এটা অনুষ্ঠানৰ জন্ম হয়।

(৩) চমুটোকা লিখা—-

১৮৫৭ৰ মহাবিদ্ৰোহঃ- ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ বিপক্ষে সংঘটিত প্ৰথম বৃহৎ বিদ্ৰোহ আছিল ১৮৫৭ চনৰ বিদ্ৰোহ। ইংৰাজৰ অত্য়াচাৰী শাসন, অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে বিভিন্ন শ্ৰেণীৰ লোকে ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে এক বৃহৎ বিদ্ৰোহ সংঘটিত কৰে। ইয়াত ব্ৰিটিছৰ অধীনত চাকৰি কৰা বৃহৎ সংখ্য়ক ভাৰতীয় চিপাহীয়ে অংশগ্ৰহণ কৰা বাবে ইয়াক ‘চিপাহী বিদ্ৰোহ’ নামেৰেও জনা যায়। মণিৰাম দেৱানে ১৮৫৭ চনৰ এই মহাবিদ্ৰোহৰদ্ধাৰা অনুপ্ৰণিত হৈ অসমতো এক বিদ্ৰোহৰ জৰিয়তে ব্ৰিটিছ শাসন ওফৰাই আহোম শাসন পুনৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰে। ভালেসংখ্য়ক সহযোগীৰে মণিৰাম দেৱানে এই বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। কিন্তু বিদ্ৰোহৰ পৰিকল্পনা জনাই কলিকতাৰপৰা তেওঁ লিখা গোপন চিঠি ব্ৰিটিছ হাতত পৰাত ব্ৰিটিছে বিদ্ৰোহ সংঘটিত হোৱাৰ পূৰ্বেই ইয়াক নিপাত কৰে।

কৃষক বিদ্ৰোহঃ-    ১৮৬১ চনত নগাঁৱৰপৰা ১৪ কিলোমিটাৰ আঁতৰত অৱস্থিত ফুলগুৰি নামৰ ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহক ফুলগুৰিৰ বিদ্ৰোহ বা ফুলগুৰিৰ ধেৱা হিচাবে জনা যায়। কৃষক বিদ্ৰোহ সেনাৰ গুলী বৰ্ষণত ৩৯ জন বিদ্ৰোহীৰ থিতাতে মৃত্যু হয়। বহু লোক গুৰুতৰভাৱে আহত হয় আৰু বহু লোকক বন্দী কৰি থয়। 

ভাৰত ত্য়াগ আন্দোলনঃ-    ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ”ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰিছিল এয়ে হ’ল ভাৰত ত্য়াগ আন্দোলন। এই আন্দোলন  ৯ আগষ্ট ১৯৪২ চনত আৰম্ভ হৈছিল। ভাৰত ত্যাগ আন্দোলন বৃট্ৰিছৰ প্ৰবল দমন নীতি, দুৰ্বল সমন্বয় আৰু এক স্পষ্ট কাৰ্য্যপন্থাৰ অভাৱৰ বাবে বিফল হৈছিল। 

কনকলতাঃ-  কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৮ চনত গহপুৰৰ এচৰৰ বৰঙাবাৰী গাঁৱত। কনকতলতাৰ দেউতাকৰ নাম কি আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কনকেশ্বৰী বৰুৱা। তেখেত এগৰাকী দেশপ্ৰেমী মহিলা আছিল। তেখেতে ১৯৮২ চনত দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।

গমধৰ কোঁৱৰঃ-    গমধৰ কোঁৱৰৰ পিতৃ আছিল ফেনা কোঁৱৰ।এওঁৰ অধীনতেই বৃটিছক খেদাৰ যড়যন্ত্ৰ কৰা হৈছিল।  কিন্তু ইংৰাজসকলে এই ষড়যন্ত্ৰ অতি সহজেই মষিমূৰ কৰি পেলাইছিল। অৱশেষত  গমধৰ কোঁৱৰে যোৰহাটত ধৰা দিয়ে। সেই সময়তে মণিৰাম দেৱান আদিয়ে পঞ্চায়ত সভা পাতি গমধৰ  কোঁৱৰক দোষী সাব্যস্ত কৰে আৰু দণ্ড হিচাপে মৃত্যুদণ্ড বিহে। কিন্তু ইংৰাজ শাসনাধিপতিহে তেওঁৰ দণ্ড কমাই যোৰহাটৰ ফাটেকত ৰাখে। গমধৰ কোঁৱৰে ফাটেকৰ পৰা পলাই ঘূৰি ফুৰোতে পুনৰ ধৰা পৰে আৰু চৈধ্য বছৰ কাৰাবাস খাটিবলগা হয়।

Autor By- Maiur Rani Kashyap