বতাহ, ধুমুহা আৰু ঘূর্ণীবতাহ  

১। তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা ঃ

(ক) বতাহ হ’ল বায়ুৰ——-অৱস্থা ।

উত্তৰঃ গতিশীল ।

(খ) ভূ-পৃষ্ঠত উত্তাপৰ——-বাবে বতাহৰ উৎপত্তি হয় ।

উত্তৰঃ তাৰতম্যৰ ।

(গ) ভূ-পৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ——বায়ু ঊৰ্দ্ধমুখী হয় আৰু_ —-বায়ু অধোগামী হয় ।

উত্তৰঃ গৰম আৰু ঠাণ্ডা ।

(ঘ) বায়ু —– চাপ অঞ্চলৰ পৰা ——-চাপ অঞ্চললৈ হয় ।

উত্তৰঃ উচ্চ আৰু নিম্ন ।

২। কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা ।

উত্তৰঃ হাতত কাগজৰ টুকুৰা এটা লৈ সেই টুকুৰাটোক হাতৰ পৰা পৰিব দিয়া। ই বতাহ প্রবাহিত হৈ থকা দিশত প্রবাহিত হ’ব।

    গছৰ পৰা শুকান পাত সৰাই আমি বতাহৰ দিশ জানিব পাৰিম।

৩। তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য’ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল ।( পাঠ্যপুথিত দিয়াৰ বাহিৰে)

উত্তৰঃ বেলুন আৰু বলবোৰ তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যেতিয়া সেইবোৰ বায়ুৰে ফুলোৱা হয়। যেতিয়া বেলুনটো বায়ুৰে অত্যাধিক ভৰ্তি হয় ই অত্যাধিক বায়ুচাপৰ বাবে ফাটি যায়। ইয়াৰ পৰাই প্ৰমাণ হয় যে বায়ুৰ চাপ আছে।

    ৰে’ল বন্ধ কৰাৰ বাবে ব্ৰেক চিষ্টেমত সংকুচিত বায়ু ব্যৱহাৰ কৰা হয়।

৪। তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰকী থকা কিন্তু ভেন্টিলেটাৰ নথকা ঘৰ কিনিব বিচাৰিবানে ? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰঃ নিবিচাৰো, ভেণ্টিলেটৰ নথকা ঘৰটো এটা সুৰক্ষিত বা স্বাস্থ্যকৰ ঘৰ নহয়। এনে ঘৰত বায়ু সঞ্চালন নাই। গতিকে, ইয়াৰ কোনো সতেজ বতাহ নাই। কিয়নো গৰম বতাহ ওপৰলৈ আহে আৰু ভেন্টিলেটৰৰ মাজেৰে ওলাই যায় আৰু খিৰিকীৰ মাজেৰে সতেজ বায়ু আহে।

৫। ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা ।

উত্তৰঃ  বায়ুয়ে চাপ প্ৰয়োগ কৰে। এই চাপৰ বাৱে বেনাৰ আৰু হৰ্ডিং ত যেতিয়া বতাহ দ্ৰুতগতিত বলি থাকে তেতিয়া ফাটি যায়। সেইবাবে বেনাৰ আৰু হৰ্ডিংত ফুটা তৈয়াৰ কৰা হয় যাতে বতাহ ফুটাবোৰৰ মাজেৰে পাৰ হয় আৰু সেইবোৰ ঢিলা হৈ নাযায় আৰু তললৈ নাপৰে।

৬। তোমাৰ গাঁও বা চহৰত ঘূৰ্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক কি দৰে সহায় কৰিবা?

উত্তৰঃ

(১) মই তেওঁলোকক ঘূৰ্ণিবতাহৰ পূৰ্বানুমান আৰু সতৰ্কবাণী সেৱাৰ বিষয়ে অৱগত কৰিম।

(২) চৰকাৰী সংস্থা আৰু সকলো গুৰুত্বপূৰ্ণ স্থানলৈ সতৰ্কবাণীৰ দ্ৰুত যোগাযোগ।

(৩) ঘূৰ্ণিবতাহৰ প্ৰৱণ অঞ্চলত ঘূৰ্ণিবতাহৰ আশ্ৰয় নিৰ্মাণ আৰু

(৪) তেওঁলোকক অত্যাৱশ্যকীয় সামগ্ৰী, ঘৰুৱা জন্তু আদি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাত সহায় কৰা।

৭। ঘূৰ্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ পৰা মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক?

উত্তৰঃ ঘূৰ্ণিবতাহৰ মোকাবিলা কৰিবলৈ, নিম্নলিখিত বিষয়বোৰ অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ:

(১) টি.ভি. আৰু ৰেডিঅ’ত প্ৰেৰণ কৰা সতৰ্কবাণীবোৰ সাৱধানে শুনক।

(২) সুৰক্ষিত স্থানলৈ যোৱা।

(৩) জৰুৰীকালীন কিট এটা সাজু ৰখা।

(৪) জলৰোধী মোনাত খাদ্য সংৰক্ষণ কৰা।

(৫) সাগৰত প্ৰৱেশ নকৰা।

(৬) সকলো জৰুৰীকালীন নম্বৰ ৰাখিব।

৮। তলৰ কোনখন ঠাই ঘূৰ্ণিবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই-

ক। চেন্নাই

খ। মাংগালুৰু(মাংগালোৰ)

গ। অমৃতসৰ

ঘ। পুৰী

উত্তৰঃ অমৃতসৰ ।

৯। তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ ?

(ক) শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

উত্তৰঃ শুদ্ধ ।

(খ) গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

উত্তৰঃ অশুদ্ধ ।

(গ) এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণি বতাহ সৃষ্টি কৰে।

উত্তৰঃ অশুদ্ধ ।

(ঘ) ভাৰতৰ উপকূলবোৰ ঘূৰ্ণিবতাহ প্ৰৱণ নহয়।

উত্তৰঃ অশুদ্ধ ।

বতৰ, জলবায়ুৰ সৈতে প্ৰণীৰ অভিযোজন

১।  ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আদ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি ।

২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?

উত্তৰঃ দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত।

৩) খালী ঠাই পূৰ কৰা।

ক) সুদীৰ্য সময় ধৰি লোৱা বতৰৰ গড়ক ____বোলে।

খ) এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি ,সেই ঠাইৰ জলবায়ু_____আৰু_____।

গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ’ল ___আৰু____।

উত্তৰঃ  ক) জলবায়ু ।

             খ) গৰম আৰু শুকান ।

    গ) মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল ।

৪) তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া-

ক) জম্মু আৰু কাশ্মীৰ__।

খ) কেৰেলা__।

গ) ৰাজস্থান__।

ঘ) উত্তৰ-পূৱ ভাৰত__।

উত্তৰঃ 

ক) মধ্যমীয়া গৰম আৰু সেমেকা ।

খ) গৰম সেমেকা ।

গ) গৰম আৰু শুকান ।

ঘ) সেমেকা ।

৫) বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?

উত্তৰঃ বতৰ সঘনে সলনি হয় ।

৬) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্টঃ

ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপপৰত নিৰ্ভৰশীল।

খ) বগা নোমযুক্ত ছাল।

গ) প্ৰব্ৰজন হ’ব বিচাৰে।

ঘ) ডাঙৰ মাত।

ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।

চ) ছালৰ তলত চৰ্বীৰ তৰপ।

ছ) বহল আৰু ডাঙৰ হাতোৰা।

জ) উজ্বল ৰং।

ঝ) শক্তিশালী নেজ।

ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।

প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব পাৰে বুলি ভাবানে?

উত্তৰঃ

ক) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

খ) মেৰু অঞ্চলত।

গ) মেৰু অঞ্চলত ।

ঘ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঙ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

চ)  মেৰু অঞ্চলত।

ছ) মেৰু অঞ্চলত ।

জ) মেৰু অঞ্চলত ।

‍ঝ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঞ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

৭।  গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চল সাধৰণতে গৰম হয়। এইবোৰ অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অধিক বৰষুণৰ ফলত এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়। বৰ্ষাৰণ্য় অঞ্চলৰ জলবায়ু বহু সংখ্য়ক আৰু বিভিন্ন প্ৰকাৰৰ প্ৰণীৰ বাবে উপযোগী। এই অঞ্চলত গছ-গছনি বেছি হোৱা বাবে ইয়াত আহাৰৰ পৰিমান বেছি গতিকে এই অঞ্চলবোৰত বৃহৎ সংখ্য়ক প্ৰাণী পোৱা যায়।

৮। কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ কাৰণ ঠাই ভেদে বিভিন্ন অঞ্চলত জলবায়ু বেলেগ বেলেগ। যদি এখন ঠাইৰ উষ্ণতা বেছিভাগ সময়ৰ বাবে বেছি থাকে, তেন্তে সেই ঠাইৰ জলবায়ু গৰম। যদি সেই ঠাইত বৰষুণৰ পৰিমাণো বেছি হয় তেন্তে সেই ঠাইৰ জলবায়ু গৰম আৰু সেমেকা।এনেকুৱা অঞ্চলত বৰষুনৰ কাৰণে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় কাৰণ এনেকুৱা অঞ্চলত প্ৰাণীৰ বাবে খাদ্য় অভাৱ নাথাকে।বৰ্ষাৰণ্য় অঞ্চলত বহু প্ৰাণী গছৰ ওপৰত বাস কৰাৰ অভ্য়স্ত্য় হয়। ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত থকা আঠা জাতীয় পৰ্দাথৰ তৰপে এই প্ৰাণীবোৰক ইহঁতে বাস কৰা গছত বগাবলৈ সহায় কৰে। ঠিক তেনেদৰে বান্দৰবোৰৰ নেজ দীঘল আছে আৰু এই নেজে গছৰ ডালত সাৱটি ধৰাত সহায় কৰে।

মেৰু অঞ্চল অতিশয় শীতল। এই অঞ্চলসমূহ বৰফে আৱৰি থাকে। এনে চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে নিজকে খাপ খুৱাই লয়। উদাহৰণস্বৰূপে- বগা ভালুকৰ নোমাল ছাল বোৰ বগা,সেয়ে সিঁহতক বগা বৰফৰ পশ্চাদভূমিত সহজে দেখা পোৱা নাযায় ইয়ে সিহঁতক হিংস প্ৰাণীৰ পৰা ৰক্ষা কৰে আৰু চিকাৰ ধৰাতো সহায় হয়। অতিশয় ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত দুই তৰপীয়া নোম থাকে আৰু সিহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপো থাকে। গৰমৰ দিনত কাম কাজ কৰিবৰ বাবে ঠাণ্ডাৰ প্ৰয়োজন সেয়েহে বগা ভালুকে সাঁতুৰিবলৈ যায় ইহঁত সাঁতোৰাত বৰ পাৰ্গত, ইহঁতৰ হাতোৰাবোৰ বহল আৰু ডাঙৰ,সেয়ে সাঁতোৰা কাৰ্যত সহায় কৰাৰ উপৰিও বৰফত খোজ কাঢ়িবলৈও সহায় কৰে। প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। অতি ঠাণ্ডা আৰু অতি গৰমৰ ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অভ্য়ন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান বৈশিষ্ট আহৰণ কৰে। প্ৰাণীবোৰে সিহঁতৰ চাৰিওফালৰ পৰিবেশৰ লগত খাপ খুওৱাত যিবোৰ বৈশিষ্ট আৰু আচৰণে সহায় কৰে সেইবোৰ জৈৱ-বিৱৰ্তন প্ৰক্ৰিয়াৰ ফল। গতিকে সকলো ধৰণৰ প্ৰাণী সকলো অঞ্চলত পোৱা নাযায়। ঠাই ভেদে প্ৰাণীৰ আকাৰ আকৃতি খাদ্য় গ্ৰহণৰ প্ৰক্ৰিয়া বেলেগ বেলেগ।

৯। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত বাস কৰা হাতীয়ে একাধিক অভিনৱ উপায়েৰে বৰ্ষাৰণ্য় অঞ্চলৰ জলবায়ুৰ লগত নিজকে খাপ খুৱাই লয। সিহঁতে শুঁৰডালক নাকৰ দৰে ব্য়ৱহাৰ কৰে, যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি সবল। শুঁৰডালক আহাৰ সংগ্ৰহ কৰাত ব্য়ৱহাৰ কৰে। সিঁহতৰ মুখৰপৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ ৰূপান্তৰিত দাঁত। এইবোৰেৰে হাতীয়ে খাই ভাল পোৱা গছৰ বাকলি ছিঙিব পাৰি। সেয়ে হাতীয়ে খাদ্য়ৰ বাবে হোৱা প্ৰতিযোগিতা সহজে প্ৰতিহত কৰিব পাৰে। হাতীৰ কাণ ডাঙৰ হোৱা বাবে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে।

তলত দিয়া প্রশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা:

১০। শৰীৰত আঁচ টনা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে । ইয়াক পোৱা যায়।

ক। মেৰু অঞ্চলত ।

খ। মৰুভূমিত ।

গ। সাগৰত।

ঘ।গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

উত্তৰঃ (ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত ।

১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?

ক। বগা নোমাল ছাল ,ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।

খ। পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।

গ। এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ ,বগা ডাঙৰ হাতোৰা।

ঘ। বগা শৰীৰ , সাতুৰিবলৈ হাতোৰা , উশাহ-নিশাহৰ ফুল।

উত্তৰঃ (ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।

১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?

ক। গৰম আৰু আৰ্দ্ৰ।

খ। মধ্যমীয়া উঞ্চতা , প্ৰচুৰ বৃষ্টিপাত ।

গ। ঠাণ্ডা, আৰু আৰ্দ্ৰ।

ঘ। গৰম আৰু শুকান।

উত্তৰঃ (ক) গৰম আৰু আৰ্দ্ৰ ।

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন 

১) তলৰ  প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রণীবিভাজন কৰা।

ক) সালোকসংশ্লেষণ

খ) পানীত চেনি দ্রৱীভূত কৰাটো

গ) কয়লাৰ দহন

ঘ) মমৰ গলন ।

ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।

চ) খাদ্যৰ পাচন ক্রিয়া

উত্তৰঃ

ক) ৰাসায়নিক পৰিবর্তন

খ) ভৌতিক পৰিৱর্তন

গ) ৰাসায়নিক পৰিবর্তন

ঘ) ভৌতিক পৰিৱর্তন

ঙ) ভৌতিক পৰিৱর্তন

চ) ৰাসায়নিক পৰিবর্তন

২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।

ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিবর্তন। (সঁচা/মিছা)

খ) পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰির্বতন। (সঁচা/মিছা)

গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)

ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)

ঙ) জলীত ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিবর্তন নহয় । (সঁচা/মিছা)

উত্তৰঃ 

ক) মিছা। কাঠ এটুকুৰা কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৰ্বতন নহয়। ই ভৌতিক পৰিৰ্বতন হে কাৰণ ভৌতিক পৰিৰ্বতনত পদাৰ্থৰ আকাৰ, আকৃতি, ৰং, আৰু অৱস্থাক পৰিৱৰ্তন বোলে।

খ) মিছা । পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো ৰাসায়নিক পৰিৰ্বতন । পাতৰ পৰা সাৰ প্ৰস্তুত হওঁতে পাতৰ আকাৰ আকৃতি,ৰং, আৰু আৱস্থাৰ পৰিৰ্বতন হৈছে।

গ) সঁচা

ঘ) মিছা। জলীয় বাষ্প পৰিমান অধিক হ’লে লোত মামৰে ধৰে।

ঙ) সঁচা

৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পুৰ কৰা।

ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে _____ প্রস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়।

উত্তৰঃ ক) কেলছিয়াম কার্বনেট।

খ) বেকিং ছ’দাৰ ৰাসায়নিক নাম হ’ল ______ ।

উত্তৰঃ- খ) ছডিয়াম হাইড্রজেন কার্বনেট।

গ) লোত মামৰে ধৰাটো প্রতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ___ আৰু ____ ।

উত্তৰঃ- গ) ৰং,  দস্তালেপন।

ঘ) যিবোৰ পৰিৱর্তন মাত্র পদার্থৰ _____ ধর্মৰহে পৰিৱর্তন বোলে।

উত্তৰঃ- ঘ) ভৌতিক।

ঙ) যিবোৰ পৰিৱর্তনত নতুন পদার্থৰ উৎপন্ন হয়, সেইবোৰক ___ পৰিবর্তন বোলে।

উত্তৰঃ- ঙ) ৰাসায়নিক

৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্রকাৰৰ পৰিবর্তন? ব্যাখ্যা কৰা।

উত্তৰঃ- যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো এটা ৰাসায়নিক পৰিৰ্বতন।

৫) মমবাটি এডাল জ্ৱলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰির্বতনেই সংঘটিক হয়| এই পৰিবর্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিবর্তনেই সংঘটিত হয়।

উত্তৰঃ- মমবাটি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৰ্বতন সংঘটিত হয়। এই পৰিৰ্বতন কেইটা হৈছে–

ভৌতিক পৰিবর্তনটো হৈছে গলি যোৱা মমখিনি।

ৰাসায়নিক পৰিবর্তনটো হৈছে জ্ৱলি যোৱা ম’মৰ পৰা ওলোৱা কার্বনডাই-অক্সাইড আৰু পোহৰ ।

সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে- খাদ্য হজম

ইয়াৰ ভৌতিক পৰিবর্তনটো হৈছে ডাঙৰ খাদ্য অনুবোৰ সৰললৈ ভাঙি যোৱা।

আৰু ৰাসায়নিক পৰিবর্তন হৈছে এইচ. চি. এল আৰু এনজাইমৰ কার্যৰ দ্ৱাৰা খাদ্য হজম।

৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা ৰাসায়নিক পৰিবর্তন।

উত্তৰঃ- প্রস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিবর্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি। আৰু গাখীৰ আৰু দৈ’ৰ ৰাসায়নিক ধর্ম বেলেগ বেলেগ হয়।

৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণট কৰাক দুটা বেলেগ প্রকাৰৰ পৰিবর্তন বুলি ধৰা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কাঠ কটা হৈছে  ভৌতিক পৰিবর্তন কাৰন ইয়াত কাঠৰ প্রকৃতি সলনি নকৰে অকল আকাৰ আৰু আকৃতিৰ পৰিবর্তন হয় আৰু একো নতুন পদার্থ সৃষ্টি নকৰে।

আনহাতে কাঠ জ্ৱলা টো ৰাসায়নিক পৰিবর্তন যিহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কার্বন ডাইঅক্সাইডৰ মুক্তি হয়।

৮) কপাৰ ছালফেটৰ স্ফটিক  কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা।

উত্তৰঃ- কপাৰ ছালফেটৰ স্ফটিক স্ফটিকীকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয় ।

এটা বিকাৰত একাপ পানী লোৱা আৰু তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালা। পানীখিনি গৰম কৰা। পানীখিনি উতলিবলৈ আৰম্ভ কৰিলে কপাৰ ছালফেট পাউদাৰ লাহে লাহে একেৰাহে মিহলাই লৰাই থাকা। অধিক পাউদাৰ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থালৈকে কপাৰ ছালফেট পাউদাৰ মিহলাই থাকা দ্ৰৱটো পৰিস্ৰাবণ (ফ্লিটাৰ) কৰা আৰু চেঁচা হ’বলৈ দিয়া । চেঁচা হ’বৰ সময়ত দ্ৰৱখিনি লৰচৰ নকৰিবা। কিছু সময়ৰ পিছত দ্ৰৱখিনি চোৱা দেখিবা কপাৰ ছালফেট স্ফটিক প্ৰস্তুত হৈছে।

৯) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া বোধ কৰে, বুজাই লিখা।

উত্তৰঃ- লোৰ সামগ্ৰীবোৰ যেতিয়া দলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। লোৰ গেট এখন ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী,জলীয় বাস্পৰ পৰা লোক আতৰাই ৰাখে ফলত মামৰে নধৰে ।এনেদৰেই ৰং কৰি লোৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি ।

১০) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ-লোৰ সামগ্ৰীবোৰ যেতিয়া দলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আদ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় সেয়েহে লোৰ সামগ্ৰীবোৰত বেছি সোণকালে মামৰে ধৰে ।

১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি) । চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই, গেছলৈ পৰিবর্তন হয় (পৰিবর্তন-  A ) আৰু তেতিয়া ই জ্ৱলে (পৰিবর্তন-  B )। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা

অ) প্রক্রিয়া- A  এটা ৰাসায়নিক পৰিবর্তন।

আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিবর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।

উত্তৰঃ- শুদ্ধ উক্তিটো হৈছে- আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিবর্তন।

১২) অবায়ৱীয় বেক্টেৰিয়াই প্রাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas)  উৎপন্ন কৰে (পৰিবর্তন-  A) । এই জৈৱ গেছ ইন্ধন হিচাপে জ্ৱলোৱা হয় (পৰিবর্তন-  B )। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।

শুদ্ধ উক্তিটো বিচাৰি উলিওৱা-

অ) প্রক্রিয়া- A টো কেৱল ৰাসায়নিক পৰিবর্তন।

আ) প্রক্রিয়া-  B টো কেৱল ৰাসায়নিক পৰিবর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।

উত্তৰ শুদ্ধ উক্তিটো হৈছে –

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।

অম্ল, ক্ষাৰক আৰু লৱণ

১) অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য লিখা। 

উত্তৰঃ অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হল –

১) অম্লৰ সোৱাদ টেঙা আনহাতে ক্ষাৰৰ সোৱাদ তিতা। আৰু ক্ষাৰ চুলে চাবোন পানীৰ দৰে লাগে।

২) অম্লই নীলা লিটমাছ ৰঙা কৰে আনহাতে ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে।

২। খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতাে ঘৰুৱা বস্তুত এম’নিয়া থাকে ।ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্রকৃতিৰ

উত্তৰঃ  ইয়াৰ প্ৰকৃতি হল – ক্ষাৰকীয়।

৩। লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা । এই দ্ৰৱৰ ব্যৱহাৰ কি? 

উত্তৰঃ  লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম ছত্ৰক শৈৱাল। কোনো এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰৱ ব্য়ৱহাৰ কৰিব পাৰি।

৪ ) পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ- পাতিত পানীত আম্লিক দ্ৰৱ মিহলালে ইয়াৰ ৰং ৰঙা হয় আৰু ক্ষাৰকীয় দ্ৰৱত মিহলালে ইয়াৰ ৰং নীলা হয় আৰু যদি ৰঙা বা নীলা লিটমাছৰ ৰং সলনি নকৰে তেতিয়া তাক প্ৰশম বোলে।

৫। এটা উদাহৰণসহ প্রশমন প্রক্রিয়া বর্ণনা কৰা ।

উত্তৰঃ- এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় ।

৬। তলৰ বাক্যটো শুদ্ধ হলে শু আৰু অশুদ্ধ হলে অ চিন দিবা।

(ক) নাইট্রিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে । ( শু / অ ) 

উত্তৰঃ-  অ

(খ) ছডিয়াম হাইড্রক্সাইডে নীল লিটমাছ ৰঙা কৰে । ( শু / অ ) 

উত্তৰঃ-  অ

(গ) ছ’ডিয়াম হাইড্রক্সাইড আৰু হাইড্র’ক্লৰিক এচিডে পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে । ( শু / অ )

উত্তৰঃ- শু

(ঘ) সূচক হ’ল এটা দ্রব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায় । ( শু/ অ ) 

উত্তৰঃ- শু

ঙ ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰােগ হয় ।

উত্তৰঃ- অ 

৭। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব?

উত্তৰঃ- 

 ৮। কাৰণ ব্যাখ্যা কৰা । 

(ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খােবা ।

উত্তৰঃ- আমাৰ পাকস্থলিত হাইড্ৰ’ক্লৰিক এছিড থাকে। পাকস্থলিত অম্লৰ পৰিমান বেছি হ’লে বদহজম হয়। বদহজমত ভুগিলে  আমি অম্লনাশক টেবলেট খাওঁ – কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ  পৰা ৰক্ষা কৰে।

(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় ।

উত্তৰঃ-   পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত ফৰ্মিক এছিড থাকে। যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এছিড ভিতৰলৈ শুমোৱাই দিয়ে আৰু যেতিয়া কেলামাইন দ্ৰৱ ঘঁহি দিয়া হয় এছিদৰ প্ৰভাৱ প্ৰশমিত কৰিব পাৰি।

গ)  কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয় ।

উত্তৰঃ- বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। যদিএই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাব দিয়া হয় তেনেহ’লে এই অম্লই পানীত থকা মাছ আৰু অন্য় জীৱ ধ্বংস কৰি দিব। সেয়েহে, কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়।

৯। তােমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে । এটা হাইড্র’ক্ল’ৰিক এছিড, আনটো ছডিয়াম হাইড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনিৰ দ্ৰৱ। তুমি এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ? তােমাৰ কেবল হালধিৰ সূচকহে আছে।

১০। এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰঃ এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকে যদি দ্ৰৱটাৰ প্ৰকূতি প্ৰশম দ্ৰৱ হ’ব।

১১। তলৰ বাক্যকেইটা পঢ়ি চোৱা ।

(ক) অম্ল আৰু ক্ষাৰক দুয়ােটাই সকলােবােৰ সূচকৰ ৰং সলনি কৰে । 

(খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয় । 
 
(গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং অম্লত সলনি নহয়।

(ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। উক্তিবােৰৰ কোনবােৰ শুদ্ধ ?
(i) চাৰিওটা    (ii) ‘ক’আৰু ‘ঘ’(iii) ‘খ’ আৰু ‘গ’ (iv) কেৱল ‘ঘ’।

উত্তৰঃ-  (ii) ‘ ক’আৰু ‘ঘ’ ।