Class 8 General Science Chapter 3 MCQs । সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক ।

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Chapter 3

১. কাপোৰ বনোৱা আঁহবোৰ কৰ পৰা পোৱা যায়?

(ক) প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়।

(খ) নাইলনৰ পৰা পোৱা যায়।

(গ) এটাও নহয়।

উত্তৰঃ (ক) প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়।

২. আঁহবোৰ কৰ পৰা পোৱা যায়?

(ক) উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়।

(খ) ৰেয়নৰ পৰা পোৱা যায়।

(গ) এটাও নহয়।

উত্তৰঃ (ক) উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়।

৩. সাংশ্লেষিক আঁহবোৰ কোনে প্ৰস্তুত কৰে ?

(ক) মানুহে

(খ) ৰেয়ন

(গ) নাইলন

উত্তৰঃ (ক) মানুহে

৪. প্ৰতিটো সৰু একক একো একোটা কি পদাৰ্থ?

(ক) সাংশ্লেষিক

(খ) ৰাসায়নিক

(গ) এটাও নহয়।

উত্তৰঃ (খ) ৰাসায়নিক

৫. পাট পলুৰ পৰা পোৱা  পাট বা ৰেচম আঁহ কোন দেশত আৱিষ্কাৰ কৰা হৈছে ?

(ক) ভাৰত

(খ) চীন

(গ) এটাও নহয়।

উত্তৰঃ (খ) চীন

৬. মানৱ-সৃষ্ট আঁহ এবিধৰ নাম হ’ল ?  

(ক) নাইলন

(খ) ৰেচম

(গ) সাংশ্লেষিক

উত্তৰঃ (ক) নাইলন

৭. পলিয়েষ্টাৰ এবিধ কি আঁহ ?

(ক) সাংশ্লেষিক আঁহ

(খ) পাট -পলু

(গ) এটাও নহয়

উত্তৰঃ (ক) সাংশ্লেষিক আঁহ

 ৮. এষ্টাৰ এবিধ কি পদাৰ্থ ?

(ক) ৰাসায়নিক

(খ) সাংশ্লেষিক

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) ৰাসায়নিক

৯. কিহৰ পৰা তৈয়াৰী পোছাকবোৰ অতি জনপ্ৰিয় ?

(ক) আঁহ

(খ) পাট-পলু

(গ) ৰেচম

উত্তৰঃ (ক) আঁহ

১০. সাংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত?    

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

১১.কি আঁহ তপতালে গলি যায় ?

(ক) ৰেচম

(খ) সাংশ্লেষিক

(গ) এটাও নহয়

উত্তৰঃ (খ) সাংশ্লেষিক

১২. প্লাষ্টিক এবিধ কি পদাৰ্থ ?

(ক) বহুযোগী

(খ) পলিয়েষ্টাৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) বহুযোগী

১৩. কি আঁহ সহজে জুই লাগে?

(ক) কৃত্ৰিম আঁহ

(খ) প্লাষ্টিক

(গ) ৰেচম

উত্তৰঃ (ক) কৃত্ৰিম আঁহ

১৪. পচি যোৱা পদাৰ্থবোৰক কি বোলা হয়?

(ক) জৈৱ-পচনশীল

(খ) জৈৱ- অপচনশীল

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) জৈৱ-পচনশীল

১৫. যিবোৰ সহজে পচি নাযায়?

(ক) জৈৱ-অপচনশীল

(খ) জৈৱ-পচনশীল

(গ) এটাও নহয়

উত্তৰঃ (ক) জৈৱ-অপচনশীল

১৬. কিহে বায়ুমণ্ডললৈ  বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায় ?

(ক) জৈৱ-পচনশীল

(খ) প্লাষ্টিক

(গ) এটাও নহয়

উত্তৰঃ (খ) প্লাষ্টিক

১৭ প্লাষ্টিকৰ মোনাবোৰ য’তে-ত’তে দলিওৱাৰ কাৰণে কি হয়?

(ক) পৰিৱেশ মুক্ত ৰাখে

(খ) নলা-নৰ্দমাবোৰ বন্ধ হয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নলা-নৰ্দমাবোৰ বন্ধ হয়

১৮.দহনত প্লাষ্টিকে কি  গেছ নিৰ্গত কৰে ?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) বিযাক্ত গেছ

উত্তৰঃ (গ) বিযাক্ত গেছ

১৯.সাংশ্লেষিক আঁহবোৰক কি নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়?

(ক) পলিমাৰ

(খ) প্ৰেট’ৰাসায়নিক

(গ) ওপৰ এটাও নহয়।

উত্তৰঃ (খ) প্ৰেট’ৰাসায়নিক

২০. সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিক এবিধ হ’ল ?

(ক) পলিমাৰ

(খ) সাংশ্লেষিক

(গ) ৰেচম

উত্তৰঃ (ক) পলিমাৰ