কাৰ্বন আৰু তাৰ যৌগ । Chapter 4 | Class 10 General Science Lesson 4 Question and Answer | SEBA Class 10 General Science Solution | Assamese Medium Class X Science Lesson 4 Answer |

Chapter 4

কাৰ্বন আৰু তাৰ যৌগ


প্ৰশ্নাৱলীঃ১. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?


২. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ ?উত্তৰঃ কাৰ্বনৰ যি দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন – যৌগ পাওঁ সেই দুটা হ’ল –(১) কাৰ্বন – কাৰ্বন শৃংখল বা কেটেনেচন ধৰ্ম ।(২) সমযৌগী যৌগ (Isomer) গঠন ধৰ্ম ।

ব্ৰম’পেন্টেনৰ সমযোগী সম্ভৱ ।সমযোগীবোৰ হ’ল – ১ – ব্ৰম’পেন্টেন , ২ – ব্ৰম’পেন্টেন , ৩ – ব্ৰম’পেন্টেন ।

উত্তৰঃ ১)  ব্ৰম’ইথেন (Bromoethane)২) মিথানল৩) হেক্স–I-আইন




 প্ৰশ্নাৱলীঃ১. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰিবক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ?উত্তৰঃ

পৰীক্ষাএলকহলকাৰ্বক্সিলিক এচিড
(১) লিটমাছ পৰীক্ষাবৰণৰ পৰিৱৰ্তন নহয় ।নীলা লিটমাছ ৰঙা হয় ।
(২) ছ’ডিয়াম কাৰ্বনেট  পৰীক্ষাকোনো বিক্ৰিয়া নহয় ।তীব্ৰ শব্দ কৰি ফেণ বাহিৰ হয় ।
(৩) ছ’ডিয়াম মেটেল পৰীক্ষাফেণ আকাৰত  ওলাই আহে বাহিৰ হয় ।


প্ৰশ্নাৱলীঃ১. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পৰিবানে ?উত্তৰঃ নোৱাৰিম । কাৰণ অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে । গতিকে পানী কঠিন নে কোমল ক’ব পৰা টান ।
২. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে , ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰক (Washing machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিস্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?উত্তৰঃ লেতেৰা কাপোৰৰ গ্ৰিজ বা তেল জাতীয় কণা থাকে । পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলি উৎপন্ন হয় । মাইছেলি বা কণাপূঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মালিক আগুৰি ধৰি ৰাখে । যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয় , তেতিয়া মালিসহ  মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিস্কাৰ হৈ পৰে ।


২. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কাৰী মূলক হ’ল – ক) কাৰ্বক্সিলিক এছিডখ) এলডিহাইডগ) কিট’নঘ) এলকহলউত্তৰঃ গ) কিট’ন
৩. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত ) ক’লা পৰে কিয়নো –ক) খাদ্য ভালদৰে নিসিজিল ।খ) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।গ) ইন্ধনটো সিক্ত ।ঘ) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।উত্তৰঃ খ) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।


৭. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।উত্তৰঃভৌতিক ধৰ্মঃ

ইথানলইথানয়িক এছিড 
(১) সাধাৰণ গোন্ধ ।(১) উগ্ৰ গোন্ধ ।
(২) গলনাংক 196 K ।(২) গলনাংক 290 K ।
(৩) উতলাংক 78.C ।(৩) উতলাংক 118.C ।

ৰাসায়নিক ধৰ্মঃ

৮. পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ? উত্তৰঃ পানীত চাবোন দিলে , ইয়াৰ উদাসীণ হাইড্ৰ’কাৰ্বন মূৰটোৱে পানীৰ ভিতৰফালে আৰু আধানযুক্ত মূৰ বাহিৰফালে ওলাই আহে । ইয়াক মাইচেলি (Mecelle) বোলে । মাইছেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায় । ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে । কিয়নো ইয়াত মাইছেলি গঠন নহয় ।



১০. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কি দৰে সৃষ্টি হয় । ব্যাখ্যা কৰা ।উত্তৰঃ কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱন দ্ৰৱীভূত হৈ থাকে ।         যেতিয়া এনে পানীত চাবোন ঘঁহা হয়, তেতিয়া চাবোনে এই লৱনৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছ’ডিয়াম বা পটাছিয়াম বা লৱন উৎপন্ন কৰে । এই বোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয় ।
১১. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?উত্তৰঃ চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাছ কাগজ নীলা কৰে আৰু নীলা লিটমাচ কাগজৰ বৰম পৰিবৰ্তন কৰে ।


১৪. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil)  মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ।উত্তৰঃ মাখন এটা সংপৃক্ত হাইড্ৰ’কাৰ্বন । আনহাতে, খোৱা তেল অসংপৃক্ত হাইড্ৰ’কাৰ্বন । অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ দ্ৰৱত ব্ৰমিণ যোগ কৰিলে, ব্ৰ’মিণৰ মুগা বৰণ অদৃশ্য হয়, কিন্তু সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ আৰু ব্ৰ’মিণৰ কোনো বিক্ৰিয়া নহয় । যেতিয়া ব্ৰ’মণ ৰন্ধন তেলত যোগ কৰা হয়, তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰ’মণ যোগ কৰিলে , ইয়াৰ ৰং মুগা বৰণ ধাৰণ কৰে ।
১৫. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action)  ব্যাখ্যা কৰা ।উত্তৰঃ চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া – চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে । চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মূখ কৰি সংস্থাপিত হয় । আয়নিক মূৰবোৰ পানী প্ৰেমী আৰু হাইড্ৰ’কাৰ্বনযুক্ত মেৰু পানী ঘৃণী । যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়। যেতিয়া কাপোৰখন থুচি দিয়া হয় ত্তিয়া তেল বা গ্ৰজীৰ কণিকাবোৰ সৈতে হাইড্ৰ’কাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয় ।তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিস্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিস্কাৰ হয় ।