ধৰ ঝাডু ধৰ ভাই । Chapter 14 | Class 10 Assamese Lesson 14 Question and Answer | SEBA Class 10 Assamese Chapter 14 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৪ ধৰ ঝাডু ধৰ ভাই প্ৰশ্ন আৰু উত্তৰ ।

ধৰ ঝাডু ধৰ ভাই

প্রশ্নাৱলী ভাব – বিষয়কঃ

১। অতি চমকৈ উত্তৰ দিয়াঃ

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক  অসম কেশৰী আখ্যা দিয়া হৈছিল।

(খ) সাতামপুৰুষীয়া ‘ সােণৰ চোতাল – ঘৰ ’ কিহেৰে পােত খাই আছে বুলি কবিয়ে কৈছে ?

উত্তৰঃ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।

(গ) জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে।

(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?

উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে।

২। হ’ল এৱে তােৰ সময় হ’বৰ

-জাতিৰ ঝাড়ুদাৰ যে ভাই । ইয়াত কবিয়ে কি কাৰণে ‘ জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ?

উত্তৰঃ ইয়াত কবিয়ে হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে।

৩। ‘নহ’লে যে বিশ্ব সভাত

নহ’ব তােৰ বহাৰ ঠাই ।’

-বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে ?

উত্তৰঃ ঝাড়ুৰে সাৰি-পুছি গৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশকনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কৈছে।

৪। “ ধৰ ঝাড়ু ধৰ ভাই ’ – কবিতাটিৰ মূলভাৱ লিখা ।

উত্তৰঃ ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ মূল বিষয়বস্ত হৈছে স্বদেশপ্ৰেম। পৰাধীন ভাৰতবৰ্ষৰ সকলো দেশবাসীকে একগোট হৈ পৰাধীনতাৰ শিকলি ছিঙি হেৰুওৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত দেশখনক উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। ঝাডুৰে সাৰি – পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰদৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট কৰি দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিয়ে এটা কথা স্পষ্ট কৰি দিছে যে নিজৰ মাজত খোৱা – কামোৰা কৰি থাকিলে দেশ, জাতি, ঐতিহ্য এটাও ৰক্ষা নপৰিব। তেতিয়াহে দেশৰ স্বাধীনতা ঘূৰাই অনাত সম্ভৱ হব। কবিতাটিত জাতীয়তাবাদ আৰু স্বদেশপ্ৰেমৰ বীজ অংকুৰিত হোৱা দেখিবলৈ পোৱা যায়।

৫। ব্যাখ্যা কৰা ?

(ক) হিংসা – দ্বেষৰ , ভেদাভেদৰ ,

ঘৃণা – ঘৃণি স্বার্থ ভেমৰ

কত যে কি মলি – মামৰ

ভৰি জাতিৰ জীৱন যায় ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত অসমীয়া সাহিত্য অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে লিখা ”ধৰ ঝাডু ধৰ ভাই” নামৰ কবিতাটোৰ পৰা অনা হৈছে।

সংগতিঃ উক্ত কবিতাফাঁকি জৰিয়তে কবিয়ে আমাৰ দেশত বাস কৰা মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা-স্বাৰ্থ আদিৰ কথা উল্লেখ কৰিছে।

ব্যাখ্যাঃ কবিৰ মতে মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ আদি বহুদিন নসৰাকৈ থকা ঘৰ-চোতাল আদিত তৰপে তৰপে গোট খোৱা মলিৰদৰে। যিদৰে মলিৰ কাৰণে ঘৰ-দুৱাৰ কুৎসিত দেখি, ছিক তেনেদৰে মানুহৰ মাজত থকা এই ভেদাভেদ, হিংসা – বিদ্বেষ, ঘৃণা আদিৰ বাবেও এটা জাতিৰ উন্নতিত বাধাৰ সৃষ্টি হয়।

(খ) ধৰ ঝাড়ু ধৰ ভাই ।

আৰু চাবৰ সময় নাই-

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল – ছাই ।

উত্তৰঃ

৬। ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটোৰ মাজেৰ কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্রেমৰ ভাব কিদৰে প্রকাশ পাইছে লিখা ।

উত্তৰঃ

ভাষা – বিষয়কঃ

১। তলত দিয়া যুৰীয়া শব্দবােৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ

(ক) হীনে – ঘিণে (খ) ধাৰে – ঋণে (গ) ঘৃণা – ঘৃণি

(ঘ) জাহি – জাবৰ (গ) সাৰি – পুছি (চ) মলি – মামৰ

উত্তৰঃ ক) হীনে-ঘিণে- পৰৰ গোলামি হলে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়।

খ) ধাৰে-ঋণে- ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হলেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল।

গ) ঘৃণা-ঘৃণি- আমি এজনে আনজনক ঘৃণা-ঘৃণি ভাৱে চাব নালাগে।

ঘ) জাহি-জাবৰ- জাহি-জাবৰ সমূহে ঘৰৰ লেতেৰা কৰে।

ঙ) সাৰি-পুছি- ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰা হয়।

চ) মলি-মামৰ- এটা সময়ত আমাৰ সমাজত মলি মামৰে ভৰি পৰিছিল।

২। তলৰ শব্দবােৰত মূর্ধন্য ‘ ণ ’ হােৱাৰ কাৰণ দর্শোৱাঃ

(ক) সােণ (খ) ঘৃণা (গ) ঋণ

উত্তৰঃ ক) সোণ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ণ হয়।

খ) ঘৃণা- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।

গ) ঋণ- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়।

৩। বিপৰীত শব্দ লিখা ?

(ক) ঘৃণা ( খ ) স্বার্থ (গ) জীৱন (ঘ) বীৰ ।

উত্তৰঃ ঘৃণা-

 স্বাৰ্থ- নিস্বাৰ্থ

জীৱন- মৰণ

বীৰ- দুৰ্বল