প্ৰাচীন ভাৰতীয় শিক্ষা । Lesson 16 | Class 10 Assamese Chapter 16 Question and Answer | SEBA Class 10 Assamese Lesson 16 Solution | দশম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৬ প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰাচীন ভাৰতীয় শিক্ষা

ভাব – বিষয়ক

১। চমু উত্তৰ লিখাঃ

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা ।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম অংগুলিমাল ,জীৱক, পাণিনি আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?

উত্তৰঃ তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ চিন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল।

(গ) নাগার্জুন কোন ? ক’ত আছিল আৰু কি কৰিছিল ?

উত্তৰঃ নাগাৰ্জুন প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক আছিল। তেওঁ অম্ৰাৱৰ্তী নগৰৰ ওচৰত থকা শ্ৰী ধান্যককৈ বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্রণ কৰা ৰজাজন কোন?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল । তেওঁক নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰবর্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে ?

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা  মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে । 

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল ?

উত্তৰঃ উজ্জয়িনীত যি বিশ্ববিদ্যালয়ৰ আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্ব সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল ।

২। প্রাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা ।

উত্তৰঃ

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ প্ৰাচীন ভাৰতত ৬খন বিশ্ববিদ্যালয় আছিল –

(১) তক্ষশীলা বিশ্ববিদ্যালয় (২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়

(৩) নালন্দা বিশ্ববিদ্যালয় (৪) উদান্তপুৰী বিশ্ববিদ্যালয়

(৫) দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয় আৰু (৬) উজ্জয়িনী বিশ্ববিদ্যালয়।

তক্ষশীলা বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়তে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়তে জীৱকে সাত বছৰ পঢ়িছিল। পাণিনি আৰু চাণক্যয়ো এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰৰ ওচৰত আছিল, ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল।

নালন্দা বিশ্ববিদ্যালয়ঃ নালন্দা বিশ্ববিদ্যালয়ঃ নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম্যবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে – ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। ইয়াত শিক্ষা গ্ৰহণ সম্পূৰ্ণ বিনামূলীয়া আছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল।

উদান্তপুৰ বিশ্ববিদ্যালয়ঃ উদান্তপুৰ বিশ্ববিদ্যালয় পাল ৰজাসকলৰ আগৰে পৰা আছিল, কিন্ত খ্ৰীষ্টীয় ৮ম শতাব্দীতহে এই বিশ্ববিদ্যালয়ে বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়খনৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিলে।

বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় তলত ৬খন উচ্চ বিশ্ববিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। এই বিশ্ববিদ্যালয় স্থাপনৰ ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিশ্ববিদ্যালয় গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। এই সত্ৰবোৰত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।

উজ্জয়িনী বিশ্ববিদ্যালয়ঃ উজ্জয়িনীত যি বিশ্ববিদ্যালয় একালত ভাৰতবৰ্যৰ সকলো পণ্ডিতলোকসকলৰ মিলনক্ষেত্ৰ আছিল তাত বিশেষকৈ জ্যোতিশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল।

৪। আৰ শিক্ষাৰ কলাবিদ্যা কিমানটি ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা – বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ?

উত্তৰঃ আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া ১১ টা বিভাগত দিয়া হৈছিল। (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

৫। আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলােচনা কৰা।

উত্তৰঃ

৬। চমুটোকা লিখা ?

তক্ষশীলা বিশ্ববিদ্যালয় , বিক্রমশীলা বিশ্ববিদ্যালয় , নালন্দা বিশ্ববিদ্যালয় ।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ঃ তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ – বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা – শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’ এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হল, তেতিয়া ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল।

বিক্ৰমশীলা বিশ্ববিদ্যালয়ঃ বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় ৮ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ ছাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল, তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।

নালন্দা বিশ্ববিদ্যালয়ঃ নালন্দা বিশ্ববিদ্যালয় বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয় বিখ্যাত অধ্যক্ষ আছিল। ইয়াৰ যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল। নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিয়োলজিকেল ডিপাৰ্টমেণ্টে খানি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পোৰা-মাটিৰ মোহৰ পোৱা গৈছে।

৭। ‘প্ৰচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰঃ

ভাব-বিষয়কঃ

১। বক্য ৰচনা কৰাঃ

(ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্ৰ (গ) পোৰা মাটি (ঘ) বাহিৰে-ভিতৰে।

উত্তৰঃ (ক) স্বাধীন চিন্তা :– বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়।

(খ) জ্যোতিষশাস্ত্ৰ:- উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

(গ) পোৰা মাটি:- অসমৰ ভিতৰত গৌৰীপুৰ পোৰা মাটি ভাস্কৰ্য্যৰ বাবে বিখ্যাত অঞ্চল।

(ঘ) বাহিৰে- ভিতৰে:– নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে- ভিতৰে মিলি দহ হাজাৰ ছাত্ৰ আছিল।

২। তলত শব্দকেইটাৰ সন্ধি ভাঙাঃ

শিক্ষাগাৰ; বিদ্যালয়: পুৰুষাৰ্ঠ।

উত্তৰঃ শিক্ষাগাৰ = শিক্ষা + আগাৰ, বিদ্যালয় = বিদ্যা + আলয়, পুৰুষাৰ্থ = পুৰুষ +আৰ্থ