ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰ সমূহ । অধ্যায় ১৪ । Class 8 Social Science History Lesson 14 Question and Answer Assam | SCERT Class 8 S.Science Chapter 14 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ১৪ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰ সমূহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰ সমূহ

১। উত্তৰ দিয়া-ক) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বুলি জনা যায় ?

উত্তৰ- কর্ণাৱালিছ সংহিতা  ǀ

খ) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ-লর্ড কর্ণাৱালিছ  ǀ

গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্রা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ-লর্ড হেষ্টিংছ  ǀ

ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্রেৰণ পত্র কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?

উত্তৰ- লর্ড ডেলহাউচি  ǀ

৫) ভাৰতত প্রথম মহিলাৰ আত্মজীবনীখন কোনে লিখিছিল ?

উত্তৰ- ৰাজসুন্দৰী দেৱী ǀ

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

উত্তৰ-

৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা —

ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্রাট গৰাকী আছিলফাখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।

উত্তৰ- ফাৰুখছিয়াৰ

খ) ১৭৮১ খ্রীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লর্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰ- ৱাৰেণ হেষ্টিংছে

গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্রহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনীগঠন কৰিছিল

উত্তৰ- কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/

(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।

উত্তৰ- ছাৰ ছৈয়দ আহমেদ খান

ঙ) সত্যৰথ প্রকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমােহন ৰায়।

উত্তৰ- দয়ানন্দ সৰস্বতী

৪। চমু টোকা লিখা—

(ক) ৰাজা ৰামমোহন ৰায় (খ) ছাৰ ছৈয়দ আহমেদ খান (গ) স্বামী বিবেকানন্দ (ঘ) দয়ানন্দ সৰস্বতী

(ঙ) দেবেন্দ্র নাথ ঠাকুৰ

উত্তৰঃ (ক) ৰাজা ৰামমোহন ৰায়ঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলসকলক সমাজ সংস্কাৰত বহুতো শিক্ষিত ভাৰতীয় লোকে সহায় কৰিছিল । তাৰ ভিতৰত বংগদেশৰ ৰাজা ৰামমোহন ৰায়ৰ নামটো প্ৰথমেই ল’ব লাগিব । তেওঁ মূৰ্তি পূজা বিৰোধী আৰু জাতিভেদ শূণ্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল । ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত ই ব্ৰাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয় । পৰৱৰ্তী সময়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰ তেওঁৰ সহযোগী হৈছিল । সতী দাহ প্ৰথা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱাত ৰামমোহৰ ৰায়ে লৰ্ড উইলিয়াম বেণ্টিংকক যথেষ্ট সহায় কৰিছিল । এনে সংস্কাৰমূলক কামবোৰ কৰি যাওওতে ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় হিন্দু সমাজত আন এটা ডাঙৰ দোষ দেখিছিল । ৰাজা ৰামমোহন ৰায়ে এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইসকল শিক্ষিত লোকক তেওঁ প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম ধৰ্মত দীক্ষা দি হিন্দু ধৰ্মৰে ভিতৰুৱা কৰি ৰাখিছিল ।

(খ) ছাৰ ছৈয়দ আহমেদ খানঃ উত্তৰ ভাৰতত ছাৰ ছৈয়দ আহমদ খান, নৱাব আব্দুল লতিফ আৰু ছৈয়দ আমিৰ আলিয়ে মুছলমান সম্প্ৰদায়ক ইংৰাজী ভাষা আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলে । ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘এংলো অৰিয়েণ্টল কলেজ’ নামে এখন কলেজ স্থাপন কৰিছিল । ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ । ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহু বিবাহ, বাল্য বিবাহ, বাল্য বিবাহ আদি প্ৰথাসমূত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল ।

(গ) স্বামী বিবেকানন্দঃ কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ এজন পূজাৰী । তেওঁ আধুনিক শিক্ষা-দীক্ষা পোৱা নাছিল । তেওঁ মূৰ্তি পূজাত বিশ্বাসী আছিল যদিও আন্তৰিক ভক্তিৰ পৰিৱৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা-অৰ্চনাৰ বিৰোধিতা কৰিছিল । সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল । নৰেন্দ্ৰ নাথ দত্ত ওৰফে স্বামী বিবেকানন্দই পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত ১৮৯৭ খ্ৰীষ্টীব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল ।

(ঘ) দয়ানন্দ সৰস্বতীঃ ব্ৰাহ্ম সমাজৰ লগত বহুলাংশে মিল থকা আন এটা সংগঠন হ’ল ১৮৭৫ খ্ৰীষ্টাব্দত পঞ্জাৱত স্থাপিত হোৱা আৰ্য সমাজ । ইয়াৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী । দয়ানন্দও এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল । এই সংগঠনটোৱে জাতিভেদ প্ৰথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল । স্বামী দয়াদন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰিছিল আৰু ইয়াক ‘শুদ্ধি’ বুলি কোৱা হৈছিল ।

৫। ৫০ ‘টা শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) চিৰস্থায়ী বন্দবস্তু কোনে প্রবর্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি ?

উত্তৰ- ইংৰাজসকলে শাসনকাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ভাৰতত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাবধ কৰি যথেষ্ট পৰিৱৰ্তন আনিছিল । লৰ্ড কৰ্ণৱালিছৰ ৰাজত্ব কালটো পূৰ্বৰ কোম্পানীৰ শাসনৰ সময়ত থকা পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল । চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে বিচৰা নিৰ্দিষ্ট ধন বা ৰাজহ দিব নোৱাৰিলে সেই জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল ।

(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰ- ইংৰাজসকলৰ শাসনৰ সময়ত বিচাৰ ব্যৱস্থাটো কিছু সালসলনি কৰা হৈছিল । পূৰ্বৱৰ্তী ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন-কানুন চলিছিল । তাৰ পৰিৱৰ্তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এক ধৰণৰ আইন-আদালত স্থাপন কৰি দিছিল । লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত ( ফৌজদাৰী গোচৰৰ আদালত )ৰ কিছু সালসলনি কৰিছিল ।

(গ) ঈশ্বৰ চন্দ্র বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল ?

উত্তৰ-