বুধিয়ক বীৰবল । অধ্যায় ২ । Class 6 Assamese Lesson 2 Question and Answer Assam | SCERT Class 6 Assamese Chapter 2 Solution | Assamese Medium Class 6 Assamese Chapter 2 Answer | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ২ বুধিয়ক বীৰবল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বুধিয়ক বীৰবল

৩। কোৱা আৰু লিখাঃ

(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?

উত্তৰঃ অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল।

(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল?

উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল – ”বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, এই ফেঁচা দুটাই কি কথা পাতি আছে।”

(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?

উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে “জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।

(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?

উত্তৰঃ পশু-পক্ষী নোহোৱা তেনে অৰণ্য চল্লিশখন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।

(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?

উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল।

(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?

উত্তৰঃ কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক দিব পাৰিব, সেই কাৰণে দুমাহৰ সময় বিচাৰিছিল।

(ছ) অৰণ্যত চিকাৰ কৰি থকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাই মাত বুজি পাই বুলি কৈ ৰাজাক কৈছিল।

(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?

উত্তৰঃ বীৰবলে কোৱা কথাখিনি হাড়ে-হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব।

(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?

উত্তৰঃ আকবৰে শেষত বীৰবলক কলে- “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল।”

৫। দলত আলোচনা কৰি উত্তৰ লিখা।
(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল?

উত্তৰঃ বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পোৱা নাছিল। দৰাচলতে বীৰবলে দেখিছিল যে, ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু-পক্ষী নিঃশেষ কৰিব ধৰিছে তেনেদৰে পশু-পক্ষী নিঃশেষ কৰি গৈ থাকিলে অৰণ্যবোৰ মৰিশালী লৈ ৰূপান্তৰ হবলৈ বেছি দিন নালাগে, সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল।

(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে?

উত্তৰঃ উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য় সাধন কৰিব পাৰিলে। 

৬। কোনে, কাক, কিয় কৈছিল?

(ক) ” কি কাৰণে সি বাৰু বুকু ডাঠি ক’ব পাৰিছে?”

উত্তৰঃ চৰাইকেইটাই পাতি থকা কথোপকথন খিনি শুনি যেতিয়া বীৰবলে আকবৰক কৈছিল যে আৰু দুমাহমান সময় অপেক্ষা কৰিলে চল্লিশ, পঞ্চাশখনতকৈয়ো অধিক জীৱ-জন্তুহীন অৰণ্য দিব পাৰিব বুলি কৈছে। তেতিয়া সম্ৰাট আকবৰে আচৰিত হৈ বীৰবলক উক্ত কথাষাৰ কৈছিল।

(খ) ”আমাৰ আজিৰ অৰণ্য় ভ্ৰমণ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্য়তে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল। গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।”

উত্তৰঃ উক্ত কথাষাৰ আকবৰে বীৰবলক কৈছিল। যেতিয়া আকবৰে চৰাইৰ মাত বুজি পোৱাৰ ভাওঁ জুৰি সম্ৰাট আকবৰক ফেঁচা দুটাৰ কাহিনীটো ৰসালকৈ কৈছিল তেতিয়া সেই কাহিনীটোৰ তাৎপৰ্য আকবৰে হাড়-হিমজুৰে বুজি পাইছিল। আৰু তেওঁ গমি পিতি চাই ভাবিলে যে এনেদৰে চিকাৰ কৰি থাকিলে অৰন্যত পশু-পক্ষী নোহোৱা হৈ থাকিব। সেয়ে আকবৰে বীৰবলক ক’লে-” আমাৰ আজিৰ অৰণ্য ভ্ৰমন বৰ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকীয়া হ’ল। গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।”

১১। বাক্য় ৰচনা কৰা।
কথা-চহকীঃ মানিক এজন বৰ কথা-চহকী মানুহ।

কথা চোবাঃ নিৰলাই ঘৰৰ কামবন নকৰি ঘৰে ঘৰে কথাা চোবাই ফুৰে।

কথা শুনঃ ডাঙৰৰ কথা শুনিব লাগে।

কথা ৰাখঃ ধিৰাজে মাক-দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে।

Answer by Himashri kakati