সবাতোকৈ আপোন । অধ্যায় ১ । Class 6 Assamese Lesson 1 Question and Answer Assam | SCERT Class 6 Assamese Chapter 1 Solution | Assamese Medium Class 6 Assamese Lesson 1 Answer | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১ সবাতোকৈ আপোন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সবাতোকৈ আপোন

৩। কোৱা আৰু লিখা-

(ক) কবিয়ে কাক সবাতোকৈ আপোন বুলি কাক কৈছিল?

উত্তৰঃ কবিয়ে মোৰ আই, মোৰ দেশ, মোৰ ভাষাক সবাতোকৈ আপোন বুলি কৈছে।

(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি ধুনীয়া ধৰণী, নগৰ গাওঁ, জান-জুৰি, আদিৰ কথা কৈছে।

(গ) কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কৈছে?

উত্তৰঃ কবিতাটিত অন্তৰৰ ভাৱ নিজৰ মুখেৰে প্ৰকাশ কৰা বুলি কৈছে।

(ঘ) কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?

উত্তৰঃ কবিয়ে নিজৰ মাক, নিজৰ মাতৃভূমি আৰু নিজৰ যোগেদি নিজৰ মাতৃভাষাৰ জগতখন চিনি পাবলৈ আশা কৰিছে।

(ঙ) সুবিশাল পৃথিৱীত কেনেকৈ, কাৰ সৈতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিে?

উত্তৰঃ সুবিশাল পৃথিৱীত কবিয়ে সকলোৰে সৈতে হাতে হাত ধৰি নিজৰ মাতৃভূমি, মাতৃভাষাৰ যোগেৰে খোজ দিবলৈ ইচ্ছা কৰিে।

৪। কবিতাটিৰ মূলভাৱ লিখা। 

উত্তৰঃ কবিতাটোত কবিয়ে নিজৰ আই, মাতৃভাষা আৰু নিজৰ জন্মভূমিখনক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰন আমি আইৰ কাৰনে জগত খন চিনি পালো। আইয়ে আমাক হাতত হাত ধৰি জীৱনত আগবাঢ়ি যাবলৈ শিকালে।জীৱনৰ শৈশৱ কালছোৱা আই কোলাতে পাৰ কৰিলো আৰু আইয়ে আমাক তুলি তালি অতি যতনেৰে ডাঙৰ দীঘল কৰিলে । সেয়েহে আই আমাৰ সবাতোকৈ আপোন। আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে- ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সেইফালৰ পৰা দেশখন আমাৰ বৰ আপোন। আৰু আমি মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰন হল- আমি আমাৰ মাতৃভাষাৰ পৰাই মনৰ ভাব প্ৰকাশ কৰিব পাৰো। সেয়েহে মাতৃভাষায়ো আমাৰ বাবে সবাতোকৈ আপোন।

৫। পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।

উত্তৰঃ 

আই – চিনাই

চহকী – চিনাকি

সুৰীয়া – কুমলীয়া

জগত – লগত

সুখ – দুখ

৬। নিৰ্দিষ্টতাবাচক প্ৰত্য়য় টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা-

তিৰোতা – তিৰোতাজনী।

ছাতি – ছাতিটো।

কেঁচুৱা – কেঁচুৱাটি।

ঘৰ – ঘৰখন।

কিতাপ – কিতাপখন।

ছোৱালী – ছোৱালীজনী।

ফুলনি – ফুলনিখন।

নৈ – নৈখনি।

পৰ্বত – পৰ্বতখন।

৭। বাক্য় ৰচনা কৰা-

শুৱনিঃ আমাৰ গাওঁখন বৰ শুৱনি

সুৰীয়াঃ ছোৱালীজনীৰ কণ্ঠ বৰ সুৰীয়া

ধুনীয়াঃ ৰীতা এজনী ধুনীয়া ছোৱালী।

চহকীঃ মৃণাল এজন চহকী মানুহ।

কুমলীয়াঃ ফুলজোপাৰ পাতবোৰ কুমলীয়া হৈ আছে।

সুবিশালঃ ব্ৰক্ষ্মপুত্ৰ এখন সুবিশাল নদী।

৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা-

উত্তৰঃ 

হ’ব – নহ’ব।

ধোওঁ – নোধোওঁ।

শুনা – নুশুনা।

কৰোঁ – নকৰোঁ।

খেলোঁ – নেখেলোঁ।

যাম – নাযাম।

দিম – নিদিম।

লিখোঁ – নিলিখোঁ।

১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

(ক) মই মোৰ আইক ভাল পাওঁ।

(খ) মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।

(গ) আমি আমাৰ স্বদেশকলৈ গৌৰৱ বোধ কৰোঁ।

১২) তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা।

(ক) মেলিলোঁ প্ৰথম চকু

তোমাৰ কোলাতে আই

জনমৰ আদিম পুৱাত;

উত্তৰঃ জন্মভূমিক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে।

(খ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ

মউসনা মিঠা মাতে পাহৰি ভাগৰ;

উত্তৰঃ আইক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে।

(গ) চিৰ চেনেহী মোৰ ভাষা জননী

উত্তৰঃ মাতৃভাষাক উদ্দেশ্য কৰি ৰচিত কৰা হৈছে।

(১৩) অসমৰ যিকোনো তিনিগৰাকী শিশু-সাহিত্যিকৰ নাম লিখা।

উত্তৰঃ অসমৰ তিনিগৰাকী শিশু-সাহিত্যিকৰ নাম হল-নৱকান্ত বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱা।


১৬। সাঁথৰ ভাঙা।
(ক) নাকত বহি

কাণত ধৰে

 এনে কি বস্তু

ভাল পায় নৰে ?
উত্তৰঃ চছমা।

(খ) ক আইটি টপৰাই, 
      কাঢ়ি নিলে বাঢ়ি যায়।

উত্তৰঃ  সূতা।
(গ) দি মৰিল কোন ?

উত্তৰঃ দধীচি।

(ঘ) নি মৰিল কোন ?

উত্তৰঃ ৰাৱন।

(ঙ) নিদি মৰিল কোন ?

উত্তৰঃ দুৰ্যোধন।
(চ) নকৈ মৰিল কোন?

উত্তৰঃ জয়মতী।

Ans by Himashri kakati