আনন্দৰাম বৰুৱা | অধ্যায় ৩ | Class 12 Assamese Lesson 3 Question and Answer | Higher Secondary 2nd Year Assamese Solution | HS 2nd Year Assamese Chapter 3 Notes and Suggestion | দ্বাদশ শ্ৰেণীৰ অসমীয়া অধ্যায় ৩ আনন্দৰাম বৰুৱা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ-৩

আনন্দৰাম বৰুৱা

অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নমৰ ঠাইত।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ৰ সংস্কৃক ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা ৷

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিদেশী পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম।

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ কৰ্ম আৰু সাধনা আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ। প্ৰাচ্য আৰু পাশ্চত্যৰ তেওঁ সমন্বয় সাধক। ভাৰতীয় আদৰ্শৰাজিক পাশ্চাত্যত সন্মিলিত আৰু জনপ্ৰিয় কৰি তুলিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও পশংসা বা মান বিছৰা নাছিল। তেওঁৰ অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা, পিতৃ-মাতৃ, স্বদেশ আৰু স্ব-জাতিৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু ভক্তি আদি গুনবোৰ সদায় অনুকৰন কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰামৰ সময়ত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। কাৰন সেই সময়ত পথ দুৰ্গম হোৱাৰ বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গলে জাতি হেৰুৱাৰ মানুহৰ মনত সম্পূৰ্ণ আছিল। গতিকে তেনে সময়ত পৃতি-মাতৃ, জাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সদূৰ ইউৰোপলৈ যাবলৈ ভাৰতৰ মানুহে সাহ কৰা নাছিল।

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

 উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি থকা অচল ভক্তিৰ বাবে আনন্দৰাম বৰুৱা বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানেকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল।

৪। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল – বুজাই লিখা ৷

উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ বৰুৱাৰ অগাধ ভক্তিভাৱ আছিল ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে ‘প্ৰাগজ্যোতিষপুৰসম্ভৱম’ বুলি পৰিচয় দিছে ৷ “মহাবীৰ চৰিত”ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই সময়ত মানুহ ইউৰোপলে নগৈছিল। কিন্তু সেই ভয়কো নেউচি অদম্য সাহস আৰু মনোবল থকাৰ ফলত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল। বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৰ্ৱযুগৰ আৰম্ভনি ঘটিল। তেওঁৰ মূল্যবান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰনে তেওঁ সদায় পূজনীয় হৈ ৰব।

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷

উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহে জন্মগ্ৰহন কৰে যিসকলে কৰ্ম আৰু আৰ্দশৰে জগতত কীৰ্তি ৰাখিবলৈ সক্ষম হৈছে। তেনে এজন ব্যক্তি হল আনন্দৰাম বৰুৱা। আন অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই সাধাৰণ ভাবে ডাঙৰ- দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ পৰিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ পাশ্চ্য আৰু পাশ্চত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সৃষ্টি হৈছে। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। ল’ৰা কালতে তেওঁ ভাওনা, অভিনয় আদি উৎসৱত যোগ দিওঁতে যেনে একমনা আছিল ঠিক সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই ‘অমৰকোষ’ গ্ৰন্থ খনি তেওঁ ল’ৰাকালতে কন্ঠস্থ কৰিব পাৰিছিল। তদুপৰি যি সময়ত মানুহে বিভিন্ন কাৰনত বিদেশলৈ যাবলৈ ভয় কৰিছিল, সেই সময়তে আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। একাগ্ৰতাৰ গুনতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হব পাৰিছিল। এই গুনেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷

২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হল-ধ্যৰ্য আৰু একাগ্ৰতা। আনন্দৰাম সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুনতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হব পাৰিছিল। এই গুনেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। ল’ৰাকালতে তেওঁ ভাওনা, অভিনয় আদি উৎসৱত যোগ দিওঁতে যেনে একমনা আছিল ঠিক সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই ‘অমৰকোষ’ গ্ৰন্থ খনি তেওঁ ল’ৰাকালতে কন্ঠস্থ কৰিব পৰিছিল।

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷’কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷’

উত্তৰঃ প্ৰসংগ-উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ”সাহিত্য সৌৰভৰ” অন্তৰ্গত কবি ”উপেন্দ্ৰ চন্দ্ৰ লেখাৰু” দেৱৰ দ্বাৰা ৰচিত ”আনন্দৰাম বৰুৱা” নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি-আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠাৰ কথা প্ৰকাশ কৰিবলৈ গৈ লেখকে কথাফাঁকিৰ আৱতাৰনা কৰিছে।

ব্যাখ্যা-কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ কোনো প্ৰশংসা বা মান বিচৰা নাছিল। ইয়ে প্ৰকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনত অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। প্ৰকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰেও বিস্ময় মানিছিল।

৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবে তেওঁৰ আজিৰ পৰা প্ৰায় ডেৰশ বছৰৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। যিখিনি সময়ত জাতি যোৱাৰ ভয়ত এচাম মানুহে ইউৰোপলৈ যাবলৈ ভয় কৰিছিল সেইখিনি সময়তে আনন্দৰাম বৰুৱাই শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত ভাষাত গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুন আছিল। যতেই সুবিধা পাইছিল তাতেই তেওঁ নিজ মাতৃভূমিৰ নাম উল্লেখ কৰিছিল। পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰি নিজৰ পৰিচয় দিছিল। তেওঁৰ এই মহৎ আৰ্দশৰাজি আমি গ্ৰহন কৰিব পাৰো।

৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷

উত্তৰঃ নিজ দেশত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল । এইসমূহৰ লগত পৰিচিত হব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল।কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে প্ৰাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আৰ্দশ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷

Jyotish Kakati