মাকণৰ চিঠি | Lesson 5 | Class 3 Assamese Chapter 5 Question and Answer | SCERT Class 3 Assamese Chapter 3 Solution | Class 3 Assamese Chapter 5 Answer |

👉 উত্তৰ দিয়া ।

১। (ক) মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল?

উত্তৰঃ মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত পাবলগীয়া টকা হিচাপ দিছিলে।

(খ) মিস্ত্ৰিজনে স্কুলত কি কাম কৰিছিল?

উত্তৰঃ মিস্ত্ৰিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।

(গ) প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে কি ভাবিলে?

উত্তৰঃ প্ৰধান শিক্ষক মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে ভাবিলে যে তায়ো মাকৰ কামত সহায় কৰিব আৰু বিনিময়ত তাই মাকৰ পৰা পইচা বিচাৰিব।

(ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিছাৰিছে ?

উত্তৰঃ কামবোৰৰ বাবে মাকৰ পৰা পইচা বিছাৰিছে।

২। (ক) স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?

উত্তৰঃ স্কুলৰ ছুটিৰ পিছত মাকণ ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি-ঢুকি সামৰি থ’লে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি অটালে। তাৰ পাছত মাকণ নিজৰ পঢ়া মেজলৈ গ’ল আৰু এখিলা কাগজত তাই কৰা কামৰ হিচাপ দিলে।

(খ) মাকে চিঠিত মাকণৰ বাবে কৰা কামৰ কি কি কামৰ হিচাপ দিছে?

উত্তৰঃ মাকে চিঠিত মাকণৰ বাবে কৰা কাম –

১।  তুলি তালি ডাঙৰ দীঘল কৰা 

২। কোপোৰ কানি ধুই দিয়া

৩। ভাত ৰান্ধি খোওৱা

৪।  বেমাৰত হলে টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰা

(গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?

উত্তৰঃ মাকৰ চিঠিখন পঢ়ি মাকণে চিঠি লিখাৰ নিয়মবোৰ শিকিলে । তাৰ উপৰিও মাক-দেউতাকে তাইৰ কাৰণে কিমান কষ্ট কৰে সেইবিষয়ো শিকিলে।

👉 চিঠি লিখোতে কালৈ কেনকৈ সম্বোধন কৰি লিখিবা?

উত্তৰঃ 

(ক) মাৰালৈ- পূজনীয়া অথবা শ্ৰদ্ধেয়া।

(খ) দেউতাৰালৈ – পূজনীয় অথবা শ্ৰদ্ধেয়।

(গ) সৰুলৈ – মৰমৰ।

(ঘ) বন্ধুলৈ – প্ৰিয়।

 👉 চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক’ত লিখিব লাগে?

উত্তৰঃ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।

 👉ঠিকনাত কি কি লিখিব লাগে ?

উত্তৰঃ ঠিকনাত নিজৰ নাম, গাওঁৰ বা নগৰ নাম, ডাকঘৰ, জিলা, পিন আদি লিখিব লাগে।

 👉 খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?

উত্তৰঃ খামৰ ওলোটা পিঠিত নিজৰ ঠিকনা লিখিব লাগে। 

 👉 চিঠি কেনেকৈ পঠিয়াব লাগে?

উত্তৰঃ দোকানৰ পৰা কিনি অনা খামত টিকট লগা হয় নাহে। এনে খামত ডাক-ঘৰৰ পৰা টিকট কিনি আনি আঠা লগাই চিঠি পঠিয়াব লাগে। 

👉উদাহৰণ পঢ়া। তেনেদৰে খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়োঁ আহা।

উত্তৰঃ 

উদাহৰণ- ____ৰণ-    স্মৰণ

স্ময়    বিস্ময়         বিস্মিত         স্মাৰক

প্ল        প্লাৱন        প্লাম             প্লেগ

শ্ৰূ       শুশ্ৰূষা      শুশ্ৰূষাকাৰিণী

Question Answer By Bhaskar