“জোনাকী’’ৰ জন্ম-কাহিনী | Chapter -2 | Class 7 Assamese Chapter 2 Question And Answer | Class 7 Assamese Chapter 2 Solution AJB |

“জোনাকী’’ৰ জন্ম-কাহিনী

পাঠ- ২

১) এটাকৈ বাক্যত উত্তৰ লিখাঁ:

ক) কটন কলেজ কোন চনত স্থাপন হৈছিল ?

উত্তৰঃ ১৯০১ চনত কটন কলেজ স্থাপন কৰা কৰা হৈছিল।

খ) কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক’ত ক’ত আছিল?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা আছিল তেতিয়াৰ কলকতা চহৰৰ ৩০ নং মুছলমান পাৰা লেনত, ৫০ আৰু ৬২ নং সীতাৰাম ঘোষ ষ্টীটত।

গ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন ?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা।

ঘ) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ক’ত আৰু কোন চনত অসমীয়া ছাএসকলে স্থাপন কৰিছিল ? ইয়াক চমুকৈ কি নাম দিয়া হৈছিল ?

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেজত বহা ‘টি পাৰ্টি’ এটাতে কলিকতাত অধ্যয়নৰ ছাত্ৰসকলে অসমীয়া ভাষা উন্নতি সাধিনী সভা স্থাপন কৰিছিল। ইয়াক চমুকৈ ‘অ.ভা.উ.সা.সভা’ বুলি নাম দিয়া হৈছিল।

ঙ) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম গৰাকী সম্পাদক কোন?

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম গৰাকী সমাপাদক হল শিবৰাম শৰ্মা বৰদলৈ।

চ) “জোনাকী” আলোচনীখন প্ৰকাশৰ ক্ষেএত কোনে বিশেষ উদ্যোগ গ্ৰহন কৰিছিল?

উত্তৰঃজোনাকী আলোচনী খন প্ৰকাশৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহন কৰিছিল সেইসময়ৰ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ ছাত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই।

ছ) “জোনাকী” যুগৰ এিমূ্তি কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিওগৰাকীকে একেলগে ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি জনা কোৱা হয়।

জ) চন্দ্ৰকুমাৰ আগৰৱালাই “জোনাকী’ৰ আগকথাত কি লিখিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই “জোনাকীৰ” আগকথাত লিখিছিল, “আমি যুঁজিবলৈ ওলাইঁছো আন্ধাৰৰ বিপক্ষে।উদ্দেশ্য, দেশৰ উন্নতি,জোনাক।”

ঝ) “জোনাকী” আলোচনীৰ প্ৰথম সম্পাদক কোন?

উত্তৰঃ “জোনাকী” আলোচনীৰ প্ৰথম সম্পাদক আছিল-চন্দ্ৰকুমাৰ আগৰৱালা।

২। ‘টি পাৰ্টি’ মানে কি ?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ মনত স্বদেশ-প্ৰীতি আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোেনো এটা মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল’ৰাবোৰৰ মাজত ৰং-ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়েও প্ৰায় কথা-বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে ‘টি পাৰ্টি’ নাম দিছিল।

৩) অ.ভা.উ.সা সভাৰ বিষয়ে চমুকৈ লিখাঁ?

উত্তৰঃ কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ মনত স্বদেশ-প্ৰীতি আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোেনো এটা মেছত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল’ৰাবোৰৰ মাজত ৰং-ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়েও প্ৰায় কথা-বতৰা চলিছিল। এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে ‘টি পাৰ্টি’ নাম দিছিল। ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেজত বহা ‘টি পাৰ্টি’ এটাতে কলিকতাত অধ্যয়নৰত ছাত্ৰসকলে ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ নামৰ এটি অনুষ্ঠান গঠন কৰিছিল। এই অনুষ্ঠানটোকে তেওঁলোকে চমুকৈ ‘অ.ভা.উ.সা. সভা’ নাম দিছিল।

৪) অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আচনিসমূহ কি কি?

উত্তৰঃ অ.ভা.উ.সা. সভাৰ উল্লেখযোগ্য আচনিসমূহ হল

(ক) ১৮৯১ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰে।

(ক) ৰাজকীয় কাৰ্যত অসমীয়া ভাষা বেছিকৈ চলাবৰ নিমিত্তে প্ৰাৰ্থনী কৰিসভাৰ কলিকতাৰ বাটক’ৰ্টৰ পঞ্জীয়কলৈ দৰ্খাস্ত কৰা।

(গ) সমসাময়িক বিশিষ্ট লেখক যেনে -গুণাভিৰাম বৰুৱা ,হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্দ্ধনা জনোৱা।

(ঘ) কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল পঢ়াৰ যত্ন কৰা।

(ঙ) কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা, আদি।

৫) জোনাকী আলোচনী প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল?

উত্তৰঃ ‘জোনাকী’ৰ আলোচনীত প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই ‘জোনাকী’ আৰু ‘বন কোৱৰী’ নামৰ দুটা পদ্য, লক্ষীনাথ বেজবৰুৱাই ‘লিতিকাই’ নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই ‘আনন্দৰাম বৰুৱাৰ জীৱনী’ আৰু কমলাকান্ত ভট্টাচাৰ্যই ‘জাতীয় উন্নতি’ নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি জোনাকীৰ আগকথা আৰু কেইটিমান সাথঁৰো প্ৰকাশ পাইছিল।

৬) প্ৰসংগ-সংগতি দশাই বাখ্যা কৰাঁ :

ক) আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি জোনাক।”

উত্তৰঃ প্ৰসংগ- উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ, অন্তৰ্গত ‘জোনাকী’ৰ জন্ম কাহিনী’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি- ১৮৮৯ চনত যেতিয়া কলিকতাৰপৰা ‘জোনাকী’ প্ৰকাশ হৈ ওলাইছিল তেতিয়া তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই এই কথাষাৰ জোনাকী’ৰ আগকথাত লিখিছিল।

ব্যাখ্যা- চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে বিশেষ ভাৱে সহায় সহযোগিতা আগবঢ়াইছিল হেমচন্দ্ৰ গোস্বামী আৰু লক্ষীনাথ বেজবৰুৱাই। এই তিনিওগৰাকীকে একেলগে জোনাক যোগৰ ত্ৰিমূৰ্তি বুলি আখ্যা দিয়া হৈছিল। ১৮৮৯ চনত যেতিয়া কলিকতাৰপৰা ‘জোনাকী’ প্ৰকাশ হৈ ওলাল, তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীৰ আগকথাত লিখিলে, আমি যুজিঁবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য, দেশৰ উন্নতি জোনাক।”

খ) “জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সুচনা হৈছিল বুলিব পাৰি।”

উত্তৰঃ প্ৰসংগ- উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ, অন্তৰ্গত ‘জোনাকী’ৰ জন্ম কাহিনী’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি- জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা হৈছিল বুলি কব পাৰি।

ব্যাখ্যা- জোনাকী আলোচনীৰ যোগেদি পিছপৰা অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে সকলো উঠি-পৰি লাগিছিল। কলিকতালৈ গৈ প্ৰচুৰ ইংৰাজী সাহিত্য অধ্যয়ন কৰি ছাত্ৰসকলে অসমীয়া সাহিত্যলৈও নতুন নতুন চিন্তা বোৱাই আনিছিল। ‘জোনাকী’য়ে কলিকতাৰ লগতে অসমৰ ঠায়ে ঠায়ে বহুলভাৱে প্ৰচাৰ লাভ কৰিছিল।

‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ‘জোনাকী’ৰ প্ৰথম সংখ্যাত চন্দকুমাৰ আগৰৱালাই ‘জোনাকী’ আৰু ‘বনকোৱৰী’ নামৰ দুটা পদ্য, লক্ষীনাথ বেজবৰুৱাই ‘লিতিকীাই’ নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই ‘আনন্দৰাম বৰুৱাৰ জীৱনী’ আৰু কমলাকান্ত ভট্টাচাৰ্যই ‘জাতীয় উন্নতি’ নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি জোনাকীৰ আত্মকথা আৰু কেইটামান সাঁথৰো ছপা হৈছিল।

৭) শিক্ষকৰ সহায়ত জানি লোৱা ।

ক) হেমচন্দ্ৰ গোস্বামী খ) চন্দকুমাৰ আগৰৱালা

গ) লক্ষ্মীনাথ বেজবৰুৱা ঘ) পদ্মনাথ গোহাঞি বৰুৱা

ঙ) ৰজনীকান্ত বৰদলৈ

৮) বিপৰীত শব্দ লিখাঁ

উচ্চ – নিম্ন।

স্বদেশ – বিদেশ।

অসীম – সসীম।

নতুন – পুৰণি।

গ্ৰহন – ত্য়াগ।

গধুৰ – পাতল।

পৰাধীন – স্বাধীন।

উচিত – অনুচিত।

উন্নতি – অনুন্নতি।

৯)বাক্য ৰচনা কৰাঁ :

পঢ়া-শুনা, ৰং-ধেমালি, ভাষা-সাহিত্য,কথা-বতৰা |

পঢ়া-শুনা— ল’ৰা-ছোৱালিয়ে পঢ়া-শুনা কৰিলেহে পৰীক্ষাত ভালকৈ উত্তীৰ্ন হব।

ৰং-ধেমালি– বহাগ বিহুত হাঁহি ফূৰ্তি ৰং-ধেমালি কৰে।

ভাষা-সাহিত্য়- শংকৰদেৱে ভাষা-সাহিত্য় ৰচনা কৰিছিল।

কথা-বতৰা— ককায়েক-ভায়েকৰ মাজত কথা- বতৰা চলিছে।

১০) একে অৰ্থ বুজোৱা শব্দ লিখাঁ :

প্ৰীতি – মৰম।

ঘাই – প্ৰধান।

যত্ন – আদৰ।

দৰ্খাস্ত – আবেদন।

সূচনা – প্ৰস্তাৱনা।

Answer by Himashri kakati